ETV Bharat / entertainment

সুশান্তৰ মৃত্যুৰ দুবছৰৰ পিছত কাৰ আগমণ ঘটিল ৰিয়া চক্ৰৱৰ্তীৰ জীৱনলৈ

author img

By

Published : Dec 9, 2022, 1:48 PM IST

প্ৰেমিক সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছত পুনৰ প্ৰেমত পৰিছে নেকি ৰিয়া চক্ৰৱৰ্তী ? এইবাৰ ৰিয়াৰ নাম সাঙোৰ খাইছে ছলমান খানৰ সৈতে প্ৰত্যক্ষ সম্পৰ্ক থকা এজন ব্যক্তিৰ সৈতে ।

Sushant Singh Rajput
সুশান্তৰ মৃত্যুৰ দুবছৰৰ পিছত কাৰ আগমণ ঘটিল ৰিয়া চক্ৰৱৰ্তীৰ জীৱনলৈ

চিটাৰা ডেস্ক, 8 ডিচেম্বৰ : পুনৰ চৰ্চালৈ আহিছে প্ৰয়াত সুশান্ত সিং ৰাজপুতৰ প্ৰেমিকা ৰিয়া চক্ৰৱৰ্তী ৷ সুশান্তৰ মৃত্যুৰ দুবছৰৰ পিছত কাৰোবাৰ আগমণ ঘটিছে ৰিয়াৰ জীৱনলৈ ৷ এই খবৰ বিয়পি পৰাৰ পিছৰে পৰা সৰৱ চৰ্চা চলিছে বলীউডত ৷ ৰিয়াৰ লগত নাম জড়িত হৈ পৰা এই ব্যক্তিজন সাধাৰণ মানুহ নহয় ৷ বলীউড চুপাৰষ্টাৰ ছলমান খানৰ সৈতে আছে তেওঁৰ প্ৰত্যক্ষ সম্পৰ্ক ।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি বাণ্টী সাজদেহৰ লগত ৰিয়াৰ নাম জড়িত হৈ পৰিছে । কোন এই বাণ্টী সাজদেহ ? আপোনালোকক জনাওঁ, বাণ্টী সাজদেহ হৈছে স্প’ৰ্টছ মেনেজমেণ্ট কোম্পানীৰ মালিক (Rhea Chakraborty dating with Bunty Sajdeh) । কেৱল এয়াই নহয়, ছলমান খানৰ সৈতে তেওঁৰ প্ৰত্যক্ষ সম্পৰ্ক আছে । আচলতে বাণ্টী সাজদেহ অভিনেতা ছলমান খানৰ কনিষ্ঠ ভাতৃ চোহেইল খানৰ প্ৰাক্তন পত্নী সীমা সাজদেহৰ ভাতৃ । পাৰস্পৰিক সন্মতিৰ মাজেৰে চোহেইল আৰু সীমাৰ বিবাহ বিচ্ছেদ হয় ।

প্ৰাক্তন প্ৰেমিক সুশান্ত সিং ৰাজপুতৰ ৰহস্যজনক মৃত্যুৰ দুবছৰৰ পাছত ৰিয়াৰ নাম সাঙোৰ খাইছে কোনোবা পুৰুষৰ লগত । তথ্য অনুসৰি ৰিয়াৰ কঠিন সময়ছোৱাত বাণ্টীয়ে ৰিয়াক সকলো পিনৰে পৰাই সহায় কৰিছিল ৷ তাৎপৰ্যপূৰ্ণভাৱে যেতিয়া ৰিয়া সুশান্তৰ আত্মহত্যাৰ গোচৰৰ সৈতে জড়িত আছিল, তেতিয়া বাণ্টীৰ টেলেণ্ট মেনেজমেণ্ট কোম্পানীয়ে ৰিয়াৰ সকলো পেছাদাৰী প্ৰতিশ্ৰুতি চম্ভালিছিল । কিন্তু ৰিয়া আৰু বাণ্টীয়ে এতিয়ালৈকে নিজৰ সম্পৰ্ক সন্দৰ্ভত একো মত দিয়া নাই ।

বাণ্টী স্প’ৰ্টছ মেনেজমেণ্ট কোম্পানীৰ চিইঅ’ । বাণ্টীৰ কোম্পানীটোৰ মূল কাম হৈছে ক্ৰীড়াৰ সৈতে জড়িত লোকসকলৰ পেছাদাৰী প্ৰতিশ্ৰুতিসমূহ চম্ভালা আৰু পৰিচালনা কৰা । বাণ্টীৰ ক্লায়েণ্টত তাৰকা ক্ৰিকেটাৰ বিৰাট কোহলী আৰু ৰোহিত শৰ্মাৰ দৰে প্ৰবীণ খেলুৱৈৰ নামো অন্তৰ্ভুক্ত হৈ আছে । কেৱল এয়াই নহয়, বাণ্টীৰ নিজাকৈ এটা টেলেণ্ট মেনেজমেণ্ট কোম্পানীও আছে । বহু ষ্টাৰ পাৰ্টীতো দেখা গৈছে বাণ্টীক । ৰিয়াৰ আগতে সুষ্মিতা সেন আৰু সোনাক্ষী সিনহাৰ লগত বাণ্টীৰ নাম সাঙোৰ খাইছিল ।

লগতে পঢ়ক : ৰাধিকা আপ্তেৰ শেহতীয়া ফটোশ্বুটৰ ফটো চাওক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.