চিটাৰা ডেস্ক, 21 আগষ্ট: বলীউডৰ ড্ৰামা কুইন ৰূপে খ্যাত ৰাখী সাৱন্ত প্ৰায়ে নিজৰ ব্যক্তিগত কাৰণত ছ’চিয়েল মিডিয়াত চৰ্চাত থাকে ৷ বিগত সময়ত আদিল খানৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱাক লৈ প্ৰায়ে বাতৰিৰ শিৰোনাম দখল কৰিছিল ৰাখীয়ে ৷ প্ৰথমে বিবাহৰ বাবে চৰ্চা, তাৰ পিচত ৰাখীয়ে স্বামী আদিল দুৰানীৰ ওপৰত ঘৰুৱা হিংসাৰ দৰে বহু গুৰুতৰ অভিযোগ উত্থাপন কৰি চৰ্চা লাভ কৰিছিল । ইয়াৰ পিচতে আৰক্ষীয়ে ফেব্ৰুৱাৰী মাহত আদিলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰে ।
ইয়াৰ পিচত ৰাখীয়ে কেইবাবাৰো পাপাৰাজীৰ সৈতে আদিলৰ বিশ্বাসঘাতকতাৰ কথা শ্বেয়াৰ কৰিছিল ৷ এতিয়া প্ৰায় ছমাহৰ মূৰত জেলৰ পৰা ওলাই আহিছে আদিল খান । ইফালে আদিলক মুম্বাইত পাপাৰাজীয়ে প্ৰত্যক্ষ কৰে । ইয়াৰ মাজতে ৰাখী সাৱন্তে উত্থাপন কৰা সকলো অভিযোগ উদঙাই দিয়াৰ কথা ক’লে আদিলে । ইয়াৰ লগে লগে তেওঁ কয় যে তেওঁ অতি সোনকালে এটা ডাঙৰ কথা প্ৰকাশ কৰিব ।
মোৰ লগত বহুত বেয়া হৈছে - আদিল
পাপাৰাজীৰ সন্মুখত নিজৰ দুখ প্ৰকাশ কৰি আদিল খানে কয় যে তেওঁৰ লগত অন্যায় হৈছে। আদিলে কয়, “মোৰ লগত বহুত বেয়া হৈছে। কিছুদিনৰ পাছত সংবাদমেল পাতি সকলো তথ্য শ্বেয়াৰ কৰিম । এতিয়া কোনোবাই আহি মোক জেললৈ পঠিয়াই পাব্লিচিটি ল’ব নোৱাৰিব । কিয়, কি আৰু কি কাৰণে মোৰ লগত এয়া হ’ল সকলো ক’ম । মোৰ পক্ষৰ গোটেই কাহিনী ৰাইজৰ সন্মুখত লৈ আহিম । মোক কেনেকৈ ফ্ৰেম কৰা হৈছিল মই সকলো ক’ম । ৰাখীৰ লগতে আন কিছু লোকো জড়িত হৈ আছে । মোৰ সুনামৰ কি হ’ল সকলোৱে গম পাব ৷ কোটি টকা মোক দিব লাগিব নে মোৰ পৰা পাব সেয়াও ক’ম ৷ ’’
আদিলৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল ৰাখীয়ে
উল্লেখ্য যে ৰাখী সাৱন্তে আদিল খানৰ বিৰুদ্ধে প্ৰতাৰণা, ঘৰুৱা হিংসা, গহনা চুৰি আদি কেইবাটাও অভিযোগ উত্থাপন কৰিছিল । সংবাদ মাধ্যমৰ সন্মুখত তেওঁ আদিলক প্ৰতাৰক আখ্যা দিছিল । আনকি ৰাখীয়ে কৈছিল যে আদিলে তেওঁক হেঁচা প্ৰয়োগ কৰিছিল বিবাহৰ বিষয়ে লুকুৱাই ৰাখিবলৈ । একে সময়তে ২০২৩ চনৰ ১২ ফেব্ৰুৱাৰীত মহীশূৰ থানাত আদিলৰ বিৰুদ্ধে এগৰাকী ইৰাণী মহিলাই ধৰ্ষণৰ গোচৰ ৰুজু কৰিছিল । তাৎপৰ্যপূৰ্ণ কথাটো হ’ল, ৰাখী সাৱন্তে আদিলক বিয়া কৰাবলৈ সলনি কৰিছিল নিজৰ ধৰ্ম আৰু নাম ৷ নাম ৰাখিছিল ফাতিমা ।