ETV Bharat / entertainment

শ্বুটিঙৰ সময়ত আহত অজয় ​​দেৱগন, এতিয়া কেনে আছে অভিনেতাজন ?

Ajay Devgn Injured During Singham Again Shooting: বলীউডৰ অভিনেতা অজয় ​​দেৱগনৰ বিষয়ে আহিছে এটা ডাঙৰ খবৰ ৷ শ্বুটিঙৰ সময়ত আঘাতপ্ৰাপ্ত হয় অজয় ​​দেৱগন । বৰ্তমান কেনে আছে অভিনেতাজন ?

author img

By ETV Bharat Assamese Team

Published : Dec 4, 2023, 11:51 AM IST

Ajay Devgn Injured during singham again shooting in Mumbai film city
অজয় দেৱগন আহত

চিটাৰা ডেস্ক, ৪ ডিচেম্বৰ: বলীউডৰ অন্যতম প্ৰতিভাৱান অভিনেতা অজয় ​​দেৱগন । বৰ্তমান অজয় ​​তেওঁৰ আগন্তুক ছবি ‘সিংঘম এগেইন’ৰ শ্বুটিঙত ব্যস্ত হৈ আছে । শেহতীয়াকৈ ছবিখনৰ এখন পোষ্টাৰ শ্বেয়াৰ কৰি অভিনেতাগৰাকীয়ে অনুৰাগীক ছবিখনত তেওঁৰ একচন ভৰ্তি অৱতাৰৰ লুক দেখুৱাইছিল । এই সকলোবোৰৰ মাজতে এতিয়া অজয় ​​দেৱগনৰ বিষয়ে আহিছে জড়িত এটা ডাঙৰ খবৰ । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ছবিখনৰ এটা দৃশ্য শ্বুটিঙৰ সময়তে অভিনেতাজন আঘাতপ্ৰাপ্ত হয় ।

‘সিংঘম এগেইন’ৰ শ্বুটিঙৰ সময়ত আহত অজয় ​​দেৱগন

সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি অজয় ​​দেৱগনে ৰোহিত শ্বেট্টী আৰু তেওঁৰ দলৰ সৈতে বিলে পাৰ্লেত দৃশ্যগ্ৰহণ কৰি আছিল । অজয় দেৱগনে কম্বেট ছিকুৱেন্সৰ শ্বুটিং কৰি থকা অৱস্থাত আহত হয় ৷ জানিব পৰা মতে অভিনেতাজনৰ মুখত খুন্দা লাগে, যাৰ ফলত আহত হয় ।

ইয়াৰ পিচতে অজয় ​​দেৱগনে কিছু ঘণ্টাৰ বাবে বিৰতি লয় আৰু চিকিৎসকৰ দ্বাৰা চিকিৎসা কৰে । অৱশ্যে ৰোহিতে কামত কোনো প্ৰভাৱ পৰিবলৈ নিদি বাকী দৃশ্যবোৰৰ শ্বুটিং অব্যাহত ৰাখে । ইয়াৰ পিচত অজয় ​​অলপ সুস্থ হৈ উঠাত আকৌ আৰম্ভ কৰে শ্বুটিং ।

সিংঘম এগেইন’ত মুখ্য চৰিত্ৰত অভিনয় কৰি অজয় ​​দেৱগনে

ৰোহিত শ্বেট্টীৰ আগন্তুক ছবি ‘সিংঘম এগেইন’ হৈছে সিংঘম ফ্ৰেঞ্চাইজিৰ তৃতীয় পাৰ্ট । ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে অজয় ​​দেৱগনে । ইয়াৰ উপৰি ছবিখনত গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা যাব অক্ষয় কুমাৰ, কৰীণা কাপুৰ খান, দীপিকা পাডুকন আৰু ৰণবীৰ সিঙকো । কেৱল ইমানেই নহয়, শিল্পা শ্বেট্টীক ডিচিপি অঞ্জলি শ্বেট্টীৰ চৰিত্ৰত আৰু টাইগাৰ শ্ৰফক ‘সিংঘম এগেইন’ত এচিপি সত্য পাণ্ডেৰ চৰিত্ৰত দেখা যাব । ৰ’ব কেৱল ইমানেই নহয় আৰু আছে, ছবিখনত সোনু ছুদ, প্ৰকাশ ৰাজ, ফাৰ্দিন খান, জেকী শ্ৰফ, ৰণবীৰ সিং আৰু সিদ্ধাৰ্থ জাধৱকো গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰা দেখা যাব । এই ছবিখন অহা বছৰ অৰ্থাৎ ২০২৪ চনত ডাঙৰ পৰ্দাত মুক্তি পাব।

লগতে পঢ়ক: বন্ধুৰ স্বাস্থ্যৰ বুজ ল’লে জনী লিভাৰে, চিকিৎসকে মেহমুদক দিলে ৪০ দিনৰ সময়সীমা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.