ETV Bharat / entertainment

Aamir Khan Announces His Next Film: তাৰে জমিন পৰৰ পিছত আমিৰ খানৰ নতুন ছবি চিতাৰে জমিন পৰ

author img

By ETV Bharat Assamese Team

Published : Oct 11, 2023, 2:42 PM IST

প্ৰিয় দৰ্শকৰ মাজলৈ প্ৰত্যাৱৰ্তন বাবে সাজু হৈছে আমিৰ খান । শেহতীয়াকৈ তেওঁ নিজৰ আগন্তুক ছবিৰ কথা ঘোষণা কৰিছে । অভিনেতাজনে কয় যে এই ছবিখন "তাৰে জমিন পৰ"ৰ সৈতে মিল আছে ।

Aamir Khan opens up on theme of his next project Sitaare Zameen Par
আমিৰ খানৰ নতুন ছবিৰ ঘোষণা

চিটাৰা ডেস্ক, 11 অক্টোবৰ: বলীউডৰ মিষ্টাৰ পাৰ্ফেকচনিষ্ট আমিৰ খানে ঘোষণা কৰিছে তেওঁৰ নতুন ছবিৰ বিষয়ে । এইখিনিতে উল্লেখ কৰিব লাগিব যে ২০২২ চনত মুক্তি লাভ কৰিছিল আমিৰ খানৰ ছবি ‘লাল সিং চাড্ডা’ ৷ কিন্তু এই ছবিখনে বক্স অফিচত বিশেষ ফলাফল দেখুওৱাব নোৱাৰিলে আৰু ফ্লপ হয় ৷ ইয়াৰ পিচতে আমিৰে কিছু সময়ৰ বাবে অভিনয়ৰ পৰা বিৰতি লৈছিল । এতিয়া আকৌ মিষ্টাৰ পাৰ্ফেকচনিষ্ট ছবিজগতলৈ পুনৰ উভতি আহিবলৈ সাজু হৈছে ।

আমিৰ খানে ঘোষণা কৰিলে নতুন ছবি

আমিৰ খানে নিজেই এই কথা প্ৰকাশ কৰিছে । শেহতীয়াকৈ এক সাক্ষাৎকাৰত অভিনেতাগৰাকীয়ে কয় যে তেওঁ অতি সোনকালেই অনুৰাগীক মনোৰঞ্জন দিবলৈ আহি আছে । আমিৰে কয়, ‘‘মোৰ আগন্তুক ছবিখনৰ বিষয়ে মই এতিয়া ৰাজহুৱাভাৱে বিশেষ আলোচনা কৰা নাই । এই মুহূৰ্তত মই ছবিখনৰ নামটোহে ক’ব পাৰিম । ছবিখনৰ নাম ‘চিতাৰে জমিন পৰ’। মোৰ ছবি 'তাৰে জমিন পৰ' আপোনালোকৰ নিশ্চয় মনত আছে ৷ এই ছবিখন মোৰ সেই পুৰণি ছবি ‘তাৰে জমিন পৰ’ৰ লগত অলপ মিল আছে ।’’

নতুন ছবিখনত কি বেলেগ থাকিব ?

অভিনেতাগৰাকীয়ে কয়, "'তাৰে জমিন পৰ' এখন আবেগিক ছবি আছিল, কিন্তু ‘চিতাৰে জমিন পৰ’ ছবিখনে আপোনাক হাঁহিবলৈ বাধ্য কৰাব । সেই ছবিখনে আপোনাক কান্দিবলৈ বাধ্য কৰাইছিল, এইখনে আপোনাক মনোৰঞ্জন দিব । কিন্তু থিমটো একেই, গতিকে ইয়াৰ নামটোৰো সদৃশ্য আছে । আমাৰ সকলোৰে মাজত কিবা নহয়, কিবা ত্ৰুটি থাকে, কিন্তু আমাৰ সকলোৰে মাজত কিবা এটা বিশেষত্বও থাকে ৷ গতিকে আমি এই বিষয়টোকে আগুৱাই লৈ গৈছো ৷’’

উল্লেখ্য যে অহা বছৰ ২০২৪ চনত মুক্তি পাব আমিৰৰ এই ছবিখন । ছবিখন ঘোষণা কৰাৰ পিছৰে পৰা অতিশয় উৎসাহিত হৈ পৰিছে অনুৰাগীসকল ।

লগতে পঢ়ক: Dhak-Dhak Trailer: ফাতিমা-দিয়া মিৰ্জাৰ ধক ধকৰ শক্তিশালী ট্ৰেইলাৰ মুকলি, চাৰিগৰাকী মহিলাৰ বাইক ভ্ৰমণৰ এক আচৰিত যাত্ৰা চাওক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.