ETV Bharat / entertainment

Adipurush box office collection day 3: আদিপুৰুষে মুক্তিৰ তিনিদিনতে গঢ়িলে এই অভিলেখ, ভংগ কৰিলে পাঠানকে ধৰি এই ছবিবোৰৰ অভিলেখ

প্ৰভাস-কৃতি সেননৰ অভিনীত ছবি আদিপুৰুষে নেতিবাচক সমালোচনাৰ পিচতো বক্স অফিচত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে ৷ এই ছবিখনে বহু ছবিৰ অভিলেখ ভংগ কৰিছে ।

author img

By

Published : Jun 19, 2023, 1:13 PM IST

Adipurush box office collection day 3: Prabhas' film breaches Rs 300 cr club in first weekend
আদিপুৰুষে মুক্তিৰ তিনিদিনতে ৰচিলে ইতিহাস

চিটাৰা ডেস্ক, 19 জুন: ২০২৩ চনৰ আটাইতকৈ প্ৰত্যাশিত ছবি ‘আদিপুৰুষ’ ১৬ জুনত মুক্তি লাভ কৰিছে ছবিগৃহত । মহাকাব্য ৰামায়ণৰ অভিযোজন ছবিখনে দৰ্শকৰ পৰা মিশ্ৰিত সঁহাৰি লাভ কৰিছে। কিন্তু ছবিখনৰ বেয়া ভিএফএক্স আৰু সংলাপৰ বাবে যথেষ্ট ট্ৰ’ল কৰা হৈছে যদিও ছবিখনত কৃতি আৰু প্ৰভাসৰ অভিনয়ক প্ৰশংসা কৰা হৈছে । এই সকলোবোৰৰ মাজতে ছবিখনে বক্স অফিচত এক বৃহৎ সংকলন লাভ কৰাৰ লগতে বহু অভিলেখো ভংগ কৰিছে ।

মুক্তিৰ তিনিদিনতে বহু অভিলেখ ভংগ কৰিলে আদিপুৰুষে

  • বিতৰ্কিত ছবিখনে ছ’চিয়েল মিডিয়াত যথেষ্ট নেতিবাচক সমালোচনা লাভ কৰিছিল । ইয়াৰ পিচতো এই ছবিখনে বক্স অফিচত গঢ়িছে অভিলেখ । ইয়াৰ লগে লগে মুক্তিৰ তিনিদিনৰ ভিতৰতে আদিপুৰুষে বহু ছবিৰ অভিলেখ ভংগ কৰিছে ।
  • আদিপুৰুষে প্ৰথম দিনাই বিশ্বজুৰি ১৪০ কোটি টকা উপাৰ্জন কৰিছিল । ইয়াৰ লগে লগে এই ছবিখনে বলীউডৰ বহু ছবিৰ অভিলেখ ভংগ কৰিছে ।
  • প্ৰথম দিনাই বক্স অফিচত ৮৫ কোটিৰো অধিক উপাৰ্জন কৰি প্ৰথম দিনাই সৰ্বাধিক সংগ্ৰহৰ অভিলেখ অৰ্জন কৰিছিল আদিপুৰুষে।
  • শ্বাহৰুখ খানৰ অভিনীত ছবি ‘পাঠান’ৰ তিনিদিনীয়া সংগ্ৰহৰ অভিলেখ ভংগ কৰি এতিয়া বলীউডৰ সৰ্বাধিক উপাৰ্জনকাৰী ছবি হিচাপে পৰিগণিত হৈছে ‘আদিপুৰুষ’।
  • ‘আদিপুৰুষ’ মুক্তিৰ তিনিদিনত ২০০ কোটিৰো অধিক উপাৰ্জন কৰাৰ বিপৰীতে মুক্তিৰ প্ৰথম তিনিদিনতে পাঠানে ১৬৬.৭৫ কোটি টকাৰ ব্যৱসায় কৰিছিল।
  • আদিপুৰুষে তিনিদিনত বিশ্বব্যাপী বক্স অফিচত ৩০০ কোটি টকা উপাৰ্জন কৰি ইতিহাস ৰচিছে ৷
  • যোৱা বছৰ মুক্তি পোৱা ৰণবীৰ কাপুৰৰ অভিনীত ছবি ‘ব্ৰহ্মাস্ত্ৰ’ৰ অভিলেখো ভংগ কৰিছে আদিপুৰুষে প্ৰথম দিনাই সুদৰ্শন উপাৰ্জন কৰি।

ওম ৰাউটৰ নিৰ্দেশনাত তৈয়াৰ হৈছে আদিপুৰুষ

ওম ৰাউটৰ পৰিচালনাত নিৰ্মিত ‘আদিপুৰুষ’ ছবিখন মহাকাব্য ৰামায়ণৰ আধাৰত নিৰ্মাণ কৰা হৈছে। ছবিখনত প্ৰভাছে ভগৱান ৰামৰ চৰিত্ৰত অভিনয় কৰাৰ বিপৰীতে কৃতি সেননে জানকীৰ চৰিত্ৰত অভিনয় কৰিছে আৰু ছানী সিঙে লক্ষ্মণৰ চৰিত্ৰত অভিনয় কৰিছে। ছবিখনত লংকেশৰ চৰিত্ৰত দেখা গৈছে ছাইফ আলী খানক। অনাগত দিনত এই ছবিখনে বহু অভিলেখ ভংগ কৰাৰ সম্ভাৱনা আছে।

লগতে পঢ়ক: Protest Against Adipurush: আদিপুৰুষ ছবিখনৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিবলৈ ছত্তীশগড়ত উত্তাল প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.