ETV Bharat / entertainment

Adipurush : আদিপুৰুষৰ বাবেই এই স্থানসমূহত নিষিদ্ধ হ’ল হিন্দী ছবি - অভিনেত্ৰী কৃতি সেনন

প্ৰভাসৰ অভিনীত ছবি আদিপুৰুষত দুৰ্বলত সংলাপৰ বাবে সমগ্ৰ দেশতে সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ ৷ একে সময়তে নেপালৰ কাঠমাণ্ডু আৰু পোখাৰাত ছবিখনৰ সন্দৰ্ভত লোৱা হৈছে এক ডাঙৰ সিদ্ধান্ত ৷

After Kathmandu, Nepal's Pokhara bans all Indian films amid Adipurush dialogue row
আদিপুৰুষৰ বাবে কাঠমাণ্ডু-পোখৰাত নিষিদ্ধ হ’ল হিন্দী ছবি
author img

By

Published : Jun 19, 2023, 9:28 PM IST

চিটাৰা ডেস্ক, 19 জুন: দক্ষিণৰ তাৰকা প্ৰভাস আৰু বলীউডৰ অভিনেত্ৰী কৃতি সেননৰ অভিনীত ছবি ‘আদিপুৰুষ’ মুক্তিৰ পিচতে সোমাই পৰিছে বিতৰ্কৰ আৱৰ্তত ৷ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা চলচ্চিত্ৰ নিৰ্মাতাগৰাকীক সমালোচনা কৰা দেখা পোৱা গৈছে ৷ ছবিখনত আটাইতকৈ ডাঙৰ বিতৰ্ক হৈছে ৰাম আৰু হনুমানক লৈ চিত্ৰগ্ৰহণ কৰা আপত্তিজনক সংলাপক লৈ । কেৱল দেশতে নহয় নেপালতো আদিপুৰুষ ছবিখনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত হৈছে । প্ৰথমে কাঠমাণ্ডুত আৰু এতিয়া নেপালৰ পোখৰাত বলীউডৰ ছবি অনিৰ্দিষ্টকাললৈ নিষিদ্ধ কৰা হৈছে।

  • " class="align-text-top noRightClick twitterSection" data="">

নেপালৰ পোখৰা চহৰতো সংলাপ বিতৰ্কৰ বাবে আদিপুৰুষক নিষিদ্ধ কৰা হৈছে। যোৱা দেওবাৰে পোখৰাৰ মেয়ৰে এই ঘোষণা কৰিছিল । সোমবাৰে পুৱাৰে পৰা পোখৰাৰ আটাইকেইটা ছবিগৃহত বলীউডৰ কোনো ছবি প্ৰদৰ্শিত নহ’ব বুলি ঘোষণা কৰে মেয়ৰগৰাকীয়ে ।

ইয়াৰ পূৰ্বে দেওবাৰে সন্ধিয়া নেপালৰ ৰাজধানী কাঠমাণ্ডুৰ মেয়ৰ বলেন্দ্ৰ শ্বাহে মহানগৰীত বলীউডৰ ছবি নিষিদ্ধ কৰিছিল। কাঠমাণ্ডুৰ পিচত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি পোখৰাতো বলীউডৰ ছবিৰ ওপৰত নিষেধাজ্ঞা ঘোষণা কৰা হৈছে । পোখৰাৰ মেয়ৰ ধনৰাজ আচাৰ্যই থিয়েটাৰৰ মালিকসকললৈ পত্ৰ প্ৰেৰণ কৰি বলীউডৰ চিনেমা তাৎক্ষণিকভাৱে বন্ধ কৰিবলৈ আহ্বান জনায় ।

যিহেতু এই নিৰ্দেশ দুয়োখন মহানগৰতে জাৰি কৰা হৈছে, সেয়েহে এই নিৰ্দেশনা কাৰ্যকৰী কৰি বলীউডৰ ছবি চলোৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। একে সময়তে আদিপুৰুষ আৰু অন্যান্য হিন্দী চলচ্চিত্ৰ প্ৰদৰ্শনীৰ পৰা আঁতৰাই সেই ঠাইত নেপালী আৰু হলিউডৰ ছবি প্ৰদৰ্শন কৰা হৈছে ।

কোনটো সংলাপৰ বাবে নেপালত বিতৰ্কৰ সৃষ্টি হৈছে ?

উল্লেখ্য যে, ছবিখনত সীতাক ভাৰতৰ কন্যা বুলি অভিহিত কৰাৰ পিচত নেপাল বিচলিত হৈ পৰিছে ৷ নেপালে দাবী কৰিছে যে সীতাৰ জন্মস্থান নেপালত আৰু সীতা নেপালৰ কন্যা । এনে পৰিস্থিতিত ছবিখনক লৈ আৰু অধিক বিতৰ্ক সৃষ্টি হোৱাৰ পূৰ্বেই এই সংলাপ ছবিখনৰ পৰা আঁতৰাই পুনৰ নেপালত মুক্তি দিয়া হৈছিল ছবিখন ।

লগতে পঢ়ক : Adipurush Controversy: আদিপুৰুষৰ বিবাদ সন্দৰ্ভত কি ক’লে মনোজ মুন্টাশ্বিৰৰ পিতৃ-মাতৃয়ে, চাও আহক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.