ETV Bharat / entertainment

Bastar: আহি আছে বিপুল অমৃতলাল শ্বাহ-সুদীপ্ত সেন বস্তৰ, সত্য কাহিনীৰ আধাৰত নিৰ্মাণ হ’ব ছবিখন

ব্লকবাষ্টাৰ ছবি দ্য কেৰালা ষ্ট’ৰীৰ পিচত পুনৰ সুদীপ্ত সেন আৰু বিপুল অমৃতলাল শ্বাহৰ সহযোগিতাত আহি আছে আন এখন সত্য কাহিনীৰ আধাৰত নিৰ্মিত ছবি ।

author img

By

Published : Jun 26, 2023, 1:49 PM IST

After The Kerala Story, Vipul Shah and Sudipto Sen announce Bastar based on 'true incident'
দ্য কেৰালা ষ্ট’ৰীৰ পিচত এতিয়া আহি আছে বস্তৰ

চিটাৰা ডেস্ক, 26 জুন: জনপ্ৰিয় চলচ্চিত্ৰ নিৰ্মাতা, প্ৰযোজক আৰু পৰিচালক, বিপুল অমৃতলাল শ্বাহে বহু হিট আৰু ব্লকবাষ্টাৰ ছবি নিৰ্মাণ কৰাৰ লগতে ভাৰতীয় ছবিক এক নতুন দিশো প্ৰদান কৰিছে । এই বৰ্ষত তেওঁৰ বাস্তৱ জীৱনৰ কাহিনীৰ আধাৰত নিৰ্মিত ছবি ‘দ্য কেৰালা ষ্ট’ৰী’ মুক্তি লাভ কৰিছে । সুদীপ্ত সেনৰ পৰিচালনাত এই ছবিখনে বক্স অফিচত অসাধাৰণ সফলতাৰে ভাৰতত 200 কোটিৰো অধিক টকা উপাৰ্জন কৰিছে । এতিয়া এই যুটিটো আকৌ আহি আছে বাস্তৱ জীৱনৰ আধাৰত নিৰ্মিত আন এখন ছবিলৈ ৷

এই ছবিখনত পুনৰ একেলগে দেখা যাব এই যুটিটোক

‘দ্য কেৰালা ষ্ট’ৰী’ৰ এই জনপ্ৰিয় পৰিচালক-প্ৰযোজক যুটিটোৱে পুনৰবাৰ এখন ছবি নিৰ্মাণ কৰিবলৈ গৈ আছে ৷ ছবিখনৰ শিৰোনাম হৈছে ‘বস্তৰ’ । এখন পোষ্টাৰৰ জৰিয়তে এই কথা ঘোষণা কৰিছে মেকাৰে ৷ য’ত আমি দেখিবলৈ পাওঁ যে এক শান্তিপূৰ্ণ পৰিৱেশৰ মাজত ছবিখনৰ শিৰোনামটো ৰঙা ৰঙেৰে লিখা হৈছে ৷

ইফালে পোষ্টাৰখন মুকলি কৰাৰ লগে লগে ই জনসাধাৰণৰ মাজতো এক কৌতুহলৰ সৃষ্টি কৰিছে। এতিয়া দৰ্শকে এই ছবিখনৰ বিষয়ে আৰু অধিক জানিব বিচাৰিছে । ছবিখনৰ বিষয়ে বিশেষ কথা প্ৰকাশ নকৰিলেও কোৱা হৈছে যে বিপুল অমৰুতলাল শ্বাহৰ আগন্তুক ছবিখন হ’ব বক্স অফিচত আন এক জোকাৰণি ৷ এইখন ছবি আন এক সঁচা ঘটনাৰ পৰা অনুপ্ৰাণিত হ’ব । ছবিখনৰ শিৰোনাম ঘোষণা পোষ্টাৰখনেও এই কথাৰ সাক্ষ্য দিয়ে য’ত লিখা আছে, "লুকুৱাই ৰখা এনে সত্য, যিয়ে দেশত আন এক ধুমুহাৰ সৃষ্টি কৰিব ৷ "

বিপুল শ্বাহে নিৰ্মাণ কৰিছে এই শ্ৰেষ্ঠ ছবিসমূহ

‘আংখে’, হলিডে, ফৰ্চ, কমাণ্ডো, ‘ৱাক্ত’, ‘নমস্তে লণ্ডন’, ‘সিং ইজ কিং’, ‘দ্য কেৰালা ষ্ট’ৰী’, সনক, ব্লকবাষ্টাৰ ৱেব শ্ব’ হিউমেনৰ দৰে আদি ছবিৰ ফিল্মগ্ৰাফীৰ বাবে জনপ্ৰিয় বিপুল অমৃতলাল শ্বাহ। কেৱল এয়াই নহয়, বিপুল অমৃতলাল শ্বাহ এজন দূৰদৰ্শী আৰু সেয়াও তেওঁৰ ফিল্মগ্ৰাফীৰ পৰা স্পষ্টকৈ দেখা যায় ।

‘বস্তৰ’ ছবিখন ৫ এপ্ৰিল ২০২৪ তাৰিখে মুক্তি পাব ৷ এই ছবিখনৰ ষ্টাৰকাষ্টৰ বিষয়ে জানিবলৈ আগ্ৰহী দৰ্শক ৷

লগতে পঢ়ক: Rajpal Yadav: প্ৰসৱৰ সময়ত মৃত্যু হৈছিল ৰাজপাল যাদৱৰ প্ৰথম পত্নীৰ, তাৰ পিচত কেনেকৈ সলনি হ’ল জীৱন ক’লে ৰাজপালে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.