চিটাৰা ডেস্ক, 1 আগষ্ট : হিন্দী ছবিজগতক Pakeezah, Sahib Bibi Aur Ghulam আৰু Kaajal ৰ দৰে শ্ৰেষ্ঠ ছবি উপহাৰ দিয়া অভিনেত্ৰী মীনা কুমাৰীৰ আজি ৮৯ সংখ্যক জন্ম বাৰ্ষিকী (Meena Kumari Birth Anniversary)। মীনা কুমাৰীৰ প্ৰকৃত নাম আছিল মেহজাবিন বানো আৰু ১৯৩৩ চনৰ ১ আগষ্টত মুম্বাইৰ দাদাৰত তেওঁৰ জন্ম হৈছিল (Meena Kumari birthday) । ১৯৫২ চনত প্ৰথম ফিল্মফেয়াৰ বঁটা লাভ কৰা মীনা কুমাৰীয়ে এগৰাকী যুৱ অভিনেত্ৰী হিচাপে চলচ্চিত্ৰ জগতত যাত্ৰা আৰম্ভ কৰিছিল আৰু দীৰ্ঘদিন ধৰি ভাৰতীয় পৰ্দাত আধিপত্য বিস্তাৰ কৰিছিল ।
৩৩ বছৰীয়া চলচ্চিত্ৰ জীৱনত তেওঁ ৯০ খনতকৈও অধিক ছবিত অভিনয় কৰিছিল । Baiju Bawra, Kaajal, Phool Aur Patthar, Dil Ek Mandir, Aarti, Pakeezah আৰু Sahib Bibi Aur Ghulam ৰ উপৰিও আন বহুতো ছবি তেওঁৰ স্মৰণীয় ছবিৰ ভিতৰত গণ্য কৰা হয় । যোৱা শতিকাৰ ষষ্ঠ দশকত মীনা কুমাৰীয়ে উৰ্দুৰ বিখ্যাত কবি কমল আমৰোহীৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল ৷ এই বিবাহ অৱশ্যে সফল নহ’ল ৷ ১৯৫২ চনৰ হিট ছবি ‘Baiju Bawra’ৰ বাবে প্ৰথম ফিল্মফেয়াৰ বঁটা লাভ কৰা প্ৰথমগৰাকী বলীউডৰ নায়িকা হিচাপে মীনা কুমাৰীয়ে এই সন্মান লাভ কৰিছে ।
অভিনেত্ৰী নহ’লে মীনা কুমাৰীয়ে এগৰাকী কবি হিচাপে নিজকে চাব বিচাৰিছিল । হিন্দী ছবিৰ গীতিকাৰ তথা কবি গুলজাৰক এবাৰ মীনা কুমাৰীয়ে কৈছিল, ‘মোৰ অভিনয়ত অভাৱ আছে । এই শিল্পৰ মোৰ মাজত জন্ম নহয়, ধাৰণাটো আন কাৰোবাৰ, ভূমিকা আন কাৰোবাৰ, পৰিচালনা আন কাৰোবাৰ । মোৰ ভিতৰৰ পৰা যি জন্ম হয় সেইয়া মই লিখোঁ, লিখাৰ জৰিয়তে মই আনক ক’ব বিচাৰো' ৷
মীনা কুমাৰীৰ মাতৃ ইকবাল বানোৱে তেওঁৰ নাম ৰাখিছিল ‘মাহ জাবিন’ । প্ৰায় চাৰি বছৰ বয়সতে ১৯৩৯ চনত শিশুশিল্পী হিচাপে চলচ্চিত্ৰত অভিনয় কৰিবলৈ আৰম্ভ কৰিছিল ।
মীনা কুমাৰীয়ে চাৰিবাৰকৈ ফিল্মফেয়াৰ শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা লাভ কৰে । মীনা কুমাৰীৰ অন্যতম শ্ৰেষ্ঠ চিনেমা Sahib Bibi Aur Ghulam । সমালোচকসকলে ছবিখনত তেওঁৰ চৰিত্ৰটো তেওঁৰ নিজৰ জীৱনৰ সৈতে মিল থকা বুলি বিশ্বাস কৰিছিল । দিলীপ কুমাৰৰ সৈতে মীনা কুমাৰীৰ প্ৰথমখন ছবি আছিল Footpath ।
মীনা কুমাৰীৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ছবি হিচাপে প্ৰমাণিত হ’ল Pakeezah নামৰ ছবিখন । এই চিনেমাখন এতিয়াও মানুহৰ প্ৰিয় চিনেমা সমূহৰ ভিতৰত অন্যতম এখন চিনেমা । এই ছবিখন মুক্তি পোৱাৰ মাত্ৰ এমাহৰ পাছতে মীনা কুমাৰীয়ে এই পৃথিৱীৰ পৰা বিদায় লয় ।
প্ৰায় তিনিটা দশক ধৰি সুন্দৰ অভিনয়ৰে দৰ্শকৰ হৃদয়ত স্থান দখল কৰা হিন্দী চিনেমাৰ মহান অভিনেত্ৰী মীনা কুমাৰীয়ে ১৯৭২ চনৰ ৩১ মাৰ্চত এই পৃথিৱীৰ পৰা বিদায় মাগে (Meena Kumari death) ৷
লগতে পঢ়ক : Mrunal Thakur Birthday: ম্ৰূণাল ঠাকুৰৰ শীৰ্ষ ১০ টা গ্লেমাৰাছ মুহূৰ্ত