ETV Bharat / entertainment

Mission Raniganj: 'ক্লাষ্ট্ৰ'ফ'বিয়াৰ যন্ত্ৰণাৰ মাজেৰে পাৰ হৈছো...' শ্বুটিঙৰ অভিজ্ঞতা ব্যক্ত কৰি কি ক’লে ৰবি কিষানে ?

শেহতীয়াকৈ এনআইৰ এক সাক্ষাৎকাৰত ছবি মিচন ৰাণীগঞ্জৰ কলা-কুশলীসকলৰ এক সাক্ষাৎকাৰ লোৱা হয় য’ত ছবিখনৰ সৈতে জড়িত কেইগৰাকী অভিনেতাই নিজৰ অভিজ্ঞতা ব্যক্ত কৰে ৷

author img

By ETV Bharat Assamese Team

Published : Sep 30, 2023, 2:24 PM IST

Actor Ravi Kishan shares the shooting experience of Mission Raniganj
'ক্লাষ্ট্ৰ'ফ'বিয়াৰ যন্ত্ৰণাৰ মাজেৰে পাৰ হৈছো...' শ্বুটিঙৰ অভিজ্ঞতা ব্যক্ত কৰি কি ক’লে ৰবি কিষানে ?

চিটাৰা ডেস্ক, 30 ছেপ্টেম্বৰ: শেহতীয়াকৈ এনআইৰ এক সাক্ষাৎকাৰত ছবি মিচন ৰাণীগঞ্জৰ কলা-কুশলীসকলৰ এক সাক্ষাৎকাৰ লোৱা হয় য’ত ছবিখনৰ সৈতে জড়িত কেইগৰাকী অভিনেতাই নিজৰ অভিজ্ঞতা ব্যক্ত কৰে ৷ অভিনেতা ৰবি কিষানে ছবি ৰাণীগঞ্জৰ দৃশ্যগ্ৰহণৰ সময়ত নিজৰ অভিজ্ঞতা ব্যক্ত কৰি কয় যে, তেওঁ উশাহ বন্ধ হোৱাৰ যন্ত্ৰণাৰ মাজেৰে পাৰ হৈ গৈছে ৷ এজন খনিৰ শ্ৰমিকে মৃত্যুক নিবিড়ভাৱে দেখাৰ পিছত এই কথা কেনেকৈ উপলব্ধি কৰিব ? এয়া সেই খনি শ্ৰমিকসকলৰ কাহিনী যিয়ে আমাক প্ৰয়োজনীয় বস্তুবোৰ মাটিৰ তলৰ পৰা আনে ৷ ইফালে, ছবিখনৰ আন এটা চৰিত্ৰ পৱন মালহোত্ৰাই ছবিখনক উৎকৃষ্ট ছবি বুলি অভিহিত কৰে ৷

অভিনেতা ৰবি কিষানে তেওঁৰ আগন্তুক ছবি ‘মিছন ৰাণীগঞ্জ - দ্য গ্ৰেট ভাৰত ৰেচকিউ’ৰ বিষয়ে মুকলিকৈ নিজৰ অভিজ্ঞতা ব্যক্ত কৰে ৷ সংবাদ সংস্থা এএনআইৰ সৈতে হোৱা কথা-বতৰাত তেওঁ ছবিখনৰ শ্বুটিংৰ সময়ত তেওঁৰ অভিজ্ঞতা ব্যক্ত কৰে ৷

  • #WATCH | Mumbai: On his experience shooting his upcoming film ‘Mission Raniganj’, actor Ravi Kishan says, "...I experienced claustrophobia while shooting the film...This is the story of those miners who go underground and bring diamonds, coal and various other precious resources… pic.twitter.com/vHozlq7BWi

    — ANI (@ANI) September 29, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

ৰবি কিষানে কয়-

ইমান ক’লা মই জীৱনত কেতিয়াও দেখা নাছিলোঁ ৷ দুই-তিনি দিন নাক-কাণৰ পৰা ইমান ধূলি-বোকা আৰু ক’লা ওলাই আহিছিল ৷ ক্লাষ্ট্ৰ'ফ'বিয়া...অৰ্থাৎ উশাহ বন্ধ হোৱাৰ কষ্টৰ মাজেৰে পাৰ হৈছো ৷ মৃত্যুক ওচৰৰ পৰা দেখিলোঁ, কেনেকৈ এজন খনিৰ শ্ৰমিকৰ কষ্ট উপলব্ধি কৰিছো... এয়া হৈছে সেই খনিৰ শ্ৰমিকসকলৰ কাহিনী যিয়ে আমাক প্ৰয়োজনীয় বস্তুবোৰ মাটিৰ ভিতৰৰ পৰা আনে ৷ এই কাহিনী ১৯৮৯ চনত মাটিৰ তলত আৱদ্ধ হৈ পৰা সেই খনিৰ শ্ৰমিকসকলৰ কাহিনী আৰু মানুহে ভাবিছিল যে তেওঁলোকৰ মৃত্যু হ'ব...

পৱন মালহোত্ৰাইও ব্যক্ত কৰিলে নিজৰ অভিজ্ঞতা

ছবিখনৰ আন এটা চৰিত্ৰত অভিনয় কৰা পৱন মালহোত্ৰাই ছবিখনৰ কাহিনীক উৎকৃষ্ট বুলি অভিহিত কৰি ছবিখনৰ সৈতে জড়িত কলা-কুশলীৰ প্ৰশংসা কৰে ৷ ইফালে, ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰা জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰে ৰাণীগঞ্জত যশৱন্ত সিং গিলৰ চৰিত্ৰত কৰা অভিনয়ৰ কথাও ব্যক্ত কৰে পৱন মালহোত্ৰাই ৷ তেওঁ কয় যে, ‘‘কেপচুল গিল বুলি অভিহিত অভিযন্তা গিল ছাহাব আছিল এজন ব্যক্তি যিয়ে নিজৰ জীৱন বিপদত পেলাই তেওঁৰ সমগ্ৰ দলটোৰ ৫৭ জন খনিকৰৰ জীৱন ৰক্ষা কৰিছিল ।’’

তেওঁ কয় যে, ‘‘এই কাহিনীটো অভিযন্তাৰ আৰু ছবিখনত মই যি ভূমিকা পালন কৰি আছো সেয়া হৈছে এজন কেপচুল মেনৰ । কেপচুল মেনজনক এটা গাঁত খান্দিবলৈ মাতি অনা হয়, যাৰ মাজেৰে কেপচুল এটা সুমুৱাই দিয়া হয় । ইয়াৰ জৰিয়তে আৱদ্ধ খনিকৰসকলক উদ্ধাৰ কৰা হয় । পৰিচালক আৰু প্ৰযোজকসকলে এনে এটা কাহিনীক সমৰ্থন কৰাত মই আনন্দিত হৈছো ।’’ লগতে পঢ়ক: Box Office Collection Day 3: চন্দ্ৰমুখী ২-ফুকৰে ৩-দ্য ভেকচিন ৱাৰৰ মাজত অব্যাহত আছে মুখামুখি সংঘৰ্ষ, আহক জানো তৃতীয় দিনাৰ সংগ্ৰহ কিমান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.