ETV Bharat / entertainment

Adipurush Free Tickets : সঁচাকৈ বিনামূলীয়া হ’ব নেকি আদিপুৰুষৰ টিকট ? ক’ত উপলব্ধ হ’ব এই টিকট ? - বিনামূলীয়া হ’ব আদিপুৰুষৰ টিকট

১৬ জুনত মুক্তি পাবলগীয়া বাহুবলী তাৰকা প্ৰভাসৰ বহু প্ৰত্যাশিত ছবি আদিপুৰুষৰ টিকট বিনামূলীয়াকৈ উপলব্ধ হ’ব (Adipurush Free Tickets)। যদি আপুনিও আদিপুৰুষ বিনামূলীয়াকৈ চাব বিচাৰে, এই প্ৰতিবেদনত জানি লওক।

Adipurush Free Tickets : Karthikeya 2 producer to give 10,000 free tickets across Telangana
বিনামূলীয়া হ’ব আদিপুৰুষৰ টিকট
author img

By

Published : Jun 8, 2023, 12:17 PM IST

চিটাৰা ডেস্ক, 8 জুন: অহা ১৬ জুনত মুক্তি পাব দক্ষিণ ছুপাৰষ্টাৰ প্ৰভাস আৰু বলীউডৰ পৰম সুন্দৰী অভিনেত্ৰী কৃতি সেননৰ অভিনীত বহু প্ৰত্যাশিত ছবি ‘আদিপুৰুষ’। আদিপুৰুষৰ মুক্তিক লৈ প্ৰভাসৰ অনুৰাগীৰ মাজত ব্যাপক উন্মাদনা সৃষ্টি হৈছে । এই উন্মাদনা দেখা গ’ল অলপতে তিৰুপতিত ছবিখনৰ প্ৰি-ৰিলিজ ইভেণ্টৰ সময়ত। আদিপুৰুষৰ সমগ্ৰ দলটোৱে অংশগ্ৰহণ কৰে এই ইভেন্টত ৷ প্ৰভাস-কৃতিয়ে আদিপুৰুষ ছবিখনৰ চূড়ান্ত ট্ৰেইলাৰ উন্মোচন কৰে তিৰুপতিত ।

শেহতীয়াকৈ আদিপুৰুষক লৈ অনুৰাগীৰ বাবে আহিছে এটা ভাল খবৰ । বিনামূলীয়া হ’ব আদিপুৰুষ ছবিখনৰ টিকট ৷ বিনামূলীয়াকৈ বিতৰণ কৰা হ’ব ছবিখনৰ টিকট (Adipurush Free Tickets)। হিন্দী, তামিল, তেলেগু, মালয়ালম আৰু কানাড়া ভাষাত মুক্তি পাব পান ইণ্ডিয়াৰ ছবি ‘আদিপুৰুষ’।

কেনেকৈ উপলব্ধ হ’ব এই বিনামূলীয়া টিকট ?

৫০০ কোটি টকাৰ বাজেটত নিৰ্মিত আদিপুৰুষ ছবিখনক ব্ৰেণ্ডিং কৰা হৈছে। এতিয়া এই ছবিখনৰ বিনামূলীয়া টিকট বিতৰণ কৰা হ’ব । উল্লেখ্য যে, দক্ষিণৰ ছবি দ্য কাশ্মীৰ ফাইলছ আৰু কাৰ্তিকেয়া-২ ৰ প্ৰযোজক অভিষেক আগৰৱালে সমগ্ৰ তেলেংগানাত আদিপুৰুষ ছবিৰ দহ হাজাৰ বিনামূলীয়া টিকট বিতৰণ কৰাৰ কথা ঘোষণা কৰিছে। এই টিকটসমূহ তেলেংগানাৰ চৰকাৰী বিদ্যালয়, অনাথ আশ্ৰম আৰু বৃদ্ধাশ্ৰমত বিতৰণ কৰা হ’ব । এই সন্দৰ্ভত প্ৰযোজকগৰাকীয়েও টুইট কৰিছে ।

  • #Adipurush is a once in a lifetime movie which needs to be celebrated by one and all.

    Out of my devotion for Lord Shree Ram, I have decided to give 10,000+ tickets to the Government schools, Orphanages & Old Age Homes across Telangana for free.

    Fill the Google form with your… pic.twitter.com/1PbqpW9Eh6

    — Abhishek Agarwal 🇮🇳 (@AbhishekOfficl) June 7, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

প্ৰযোজকৰ ঘোষণা

প্ৰযোজকগৰাকীয়ে টুইট কৰি লিখিছে, আদিপুৰুষ জীৱনত এবাৰ পোৱা ছবি, আমি এই ছবিখনক উদযাপন কৰাটো প্ৰয়োজন । সেয়ে তেলেংগানাৰ চৰকাৰী বিদ্যালয়, অনাথ আশ্ৰম আৰু বৃদ্ধাশ্ৰমলৈ বিনামূলীয়া টিকট দিয়াৰ কথা ঘোষণা কৰিছো।

ইয়াৰ বাবে https://bit.ly/CelebratingAdipurush Let the chants of #JaiShreeRam reverberate in all directions (sic) ।" গুগলৰ এই লিংকটোত গৈ বিনামূলীয়াকৈ টিকট ল’ব পাৰিব।

লগতে পঢ়ক: Prabhas Wedding : ‘বাহুবলীৰ বিয়া’, কোন হ’ব দক্ষিণৰ ছুপাৰষ্টাৰ প্ৰভাসৰ কইনা, জানো কইনা কোন ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.