ETV Bharat / entertainment

Akshay Kumar: তামিল ছবি ছুৰাৰাই পট্ৰুৰ হিন্দী ৰিমেক ছবিখনৰ মুক্তিৰ তাৰিখ ঘোষণা

author img

By

Published : Mar 22, 2023, 1:09 PM IST

অক্ষয় কুমাৰ অভিনীত ছুৰাৰাই পট্ৰুৰ হিন্দী ৰিমেক ছবিখনৰ মুক্তিৰ তাৰিখ ঘোষণা (Soorarai Pottru) । ২০২৩ চনৰ ১ ছেপ্টেম্বৰত ছবিগৃহত মুক্তি লাভ কৰিব ছবিখনে ৷

Akshay Kumar announces release date of Hindi remake of Soorarai Pottru with first poster
ছুৰাৰাই পট্ৰুৰ হিন্দী ৰিমেক ছবিখনৰ মুক্তিৰ তাৰিখ ঘোষণা

চিটাৰা ডেস্ক, 22 মাৰ্চ: আহি আছে বলীউডৰ অভিনেতা অক্ষয় কুমাৰৰ নতুন ছবি (Akshay Kumar new movie) ৷ ছবিখনৰ নাম " প্ৰডাকচন নং ২৭" ৷ এই ছবিখন হৈছে অভিনেতা সূৰ্যৰ (South Superster Suriya) তামিল ভাষাৰ "ছুৰাৰাই পট্ট্ৰু"ৰ ছবিখনৰ ৰিমেক (Hindi remake of Soorarai Pottru) ৷ ইতিমধ্য়ে ছবিখনৰ মুক্তিৰ তাৰিখ ঘোষণা কৰা হৈছে । অভিনেতাগৰাকীয়ে নিজৰ ইনষ্টাগ্ৰাম একাউন্টত অনুৰাগীসকলৰ সৈতে শ্বেয়াৰ কৰিছে এই তথ্য ৷ তথ্য অনুসৰি ১ ছেপ্টেম্বৰত ছবিগৃহত মুক্তি লাভ কৰিব ছবিখনে (Production No 27) ।

ছবিখনৰ পোষ্টাৰ শ্বেয়াৰ কৰি অক্ষয়ে লিখিছে,"আমি টেক অফ কৰিবলৈ সাজু ! ২০২৩ চনৰ ১ ছেপ্টেম্বৰত প্ৰডাকচন নং ২৭ (Untitled) ছবিখন বিশ্বব্যাপী ছবিগৃহত মুক্তি লাভ কৰিব।" উল্লেখ্য যে, সুধা কংগৰাৰ পৰিচালনাত নিৰ্মিত এই ছবিখনত ৰাধিকা মদন আৰু পৰেশ ৰাৱালকো দেখা যাব । ইফালে মূল ছবিখনত দক্ষিণৰ ছুপাৰষ্টাৰ সূৰ্য, পৰেশ ৰাৱাল, আৰু অপৰ্ণা বালামুৰালিয়ে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল ৷ ছবিখন চিম্প্লিফাই ডেকানৰ প্ৰতিষ্ঠাপক কেপ্তেইন জি আৰ গোপীনাথৰ জীৱনৰ আধাৰত নিৰ্মিত হৈছিল ।

ছুৰাৰাই পট্ৰুৰ অফিচিয়েল হিন্দী ৰিমেক ছবিখন ২০২১ চনত মূল প্ৰযোজকসকলে নিশ্চিত কৰিছিল । ছবিখনৰ হিন্দী সংস্কৰণৰ মূল চৰিত্ৰত অভিনয় কৰিছে অক্ষয় কুমাৰ আৰু ৰাধিকা মদনে ৷ আনহাতে দক্ষিণৰ অভিনেতা সূৰ্যক কেমিঅ’ ৰূপত দেখা যাব ৷ যোৱা বছৰ ছুৰাৰাই পট্ৰু ছবিখনৰ বাবে দক্ষিণৰ জনপ্ৰিয় অভিনেতা সূৰিয়া আৰু অপৰ্ণাই ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল ।

অক্ষয় কয়, " মোৰ পৰিচালক #SudhaKongara, মোৰ ভাইটি @Suriya offl আৰু #AparrnaBalamurali লৈ আন্তৰিক অভিনন্দন । এনে এখন ক্লাছিক ছবিৰ হিন্দী সংস্কৰণৰ অংশ হ’বলৈ পোৱাটো অতিকৈ সৌভাগ্যৰ কথা ৷ "

ছবিখনৰ হিন্দী শিৰোনাম এতিয়াও ৰাজহুৱা হোৱা নাই । ইয়াৰ উপৰিও অক্ষয় কুমাৰক আগন্তুক ছবি হেৰা ফেৰী ৩ দেখা পোৱা যাব ৷ অভিনেতাগৰাকীয়ে ইতিমধ্যে পৰেশ ৰাৱাল আৰু সুনীল শ্বেট্টীৰ সৈতে চিত্ৰগ্ৰহণ আৰম্ভ কৰিছে । লগতে অ’ মাই গড ২ আৰু বড়ে মিয়া ছোটে মিয়া ছবিখনৰ বাবে দৃশ্য গ্ৰহণ চলি আছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: Mrs Chhatterjee Vs Norway: মিচেছ চেটাৰ্জী বনাম নৰৱে ছবিখনে নৰৱেৰ বক্স অফিচত পৰাস্ত কৰে পাঠানক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.