চিটাৰা ডেস্ক, ২৯ নৱেম্বৰ: ১২ নৱেম্বৰত উত্তৰকাশীত সংঘটিত হৈছিল এক ভয়াৱহ ঘটনা ৷ ছিল্কয়াৰা সুৰংগৰ কাম চলি থকা অৱস্থাতে সুৰংগৰ এটা অংশ ভাঙি পৰিছিল, যাৰ ফলত সুৰংগটোৰ ভিতৰত আৱদ্ধ হৈ পৰিছিল প্ৰায় ৪১ জন শ্ৰমিক । এই শ্ৰমিকসকলক উদ্ধাৰৰ বাবে দিনা নিশাই যৎপৰোনাস্তি চেষ্টা চলোৱা হৈছিল ৷ এতিয়া ১৭ দিনে এই সুৰংগত আবদ্ধ হৈ থকা শ্ৰমিকসকলক ৪০০ ঘণ্টীয়া সংগ্ৰামৰ অন্তত অৱশেষত ২৮ নৱেম্বৰত নিৰাপদে বাহিৰলৈ উলিয়াই অনা হয় । সুৰংগটোৰ পৰা শ্ৰমিকক উদ্ধাৰ কৰাৰ পিচতে সকলোৱে সকাহৰ হুমুনিয়াহ কাঢ়ে । একে সময়তে বলীউডৰ তাৰকাসকলেও এই সন্দৰ্ভত সুখ প্ৰকাশ কৰিছে ।
ছিল্কয়াৰা সুৰংগৰ পৰা শ্ৰমিকক উদ্ধাৰ সন্দৰ্ভত ছ’চিয়েল মিডিয়াত সুখ প্ৰকাশ কৰিছে অক্ষয় কুমাৰে । উদ্ধাৰকাৰী দলটোক প্ৰশংসা কৰি অভিনেতাগৰাকীয়ে কয় যে তেওঁ অতি গৌৰৱান্বিত । এক্সত পোষ্ট কৰি অক্ষয়ে লিখিছে - ‘‘আৱদ্ধ ৪১ জন লোকক উদ্ধাৰৰ কথা জানি মই সুখী আৰু সকাহ অনুভৱ কৰিছো । উদ্ধাৰকাৰী দলৰ প্ৰতিজন সদস্যলৈ প্ৰণাম । আপোনালোকে ডাঙৰ কাম কৰিছে । এয়া এখন নতুন ভাৰত আৰু আমি সকলোৱে অতি গৌৰৱ অনুভৱ কৰো । জয় হিন্দ ।’’
-
Am completely overwhelmed with happiness and relief to know of the rescue of 41 trapped men. A big salute to every member of the rescue team. Kamaal kar diya. This is a new India and we all feel so proud. Jai Hind. 👏🏻 🇮🇳 pic.twitter.com/xbBnI5vPpG
— Akshay Kumar (@akshaykumar) November 28, 2023 " class="align-text-top noRightClick twitterSection" data="
">Am completely overwhelmed with happiness and relief to know of the rescue of 41 trapped men. A big salute to every member of the rescue team. Kamaal kar diya. This is a new India and we all feel so proud. Jai Hind. 👏🏻 🇮🇳 pic.twitter.com/xbBnI5vPpG
— Akshay Kumar (@akshaykumar) November 28, 2023Am completely overwhelmed with happiness and relief to know of the rescue of 41 trapped men. A big salute to every member of the rescue team. Kamaal kar diya. This is a new India and we all feel so proud. Jai Hind. 👏🏻 🇮🇳 pic.twitter.com/xbBnI5vPpG
— Akshay Kumar (@akshaykumar) November 28, 2023
ৰিতেশ দেশমুখে উদ্ধাৰকাৰী দলটোৰ বিষয়ে ক’লে এই কথা
ৰিতেশ দেশমুখে এক্সত পোষ্ট শ্বেয়াৰ কৰি লিখিছে- ‘‘সাহসী ! যোৱা ১৭ দিন ধৰি আৱদ্ধ শ্ৰমিকসকলক উদ্ধাৰৰ বাবে দিনে নিশাই অক্লান্তভাৱে কাম কৰা আমাৰ উদ্ধাৰকাৰী দলটোক প্ৰণাম । পৰিয়াল আৰু দেশৰ প্ৰাৰ্থনাৰ উত্তৰ পোৱা গৈছে । গণপতি বাপ্পা মৰ্য়া ।’’
-
Bravo !!! Salute to our rescue team who have worked day & night tirelessly towards getting the workers out who were stuck for the last 17 days. Prayers of the families and the nation are being answered. Ganpati Bappa Morya #UttarakhandTunnelRescue #UttarkashiRescue pic.twitter.com/ZvsbB2idky
— Riteish Deshmukh (@Riteishd) November 28, 2023 " class="align-text-top noRightClick twitterSection" data="
">Bravo !!! Salute to our rescue team who have worked day & night tirelessly towards getting the workers out who were stuck for the last 17 days. Prayers of the families and the nation are being answered. Ganpati Bappa Morya #UttarakhandTunnelRescue #UttarkashiRescue pic.twitter.com/ZvsbB2idky
— Riteish Deshmukh (@Riteishd) November 28, 2023Bravo !!! Salute to our rescue team who have worked day & night tirelessly towards getting the workers out who were stuck for the last 17 days. Prayers of the families and the nation are being answered. Ganpati Bappa Morya #UttarakhandTunnelRescue #UttarkashiRescue pic.twitter.com/ZvsbB2idky
— Riteish Deshmukh (@Riteishd) November 28, 2023
জেকী শ্ৰফেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে
ইয়াৰ উপৰিও জেকী শ্ৰফে শ্ৰমিকসকলক উদ্ধাৰ কৰাত সুখ প্ৰকাশ কৰিছে । এক্সত পোষ্ট দি তেওঁ লিখিছে - উত্তৰকাশীৰ ছিল্কয়াৰা সুৰংগৰ পৰা ৪১ জন শ্ৰমিকৰ আটাইকেইজন উদ্ধাৰ কৰা হ’ল ।' NDRF, BRO, Indian Army, Indian Air Force, NHIDCL, SJVNL, THFCL, RVNL, ONGC, Coal India আদিকে ধৰি উদ্ধাৰ অভিযানৰ বাবে দিনে নিশাই কাম কৰা ২২ টা সংস্থাক ধন্যবাদ ।
-
All 41 workers rescued from the Silkyara Tunnel in Uttarkashi.
— Jackie Shroff (@bindasbhidu) November 28, 2023 " class="align-text-top noRightClick twitterSection" data="
Kudos to the 22 agencies which worked day and night for the rescue mission including NDRF, BRO, Indian Army, Indian Air Force, NHIDCL, SJVNL, THFCL, RVNL, ONGC, Coal India and others. 🇮🇳#UttarkashiRescue pic.twitter.com/DaPPdE9pdS
">All 41 workers rescued from the Silkyara Tunnel in Uttarkashi.
— Jackie Shroff (@bindasbhidu) November 28, 2023
Kudos to the 22 agencies which worked day and night for the rescue mission including NDRF, BRO, Indian Army, Indian Air Force, NHIDCL, SJVNL, THFCL, RVNL, ONGC, Coal India and others. 🇮🇳#UttarkashiRescue pic.twitter.com/DaPPdE9pdSAll 41 workers rescued from the Silkyara Tunnel in Uttarkashi.
— Jackie Shroff (@bindasbhidu) November 28, 2023
Kudos to the 22 agencies which worked day and night for the rescue mission including NDRF, BRO, Indian Army, Indian Air Force, NHIDCL, SJVNL, THFCL, RVNL, ONGC, Coal India and others. 🇮🇳#UttarkashiRescue pic.twitter.com/DaPPdE9pdS
একেদৰে অভিনেত্ৰী কংগনা ৰনৌতেও ইনষ্টাগ্ৰামত ষ্ট’ৰী শ্বেয়াৰ কৰি লিখিছে, "উদ্ধাৰ অভিযান সফল হ’ল । হৰ হৰ মহাদেৱ #UttarakhandTunnelRescue #UttarakhandTunnel।"
লগতে পঢ়ক: উত্তৰকাশী সুৰংগৰ পৰা মুকলি আকাশৰ তললৈ অহা শ্ৰমিকৰ লগত ফোনযোগে বাৰ্তালাপ প্ৰধানমন্ত্ৰী মোদীৰ