ETV Bharat / entertainment

গোপনে প্ৰেমিক শান্তনুৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ল নেকি শ্ৰুতি হাছান ? অৰীয়ে প্ৰকাশ কৰিলে এই কথা

author img

By ETV Bharat Assamese Team

Published : Dec 26, 2023, 4:56 PM IST

Shruti Haasan: প্ৰায়ে বহু অনুষ্ঠানত প্ৰেমিক শান্তনু হাজৰিকাৰ সৈতে হাতে হাত ধৰি থকা দেখা যায় শ্ৰুতি হাছানক । অৱশ্যে এতিয়া খবৰ আহিছে যে অভিনেত্ৰীগৰাকীয়ে গোপনে প্ৰেমিকক বিয়া কৰাইছে । সবিশেষ জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

Actress Shruti haasan secretly married with Shantanu hazarika, Secret revealed by Orry
শান্তনুৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ল শ্ৰুতি হাছান !

চিটাৰা ডেস্ক, ২৬ ডিচেম্বৰ: ছবিৰ উপৰিও প্ৰেম জীৱনৰ বাবে প্ৰায়ে বাতৰিৰ শিৰোনামত থাকে অভিনেত্ৰী শ্ৰুতি হাছান। দীৰ্ঘদিন ধৰি অসম সন্তান তথা শিল্পী শান্তনু হাজৰিকাৰ সৈতে সম্পৰ্কত আছে অভিনেত্ৰীগৰাকী । প্ৰায়ে দুয়োকে সকলো অনুষ্ঠান প্ৰতিষ্ঠানত একেলগে দেখা যায় । দুয়ো দীৰ্ঘদিন ধৰি লিভ ইন ৰিলেচনশ্বিপত আছে । অৱশ্যে এতিয়া খবৰ পোৱা গৈছে যে শ্ৰুতিয়ে গোপনে প্ৰেমিকৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছে । দৰাচলতে অলপতে অৰহান অৱত্ৰামান ওৰফে অৰীয়ে শান্তনুক অভিনেত্ৰীগৰাকীৰ স্বামী বুলি অভিহিত কৰিছে । তাৰ পিচতেই ছ’চিয়েল মিডিয়াত খবৰ বিয়পি পৰে যে দুয়ো গোপনে বিবাহপাশত আৱদ্ধ হৈছে ৷ কিন্তু কিমান দূৰ সঁচা এই খবৰ ? সবিশেষ জানো আহক এই প্ৰতিবেদনত ৷

অৰীয়ে সুধিছিল এইটো প্ৰশ্ন

আচলতে শেহতীয়াকৈ অৰীয়ে ইনষ্টাগ্ৰামত AskMe চেচন কৰিছিল । এই সময়ছোৱাত এজন ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে অৰীক সুধিছিল, ‘‘আপোনাৰ সৈতে ফটো ক্লিক কৰাত এটিটিউড দেখুওৱা কোনো চেলিব্ৰিটি আছেনে ? নাম ল’ব নিবিচাৰে যদি মাত্ৰ এটা ইংগিত দিয়ক ।’’ অৱশ্যে কোনো সংকোচ নকৰাকৈয়ে অৰীয়ে এই প্ৰশ্নৰ প্ৰত্যক্ষ উত্তৰ দি শ্ৰুতি হাছানৰ নাম লয় ।

অৰীয়ে শান্তনুক ক’লে শ্ৰুতিৰ স্বামী

অৰীয়ে ক’লে, ‘‘মই তেওঁক কেতিয়াও মোৰ সৈতে প'জ দিবলৈ কোৱা নাছিলো । কাৰণ তেওঁ মোক এটা অনুষ্ঠানত বৰ বেয়া ব্যৱহাৰ কৰিছিল আৰু ময়ো তেওঁক সন্মান নকৰো । সেই সময়ত মোৰ বৰ বেয়া লাগিছিল । হয়তো কিছু ভুল বুজাবুজি হৈছিল, যদিও মই তেওঁৰ স্বামীৰ লগত বহুত ভাল ব্যৱহাৰ কৰিছিলোঁ আৰু তেওঁকো প্ৰশংসা কৰিছিলোঁ । অৱশ্যে সময়ৰ লগে লগে এইবোৰ ঠিক হৈ যাব ।’’ অৰীৰ এই মন্তব্যৰ পিচতে ছ’চিয়েল মিডিয়াত দুয়োৰে বিবাহৰ খবৰ বিয়পি পৰে ৷ কিন্তু বিবাহৰ সন্দৰ্ভত শ্ৰুতি হাছান কিম্বা শান্তনু হাজৰিকাই কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই ৷

বিবাহ সন্দৰ্ভত শ্ৰুতিয়ে দিছিল এনে বক্তব্য

অৰীৰ এই বক্তব্যৰ পিচত এতিয়া ছ’চিয়েল মিডিয়াত শ্ৰুতিক লৈ চৰ্চা আৰম্ভ হৈছে । উল্লেখ্য যে, কিছুদিনৰ আগতে অভিনেত্ৰীগৰাকীয়ে কৈছিল যে তেওঁৰ বিয়াৰ কোনো পৰিকল্পনা নাই । শ্ৰুতিয়ে তেওঁৰ সাক্ষাৎকাৰত কয় যে বিবাহ শব্দটোৱে তেওঁক বহুত ভয় খুৱাই । শান্তনুৰ লগত তেওঁ অতি সুখী আৰু যিকোনো বিবাহিত দম্পতীৰ তুলনাত তেওঁলোকৰ সম্পৰ্ক বহুত ভাল বুলিও কয় ৷

লগতে পঢ়ক: ৫৮ বছৰৰ বয়সতে পুনৰ বিয়া কৰালে এইগৰাকী জনপ্ৰিয় অভিনেতাই, চাওক ভিডিঅ’

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.