ETV Bharat / entertainment

কেন্সাৰৰ সৈতে যুঁজি অৱশেষত ইহলীলা সম্বৰণ অভিনেতা জুনিয়ৰ মেহমুদৰ - জুনিয়ৰ মেহমুদৰ ছবি

Actor Junior Mehmood passed away after battling stomach cancer at the age of 67
কেন্সাৰৰ সৈতে যুঁজি অৱশেষত ইহলীলা সম্বৰণ অভিনেতা জুনিয়ৰ মেহমুদৰ
author img

By ETV Bharat Assamese Team

Published : Dec 8, 2023, 9:48 AM IST

Updated : Dec 8, 2023, 10:17 AM IST

09:35 December 08

চিটাৰা ডেস্ক, 8 ডিচেম্বৰ: হিন্দী চিনেমাৰ জগতৰ পৰা আহিল এটা বেয়া খবৰ । চাৰি দশকৰো অধিক সময় ধৰি চলচ্চিত্ৰ জগতত নিজৰ অভিনয়ৰ যাদু সৃষ্টি কৰা অভিনেতা জুনিয়ৰ মেহমুদ এতিয়া আৰু আমাৰ মাজত নাই । ৬৭ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে জেষ্ঠ অভিনেতাগৰাকীয়ে । বিগত বহুদিন ধৰি তেওঁ পেটৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন অৱস্থাত আছিল । জুনিয়ৰ মেহমুদ নামেৰে পৰিচিত নয়ম চৈয়দে নিশা প্ৰায় ২ বজাত তেওঁ এই পৃথিৱীৰ পৰা বিদায় মাগে । অভিনেতাগৰাকীৰ মৃত্যুৰ বাবেই বৰ্তমান চিনেমা জগতখনত এক গভীৰ শোকৰ ছাঁ পৰিছে । সংবাদমাধ্যমৰ তথ্য অনুসৰি জুনিয়ৰ মেহমুদৰ মৃত্যুৰ কথা তেওঁৰ এজন বন্ধুৱে নিশ্চিত কৰিছে । আজি বিয়লিৰ ছান্টা ক্ৰুজ কবৰস্থানত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হ’ব ।

১৮ দিন পূৰ্বে চতুৰ্থ পৰ্যায়ৰ কৰ্কট ৰোগ ধৰা পৰিছিল

সংবাদ মাধ্যমৰ সৈতে হোৱা এক কথোপকথনত জুনিয়ৰ মেহমুদৰ পৰিয়ালে তেওঁৰ মৃত্যু খবৰ নিশ্চিত কৰি চতুৰ্থ পৰ্যায়ৰ কৰ্কট ৰোগৰ বাবে তেওঁ যি কষ্টৰ মাজেৰে পাৰ হৈছিল সেই বিষয়ে বিৱৰি কয় ৷ মেহমুদৰ পুত্ৰ হুছনাইনে কয় যে, "আমি মাত্ৰ ১৮ দিন পূৰ্বে তেওঁৰ চতুৰ্থ পৰ্যায়ৰ পেটৰ কৰ্কট ৰোগৰ কথা গম পাইছিলো ৷ আমি তেওঁক টাটা মেম'ৰিয়েল হস্পিতাললৈ লৈ গৈছিলো ৷ চিকিৎসালয়খনৰ ডিনে আমাক কৈছিল যে এই পৰ্যায়ত চিকিৎসা আৰু কেমোথেৰাপি বহুত কষ্টদায়ক হ'ব ৷" ইয়াৰ পিছত হাস্পতালে আমি ঘৰতে তেওঁৰ যত্ন ল’বলৈ পৰামৰ্শ দিয়ে ৷"

শিশু শিল্পী হিচাপে কেৰিয়াৰ আৰম্ভ কৰিছিল

জুনিয়ৰ মেহমুদে অভিনয় জীৱনৰ আৰম্ভণি কৰিছিল শিশু শিল্পী হিচাপে । চাৰি দশকজুৰি চলি থকা কেৰিয়াৰত তেওঁ সাতটা ভাষাৰ ২৫০ খনতকৈও অধিক ছবিত কাম কৰিছিল । ৰাজেশ খান্নাৰ পৰা আৰম্ভ কৰি অমিতাভ বচ্চন আৰু ৰাজ কাপুৰলৈকে ছুপাৰষ্টাৰৰ সৈতে তেওঁ একেলগে অভিনয় কৰা দেখা গৈছিল । জুনিয়ৰ মেহমুদৰ ছবিৰ তালিকাত ‘মেৰা নাম জোকাৰ’, ‘কাৰাভান’, ‘হাথী মেৰে সাথী’, ‘মহব্বত জিন্দগী হ্যে’, ‘নেনিহাল’, ‘হৰে ৰামা হৰে কৃষ্ণ’, ‘বাপ নামবাৰী বেটা ১০ নম্বৰী’কে ধৰি বহুকেইখন ব্লকবাষ্টাৰ ছবিৰ নাম সন্নিবিষ্ট কৰা হৈছে ।

লগতে পঢ়ক: চতুৰ্থ পৰ্যায়ৰ দুৰাৰোগ্য ৰোগত আক্ৰান্ত জুনিয়ৰ মেহমুদ

Last Updated : Dec 8, 2023, 10:17 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.