ETV Bharat / entertainment

Kareena Kapoor Diwali Bash: কৰীণাৰ পাৰ্টিত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিলে আলিয়া-ৰণবীৰে, পাৰ্টিত দেখা গ’ল এইসকল তাৰকাকো

শনিবাৰে কৰীণা কাপুৰ খান আৰু ছাইফ আলী খানৰ মুম্বাইৰ বাসগৃহত আয়োজন কৰা হয় দীপাৱলীৰ পাৰ্টিৰ ৷ য’ত উপস্থিত থাকে বহু তাৰকা ৷ চাওক ভিডিঅ’ ।

author img

By ETV Bharat Assamese Team

Published : Nov 12, 2023, 2:06 PM IST

Alia Bhatt arrives in red with Ranbir Kapoor for Kareena Kapoor Khan's Diwali bash
কৰীণা কাপুৰ খানৰ দীপাৱলী পাৰ্টি

চিটাৰা ডেস্ক, 12 নৱেম্বৰ: আজি দেশজুৰি উদযাপন কৰিছে পোহৰৰ উৎসৱ দীপাৱলী ৷ ইফালে বি-টাউনত বিগত কিছুদিনৰ পৰাই আৰম্ভ হৈছে দীপাৱলীৰ উদযাপন ৷ বি-টাউনৰ বহু চেলিব্ৰিটিয়ে আয়োজন কৰিছে দীপাৱলীৰ পাৰ্টিৰ ৷ য’ত উপস্থিত থকা দেখা গৈছে বহু তাৰকাক ৷ ফেশ্বন ডিজাইনাৰ মনীষ মালহোত্ৰা, অভিনেত্ৰী ছাৰা আলী খানৰ পিচত এইবাৰ দীপাৱলীৰ গ্ৰেণ্ড পাৰ্টিৰ আয়োজন কৰিছে কৰীণা কাপুৰ খানে ৷ দেওবাৰে নিশা কৰীণা কাপুৰ খান আৰু ছাইফ আলী খানৰ মুম্বাইৰ বাসগৃহত আয়োজন কৰা হয় দেৱালীৰ পাৰ্টি ৷ য’ত উপস্থিত থাকে বলীউডৰ বহু জনপ্ৰিয় অভিনেতা-অভিনেত্ৰী ।

বেবোৰ দীপাৱলী পাৰ্টিত অংশগ্ৰহণ কৰে ৰণবীৰ কাপুৰ, আলিয়া ভাট, ছাৰা আলী খানৰ লগতে বহু তাৰকাই

পাৰ্টিৰ আয়োজক কৰীণা কাপুৰ খানে ইনষ্টাগ্ৰাম ষ্ট’ৰীজত নিশাৰ বাবে পৰিধান কৰা সাজ-পোছাকৰ ছবি পোষ্ট কৰিছিল । পাৰ্টিৰ বাবে অভিনেত্ৰীগৰাকীয়ে হাফ স্লীভছ ব্লাউজৰ সৈতে ৰঙা শাৰী বাছি লৈছিল, য’ত অভিনেত্ৰীগৰাকীক খুব ধুনীয়া দেখা গৈছিল । লগতে তেওঁৰ স্বামী অভিনেতা ছাইফ আলী খানৰ সৈতে এখন ছবি পোষ্ট কৰে, ছাইফে পৰিধান কৰিছে ধুতি-কুৰ্তা চেট পৰিধান কৰিছিল ।

ইফালে বলীউডৰ মৰমলগা দম্পতী, আলিয়া ভাট আৰু ৰণবীৰ কাপুৰে দীপাৱলী পাৰ্টিত সকলোৰে দৃষ্টি আকৰ্ষণ কৰে । ৰঙা লেহেংগা-চোলি পৰিধান কৰা আলিয়াক অতিকৈয়ে ধুনীয়া দেখা গৈছিল । লগতে বগা পেণ্টৰ সৈতে ক’লা কুৰ্তা আৰু জেকেট পৰিধান কৰিছিল ৰণবীৰে ।

অনুষ্ঠানত পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰি ভাই-ভনী ছাৰা আলী খান আৰু ইব্ৰাহিম আলী খান উপস্থিত হয় । ছাৰাই বেঙুনীয়া ৰঙৰ ব্ৰকেড ছুট চেট পৰিধান কৰিছিল, আনহাতে ভাতৃ ইব্ৰাহিমে বগা পেণ্টৰ সৈতে ক’লা মুগাৰ জেকেট পৰিধান কৰিছিল ।

ইফালে নীতু কাপুৰে গোলাপী ৰঙৰ সাজ-পোছাক পৰিধান কৰিছিল । গোলাপী ৰঙৰ চুট পৰিধান কৰি দীপাৱলী উপলক্ষে পাপাৰাজীক শুভেচ্ছা জনাই অভিনেত্ৰীগৰাকীয়ে ।

প্ৰবীণ অভিনেত্ৰী তথা ছাইফৰ মাতৃ শৰ্মিলা ঠাকুৰে পাৰ্টিৰ শোভা বঢ়ায় । অভিনেত্ৰীগৰাকীয়ে পাৰ্টিৰ বাবে বাছি লৈছিল ধুনীয়া শাৰী, যিটো তেওঁ সুক্ষ্ম নেকপিছৰ সৈতে এক্সেচৰিজ কৰে ।

লগতে পঢ়ক: Diwali 2023: এনেদৰে দীপাৱলী উদযাপন কৰিলে বলীউডৰ তাৰকাসকলে; চাওক কোনগৰাকী তাৰকাই অনুৰাগীক জনালে শুভেচ্ছা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.