ETV Bharat / entertainment

Tanushree Dutta: ৰাখীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ তনুশ্ৰী দত্তৰ, কিন্তু কিয় ?

author img

By ETV Bharat Assamese Team

Published : Oct 13, 2023, 11:54 AM IST

ৰাখী সাৱন্তৰ বিৰুদ্ধে আৰক্ষী থানাত এফআইআৰ দাখিল কৰিছে তনুশ্ৰী দত্তই । অভিনেত্ৰীগৰাকীয়ে কয় যে ৰাখীৰ বাবেই তেওঁৰ ভাবমূৰ্তিৰ বহু ক্ষতি হৈছে ।

Actress Tanushree Dutta files an FIR against Rakhi Sawant
ৰাখীৰ বিৰুদ্ধে এফআইআৰ দাখিল তনুশ্ৰী দত্তৰ

চিটাৰা ডেস্ক, 13 অক্টোবৰ: বলীউডৰ অভিনেত্ৰী তনুশ্ৰী দত্ত আৰু ড্ৰামা কুইন ৰাখী সাৱন্তৰ মাজত বিবাদ দিনক দিনে বৃদ্ধি পাইছে ৷ দুয়োৱে ইগৰাকীয়ে সিগৰাকীৰ বিৰুদ্ধে বহু অভিযোগ উত্থাপন কৰিছে । কিন্তু এই বিবাদে এতিয়া লৈছে এক নতুন মোৰ ৷ পূৰ্বে এই বিবাদ আছিল মৌখিক ৷ কিন্তু এতিয়া আইনী প্ৰক্ৰিয়া লৈ গতি কৰিছে এই বিবাদ ৷ তনুশ্ৰী দত্তই ৰাখীৰ বিৰুদ্ধে অশিৱাৰা থানাত দাখিল কৰিছে এফআইআৰ ।

ৰাখী সাৱন্তৰ বিৰুদ্ধে তনুশ্ৰী দত্তৰ এফআইআৰ

তনুশ্ৰী দত্তই এই সন্দৰ্ভত সংবাদ মাধ্যমত কয়, "২০১৮ চনত মি টু মুভমেন্টৰ সময়ত হোৱা মানসিক হাৰাশাস্তিৰ বাবে ৰাখী সাৱন্তৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰিবলৈ আহিছো । বহু কাৰণৰ ভিত্তিত এফআইআৰত বহু দণ্ডবিধি সংযোজন কৰা হৈছে । ৰাখীয়ে মোৰ বিৰুদ্ধে দিয়া প্ৰতিটো বক্তব্যৰ ৰেকৰ্ড আমি বনাইছো । এইবাৰ ৰাখীক ৰেহাই দিয়া নহ’ব । এতিয়া প্ৰক্ৰিয়া আৰম্ভ হৈছে, আৰক্ষীয়ে অতি সোনকালে ব্যৱস্থা ল’ব ।”

কেনেকৈ আৰম্ভ হৈছিল তনুশ্ৰী-ৰাখীৰ মাজত বিবাদ ?

এই সকলো বিবাদ ক’ৰ পৰা আৰু কেনেকৈ আৰম্ভ হৈছিল তনুশ্ৰীয়ে শ্বেয়াৰ কৰিছিল । তনুশ্ৰীয়ে কয়, "দৰাচলতে ‘হৰ্ণ অ’কে প্লিজ’ ছবিখনত প্ৰথমে তেওঁলোকে ৰাখীক কাষ্ট কৰিছিল ৷ কিন্তু তাৰ পিচত ৰাখীক ছবিখনৰ পৰা আঁতৰাই মোক ছবিখনত অন্তৰ্ভুক্ত কৰিছিল আৰু তাৰ পিচত নানা পাটেকাৰৰ সৈতে হোৱা বিতৰ্কৰ বাবে তেওঁলোকে পুনৰ ৰাখীক ঘূৰাই লৈছিল ছবিখনত । গতিকে এইটো পদক্ষেপ আছিল পৰিকল্পিত । মোৰ নাম ব্যৱহাৰ কৰি ছবিখনৰ প্ৰচাৰ কৰা হৈছিল । তেওঁলোকে মোৰ সকলো চেক বাউন্স কৰিছিল । এই সকলোবোৰ পৰিকল্পিত আছিল আৰু ৰাখীও ইয়াৰ এটা অংশ আছিল ।"

ৰাখীৰ বাবেই তনুশ্ৰী মানসিকভাৱে আঘাতপ্ৰাপ্ত হৈছিল

তনুশ্ৰীয়ে নিজৰ মানসিক অশান্তিৰ সন্দৰ্ভত কয়, "ৰাখীৰ বাবেই মই বহুত আবেগিক আৰু মানসিক শাস্তিৰ মাজেৰে পাৰ হৈছো । ৰাখীয়ে মোৰ বিষয়ে ইমান ভয়ংকৰ কথা কৈছিল । মই সহ্য কৰিব নোৱাৰিলোঁ । ৰাখীৰ হাতত লাইমলাইটত থকাৰ বাবে প্ৰতি বছৰেই কিবা নহয় কিবা বিষয় থাকে ৷ ৰাখীয়ে মোৰ সুনাম নষ্ট কৰিছে । ৰাখীয়ে মোৰ ব্যক্তিগত জীৱনত আক্ৰমণ কৰিছে, তাইৰ বাবেই মই বিবাহপাশত আৱদ্ধ হ’ব নোৱাৰিলোঁ । ৰাখীয়ে মোক বহুদিন হাৰাশাস্তি কৰি থাকিল ।"

ৰাখীৰ বিৰুদ্ধে কিয় পলমকৈ ব্যৱস্থা গ্ৰহণ কৰিলে তনুশ্ৰীয়ে ?

এফআইআৰ দাখিল কৰিবলৈ ইমান দীঘলীয়া সময় কিয় লৈছে এই কথা সোধাত অভিনেত্ৰীগৰাকীয়ে কয়, "মই ইতিমধ্যে সাৰ পাইছো ৷ ২০০৮ আৰু ২০১৮ চনতো নানা পাটেকাৰৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছিলোঁ । ৰাখীয়ে ২০১৮ চনত তাইৰ সস্তীয়া ভিডিঅ' আৰু মোৰ বিৰুদ্ধে অভিযোগৰ বাবে মোক ইমান দুৰ্বল কৰি তুলিছিল যে মই ইয়াৰ বিৰুদ্ধে মাত মাতিবলৈ অক্ষম হৈ পৰিছিলো । এতিয়া যেতিয়া মই ঘূৰি আহিছোঁ আৰু মোৰ ওচৰত আইনীভাৱে কামবোৰ কৰাৰ সময় আছে ৷ এতিয়া মই নিশ্চিত কৰিম যে ৰাখীয়ে মোৰ সৈতে কৰা কামৰ বাবে শাস্তি লাভ কৰক । মই স্বীকাৰ কৰোঁ যে আগতে মই ৰাখীৰ আক্ৰমণৰ সৈতে মোকাবিলা কৰিব পৰা নাছিলো, কিন্তু এতিয়া মই জয়ী হ’ম ।’’

সেই ভিডিঅ’বোৰ চোৱাৰ পিচত নিজৰ পৰিস্থিতিৰ কেনেকুৱা হৈছিল এই কথা কওঁতে তনুশ্ৰীয়ে কয়, "কেইদিনমান আগতে সেই ভিডিঅ’বোৰ চাই মই কান্দিছিলোঁ । ইণ্ডাষ্ট্ৰীত মোৰ ইমেজ সম্পূৰ্ণৰূপে নষ্ট কৰি পেলাইছিল আৰু তেওঁলোকৰ ভুৱা অভিযোগৰ বাবেই মই কাম বিচাৰি আমেৰিকালৈ যাবলৈ বাধ্য হৈছিলো ৷ মই বিচাৰো যে মানুহে চকু মেলি ৰাখীৰ দৰে মানুহৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক । মোৰ কেৰিয়াৰ অতি ভালকৈ চলি আছিল ৷ কিন্তু ৰাখীয়ে মোৰ কেৰিয়াৰ সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলাইছিল ।’’

লগতে পঢ়ক: Rakhi Sawant Biopic: নিজৰ বায়’পিক নিৰ্মাণ কৰিবলৈ এই গৰাকী পৰিচালকক অনুৰোধ জনালে ৰাখী সাৱন্তে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.