ETV Bharat / entertainment

Adipurush Viral Video: ছবিগৃহত আদিপুৰুষ চাবলৈ আহিল হনুমান জী, ছবিগৃহৰ পৰা ভাইৰেল হ’ল ভিডিঅ’

author img

By

Published : Jun 16, 2023, 12:49 PM IST

প্ৰভাস আৰু কৃতি সেননৰ অভিনীত ছবি আদিপুৰুষ দেশৰ লগতে বিশ্বৰ ছবিগৃহত মুক্তি লাভ কৰিছে । প্ৰতিখন থিয়েটাৰতে ভগৱান হনুমানৰ বাবে এখন আসন সংৰক্ষণ কৰি ৰখা হৈছে ৷ শেহতীয়া ছবিগৃহৰ পৰা এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ৷ য’ত বান্দৰক ছবিখন উপভোগ কৰি থকা দেখা গৈছে ৷

Adipurush Release, a seat reserved for bajrangbali, watch
আদিপুৰুষ চাবলৈ ছবিগৃহত আগমন ঘটিল হনুমানৰ

চিটাৰা ডেস্ক, 16 জুন: বাহুবলী তাৰকা প্ৰভাস আৰু কৃতি সেননৰ অভিনীত ছবি আদিপুৰুষ ১৬ জুনত অৰ্থাৎ আজি সমগ্ৰ দেশৰ লগতে বিশ্বৰ ১০ হাজাৰৰো অধিক পৰ্দাত মুক্তি লাভ কৰিছে । ওম ৰাউটৰ পৰিচালনাত নিৰ্মিত আদিপুৰুষ ছবিখনে দৰ্শকৰ পৰা মিশ্ৰিত সঁহাৰি লাভ কৰিছে । বৃহস্পতিবাৰে নিশা পৰিয়ালৰ সৈতে কৃতি সেননে ছবিখন প্ৰদৰ্শন কৰে । আদিপুৰুষৰ বাবে ১.৫ লাখৰো অধিক বিনামূলীয়া টিকট বিতৰণ কৰাৰ লগতে প্ৰতিখন থিয়েটাৰতে ভগৱান হনুমানৰ বাবে এখন আসন সংৰক্ষণ কৰি ৰখা হৈছে ।

একে সময়তে ছবিখন মুক্তি পোৱাৰ পিচত ছবিগৃহৰ পৰা দুটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে । এই ভিডিঅ’টোত ভগৱান হনুমানৰ মূৰ্তি থিয়েটাৰৰ প্ৰথম আসনত ৰখা হৈছে আৰু আনটো ভিডিঅ’ত দেখা গৈছে যে ছবিগৃহত এটা বান্দৰে আদিপুৰুষ ছবিখন উপভোগ কৰি আছিল ।

আই এম ৰশ্মিকা নামৰ টুইটাৰ ব্যৱহাৰকাৰীগৰাকীয়ে এই ভিডিঅ’টো শ্বেয়াৰ কৰিছে । এই ভিডিঅ’টোত দেখা গৈছে যে আদিপুৰুষ ছবিখন এখন থিয়েটাৰত দৰ্শনী হৈ আছিল আৰু ছবিখন চলি থাকোতেই এটা বান্দৰে খোলা খিৰিকীৰে ছবিখন চাই আছিল । একে সময়তে থিয়েটাৰত বহি থকা দৰ্শকে বান্দৰটোক নিজৰ সংৰক্ষিত আসনত আহি ছবিখন চাবলৈ কৈ থকাও পৰিলক্ষিত হৈছে ।

এই ভিডিঅ’টো শ্বেয়াৰ কৰাৰ পিচত কেপচনত ব্যৱহাৰকাৰীগৰাকীয়ে লিখিছে, হনুমান জীয়ে ছবিখন চাই আছে, জয় শ্ৰী ৰাম, ওম ৰাউট আৰু প্ৰভাছে কৈছিল যে হনুমান জীৰ বাবে এখন আসন সংৰক্ষণ কৰি ৰখা হৈছে, চাওক ভগৱান হনুমানে নিজেই ছবিখন উপভোগ কৰিবলৈ আহিছে, জয় শ্ৰী ৰাম '।

উল্লেখ্য যে আদিপুৰুষ ছবিখন পৰিচালনা কৰিছে ওম ৰাউটে। এই ছবিখনত হনুমানৰ চৰিত্ৰত অভিনয় কৰিছে অভিনেতা দেৱদত্ত নাগে । তেওঁৰ উপৰিও অভিনেতা ছানী সিঙে ছবিখনত লক্ষ্মণৰ চৰিত্ৰত অভিনয় কৰিছে। এই ছবিখনৰ বাজেট প্ৰায় 500 কোটি আৰু এই ছবিখন দেশৰ আটাইতকৈ ব্যয়বহুল ছবি । অৱশ্যে এই ছবিখনৰ বাজেট সন্দৰ্ভত নিৰ্মাতাসকলে কোনো আনুষ্ঠানিক তথ্য দিয়া নাই।

লগতে পঢ়ক: Adipurush: ছবিগৃহত ফুলেৰে সজাই তোলা হৈছে ভগৱান হনুমানৰ আসন, ছ’চিয়েল মিডিয়াত ভাইৰেল ফটো

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.