ETV Bharat / entertainment

New movie Bondhu: নতুন অসমীয়া ছবি বন্ধুৰ প্ৰচাৰত ব্যস্ত অভিনেতা নয়ন নীলিম - actor nayan nilim promotes his new movie

বহু সময়ৰ দীঘলীয়া বিৰতিৰ মূৰত ৰূপালী পৰ্দালৈ উভতি আহিছে অভিনেতা নয়ন নীলিম (Actor Nayan Nilim new assamese movie) ৷ যাৰ অবিহনে জীৱন যাত্ৰাত এক কদমো আগবাঢ়ি যাব নোৱাৰি সেই বিষয়বস্তুৰে নিৰ্মিত এই চিনেমাখনকলৈ যথেষ্ট উৎসাহী হৈ আছে অভিনেতাজন ৷ মুক্তিৰ পূৰ্বে সজোৰে চলাইছে ছবিখনৰ প্ৰচাৰ ৷

actor
নতুন অসমীয়া ছবি বন্ধু
author img

By

Published : Oct 21, 2022, 1:39 PM IST

চিটাৰা ডেস্ক, 21 অক্টোবৰ : থমকি ৰোৱা অসমীয়া চলচ্চিত্ৰ উদ্যোগটো ঠন ধৰি উঠিছে পুনৰ ৷ বিগত দুই এক বছৰৰ পৰা দৰ্শকৰ মনোৰঞ্জনৰ প্ৰতি মনোযোগ দি ন-পুৰণি বহু চলচ্চিত্ৰ নিৰ্মাতা আগবাঢ়ি আহিছে নানান বিষয় বস্তুৰে ৷ দৰ্শকৰ পৰাও কিছু কিছু ছবিয়ে লাভ কৰিছে অভূতপূৰ্ব সঁহাৰি ৷ চুটি ছবিৰ পৰা আৰম্ভ কৰি ফিকছন, নন-ফিকছন, ফিচাৰ সকলো ধৰণৰ ছবিয়েই নিৰ্মাণ হৈছে ৷

নতুন অসমীয়া ছবি বন্ধুৰ প্ৰচাৰত ব্যস্ত অভিনেতা নয়ন নীলিম

কেৱল ছবি নিৰ্মাণ হোৱাই নহয় এই ছবিসমূহে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসমক উপস্থাপনো কৰিছে ৷ এতিয়া এই নতুন ছবি সমূহৰ তালিকাত সংযুক্ত হ’বলৈ গৈ আছে আন এখন নতুন চিনেমা ৷ নয়ন নীলিম অভিনীত ছবি ‘বন্ধু’ ঘোষণা হোৱাৰে পৰাই চৰ্চাত আছে (Actor Nayan Nilim new assamese movie) ৷ শীঘ্ৰেই মুক্তি লাভ কৰিব ছবিখনে ৷ ছবিখনৰ প্ৰচাৰৰ বাবে অসমৰ ইমূৰ-সিমূৰ ঘূৰি ফুৰিছে নয়ন নীলিমে ৷

টীয়কৰ বনাই উচ্চ মাধ্যমিক বিদ্যালয়ত উপস্থিত হৈ অভিভূত হৈ পৰে অসমৰ অন্যতম জনপ্ৰিয় অভিনেতা নয়ন নীলিম ৷ বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী তথা শিক্ষক কৰ্মচাৰীৰ লগতে স্থানীয় বহুসংখ্যক ব্যক্তিৰ সৈতে বাৰ্তালাপত মিলিত হয় তেওঁ ।উল্লেখযোগ্য যে অহা 4 নৱেম্বৰত মুক্তি লাভ কৰিবলগীয়া নতুন অসমীয়া বোলছবি বন্ধুৰ প্ৰচাৰৰ বাবে নয়ন নীলিমে তেওঁৰ এই ছবিখনৰ সৈতে জড়িত সহকৰ্মীসকলক লৈ এইদৰে অসমৰ বিভিন্ন প্ৰান্তৰ বিদ্যালয় মহাবিদ্যালয়ত উপস্থিত হৈ ছবিখন সকলোকে চাবলৈ আহ্বান জনাইছে ।

বনাই উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত উপস্থিত হৈ বিশিষ্ট অভিনেতাজনে তেওঁৰ শৈশৱক ৰোমন্থন কৰি পঢ়া শুনাৰ সমান্তৰালকৈ ইজনে সিজনক বন্ধুত্বৰ মাজেৰে সহায় সহযোগিতাৰে আগবঢ়াই নিজ নিজ প্ৰতিভাসমূহ জগাই তুলিবলৈ আহ্বান জনায় ছাত্ৰ-ছাত্ৰী সকলক । লগতে নৱ নিৰ্মিত অসমীয়া ছবিখন চাই বন্ধুত্বৰ ( new assamese movie bondhu ) সোৱাদ ল'ব পাৰিব আৰু বহু নষ্টালজিক হৈ পৰিব বুলিও তেওঁ জানিবলৈ দিয়ে ।

উক্ত প্ৰচাৰ অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক জিতু নেওগ, যোৰহাট জিলা আছুৰ সাংস্কৃতিক সম্পাদক প্ৰিতম জ্যোতি শইকীয়া, শিমলুগুৰি আৰু টীয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ সভপতি সম্পাদককে প্ৰমুখ্য কৰি ভালেসংখ্যক বিষয়ববীয়া উপস্থিত থাকি সহযোগিতা আগবঢ়ায় ৷

লগতে পঢ়ক : God on the Balcony: বেলকনিত ভগৱানক লৈ যোৰহটীয়া ৰাইজৰ ব্যাপক উছাহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.