ETV Bharat / entertainment

Adipurush Trailer out : আহি গ’ল প্ৰভাসৰ অভিনীত ছবি আদিপুৰুষৰ ট্ৰেইলাৰ

প্ৰভাস, কৃতি সেনন আৰু ছাইফ আলী খানৰ অভিনীত ছবি আদিপুৰুষৰ ট্ৰেইলাৰ মুকলি (Adipurush Trailer out now) ৷

Adipurush Trailer out now
আদিপুৰুষৰ ট্ৰেইলাৰ মুকলি
author img

By

Published : May 9, 2023, 2:12 PM IST

চিটাৰা ডেস্ক,মে’: মঙলবাৰে অৰ্থাৎ আজি মুক্তি লাভ কৰিলে দক্ষিণ ছবিজগতৰ ছুপাৰষ্টাৰ প্ৰভাসৰ অভিনীত ছবি ‘আদিপুৰুষ’ৰ ট্ৰেইলাৰ (Adipurush Trailer out now) ৷ প্ৰভাস (Prabhas) , কৃতি সেনন (Kriti Sanon) আৰু ছাইফ আলী খানৰ (Saif Ali khan) অভিনীত ছবিখনৰ ঘোষণাৰ পিচৰে ইটোৰ পিচত সিটো বিতৰ্কই আগুৰি ধৰিছিল ছবিখনক ৷ বিতৰ্কৰ মাজতে এতিয়া মুক্তি লাভ কৰিলে ছবিখনৰ ট্ৰেইলাৰ ৷

এই ছবিখনত দক্ষিণৰ অভিনেতা প্ৰভাসে অভিনয় কৰিছে ৰামৰ চৰিত্ৰত, কৃতি সেননে সীতাৰ, ছানী সিং লক্ষ্মণ, ভগৱান হনুমানৰ চৰিত্ৰত অভিনয় কৰিছে দেৱদত্ত নাগে, ছাইফ আলী খানে অভিনয় কৰিছে ৰাৱণৰ চৰিত্ৰত (Adipurush controversy)। শেহতীয়াকৈ ছবিখনৰ পৰিচালক ওম ৰাউতে ‘আদিপুৰুষ’ৰ নতুন পোষ্টাৰ শ্বেয়াৰ কৰিছিল ৷

পোষ্টাৰ শ্বেয়াৰ কৰি পৰিচালকগৰাকীয়ে কেপচন লিখিছিল, ‘ৰামৰ ভক্ত আৰু ৰামকথাৰ প্ৰাণ, জয় পৱনপুত্ৰ হনুমান’। উল্লেখ্য যে, ২০২৩ চনৰ ১৬ জুনত ছবিগৃহত মুক্তি পাব আদিপুৰুষ (Adipurush release date)।

টি-ছিৰিজৰ অফিচিয়েল ইউটিউব চেনেলত নিৰ্মাতাই মুকলি কৰিলে আদিপুৰুষৰ ট্ৰেইলাৰ । ইফালে, আজি মুম্বাইৰ পিভিআৰ জুহুত প্ৰভাস, কৃতি, ওম ৰাউত, ভূষণ কুমাৰ আৰু মনোজ মুন্টাশ্বিৰৰ উপস্থিতিত অনুষ্ঠিত হৈ যায় অন গ্ৰাউণ্ড লঞ্চ ।

  • " class="align-text-top noRightClick twitterSection" data="">

কি কি ভাষাত মুক্তি লাভ কৰিব আদিপুৰুষ ?

হিন্দী, তামিল, তেলেগু, কানাড়া আৰু মালয়ালম ভাষাত ছবিগৃহত মুক্তি লাভ কৰিব প্ৰভাস আৰু কৃতি সেননৰ অভিনীত ছবি আদিপুৰুষ ।

আদিপুৰষ ছবিখনৰ বিষয়ে কিছু কথা

আদিপুৰুষ মহাকাব্য ৰামায়ণৰ পৰা অনুপ্ৰাণিত ছবি । ওম ৰাউতৰ পৰিচালনাত আৰু টি ছিৰিজ ফিল্মছ আৰু ৰেট্ৰ’ফাইলছৰ প্ৰযোজনাত নিৰ্মিত কৰা হৈছে ছবিখন ৷ ৫০০ কোটি টকাৰ বাজেটত নিৰ্মিত আদিপুৰুষ এতিয়ালৈকে নিৰ্মিত ভাৰতীয় ছবিসমূহৰ ভিতৰত অন্যতম ।

ছবিখন প্ৰথমে ২০২৩ চনৰ ১২ জানুৱাৰীত ছবিগৃহত মুক্তি পোৱাৰ কথা আছিল । ইয়াৰ পূৰ্বে ২০২২ চনৰ ১১ আগষ্টত মুক্তি পোৱাৰ কথা আছিল যদিও পিছলৈ লাল সিং চাড্ডাৰ মুক্তিৰ বাবে ইয়াক পিছুৱাই দিয়া হয় । এতিয়া ২০২৩ চনৰ ১৬ জুনত ছবিগৃহত মুক্তি পাব আদিপুৰুষ ৷

লগতে পঢ়ক : Adipurush New Poster : হনুমান জয়ন্তীৰ দিনা মুকলি কৰিলে আদিপুৰুষৰ নতুন পোষ্টাৰ, ধ্যানমগ্ন দেখা গ’ল ৰাম ভক্তক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.