ETV Bharat / entertainment

Happy birthday Kangana: গেংষ্টাৰৰ পৰা থালাইভিলৈকে চাওক বলীউডত কংগনাৰ শক্তিশালী যাত্ৰা

author img

By

Published : Mar 23, 2023, 10:51 AM IST

আজি বলীউডৰ কুইন কংগনা ৰানাৱটৰ ৩৬ সংখ্যক জন্মদিন (Happy birthday Kangana) ৷ জন্মদিন উপলক্ষে চাও আহক ছবি জগতত কংগনাৰ যাত্ৰা ৷

A look at movies that make Kangana 'Queen' of acting
কুইন কংগনা ৰানাৱটৰ ৩৬ সংখ্যক জন্মদিন

চিটাৰা ডেস্ক, 23 মাৰ্চ: গেংষ্টাৰ ছবিখনেৰে অভিনয়ৰ জগতত ভৰি দিয়াৰ বলীউডৰ কুইন কংগনা ৰানাৱটৰ আজি জন্মদিন (Happy birthday Kangana Ranaut) ৷ ছবি জগতত ভৰি দিয়ে নিজৰ বহুমুখী অভিনয়েৰে দৰ্শকক মোহাচ্ছন্ন কৰিছিল কংগনাই ৷ অভিনয়ৰ দক্ষতা আৰু নিৰ্ভীক ব্যক্তিত্বৰ দ্বাৰা লাখ লাখ অনুৰাগীৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছিল ৷ প্ৰায় দুটা দশকজুৰি ক’বলৈ গ’লে বলীউডত ৰাজ কৰিছে কংগনাই ৷ বৰ্তমানো অব্যাহত আছে কুইনৰ ৰাজত্ব ৷ ৩৬ বছৰীয়া জন্মদিনত চাও আহক কংগনাৰ কেইখনমান উল্লেখনীৰ ছবিৰ চৰিত্ৰৰ বিষয়ে ৷

গেংষ্টাৰ (Gangster)

A look at movies that make Kangana 'Queen' of acting
গেংষ্টাৰ

গেংষ্টাৰ ছবিখনৰ জৰিয়তে ছবি জগতত প্ৰৱেশ কৰিছিল কংগনা । অনুৰাগ বসুৰ পৰিচালনাত নিৰ্মিত ছবিখন ২০০৬ চনত ছবিগৃহত মুক্তি লাভ কৰে ৷ ছবিখনত এগৰাকী বাৰ ডান্সাৰৰ চৰিত্ৰত অভিনয় কৰে কংগনা ৷ বাৰ ডান্সাৰ আৰু এজন গেংষ্টাৰ (শ্বাইনী আহুজা)ৰ মাজৰ সম্পৰ্কক কেন্দ্ৰ কৰিয়েই আছিল নিৰ্মিত হৈছিল ছবিখন । ইমৰাণ হাছমীও আছিল এই ছবিখনৰ অংশ ৷

ফেশ্বন (Fashion)

ফেশ্বন

ফেশ্বন ছবিখনৰ জৰিয়তে অভিনয়ত নিজৰ দক্ষতা দেখুৱাইছিল কংগনাই । ফেশ্বন ছবিখনত প্ৰিয়ংকা চোপ্ৰাই মুখ্য চৰিত্ৰত অভিনয় কৰিলেও কংগনাই অশান্ত মডেল হিচাপে অভিনেত্ৰীগৰাকীৰ তাৰকাময় অভিনয়েৰে দৰ্শকৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছিল ৷ এই হিট ছবিখন কংগনাৰ বাবে সদায় বিশেষ হৈ থাকিব, কাৰণ এই ছবিখনৰ জৰিয়তেই ৰাষ্ট্ৰীয় বঁটাত বিজয়ীৰ দৌৰৰ আৰম্ভণি কৰিছিল কংগনাই ।

কুইন (Queen)

কুইন

২০১৪ চনত মুক্তি লাভ কৰিছিল 'কুইন' ছবিখন ৷ ছবিখন ৰাণী মেহৰা (কংগনা)ৰ চৰিত্ৰত অভিনয় কৰিছিল কংগনাই ৷ ছবিখনত বিজয় ধিংৰা (ৰাজকুমাৰ ৰাও)ৰ সৈতে ৰাণী মেহৰা (কংগনা)ৰ বিবাহ ঠিক হয় ৷ কিন্তু বিশেষ দিনটোৰ মাত্ৰ এদিন পূৰ্বে বিজয় ধিংৰাই বিয়া বাতিল কৰে ৷ ইয়াৰ পিচত অকলেই হানিমুনলৈ যোৱাৰ সিদ্ধান্ত লয় কংগনাই । কংগনাৰ এই অভিনয়ে পুৰুষ প্ৰধান সমাজত স্বাধীন জীৱন যাপন কৰিবলৈ কুণ্ঠাবোধ কৰা যুৱতীসকলৰ বাবে প্ৰেৰণাৰ উৎস হিচাপে কাম কৰে । কুইন ছবিখনত কংগনাৰ অভিনয়ৰ বাবে কংগনাই দ্বিতীয়টো ৰাষ্ট্ৰীয় বঁটা লাভ কৰে ।

তনু ৱেডছ মানু ফ্ৰেঞ্চাইজি (Tanu Weds Manu franchise)

তনু ৱেডছ মানু ফ্ৰেঞ্চাইজি

আনন্দ এল ৰায়ৰ ছবি 'তনু ৱেডছ মানু ৰিটাৰ্ণছ' (২০১১)ত অভিনেত্ৰীগৰাকীয়ে আৰ মাধৱনৰ সৈতে নিজৰ কমিক দিশটো দৰ্শকৰ আগত মুকলি কৰে । দৰ্শকক হাঁহিৰ খোৰাক দিবলৈ ২০১৫ চনত পুনৰ বাব ‘তনু ৱেডছ মানু ৰিটাৰ্ণছ’ৰ কথা ভাবিছিল কংগনাই । তনু ৱেডছ মানু ৰিটাৰ্ণছত কংগনা আৰু মাধৱনৰ বিবাহৰ পিচত সম্পৰ্কত যিবোৰ সমস্যাৰ সৃষ্টি হয় সেইবোৰ অতিকৈ সুন্দৰকৈ উপস্থাপন কৰা হয় ৷ ছবিখনত কংগনাই দ্বৈত চৰিত্ৰত অভিনয় কৰিছিল ৷ তানু ৱেডছ মানু ৰিটাৰ্নছত হাস্যৰসময়ী অৱতাৰে দ্য নেচনেল ফিল্ম এৱাৰ্ডছৰ জুৰীৰ দৃষ্টি আকৰ্ষণ কৰিছিল ৷ যাৰ বাবে তেওঁলোকে কংগনাক পুনৰবাৰ এই সন্মানীয় বঁটাৰে সন্মানিত কৰিছিল ৷

মণিকাৰ্ণিকা: ঝান্সীৰ ৰাণী (Manikarnika: The Queen ofJhansi)

মণিকাৰ্ণিকা: ঝান্সীৰ ৰাণী

২০১৯ চনত মুক্তি লাভ কৰিছিল কংগনাৰ মণিকাৰ্ণিকা:ঝান্সিৰ ৰাণী ৷ ৰাধা কৃষ্ণ জাগৰলামুডীৰ সৈতে ঐতিহাসিক ছবিখনৰ কেইবাটাও অংশ অভিনেত্ৰীগৰাকীয়ে নিজেই পৰিচালনা কৰিছিল । ঝান্সীৰ ৰাণী লক্ষ্মীবাইৰ সাহসক সন্মান জনাই নিৰ্মাণ কৰা হৈছিল ‘মনিকাৰ্ণিকা: দ্য কুইন অৱ ঝান্সী’। ছবিখনত কংগনা ৰানাৱটে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল । এই ছবিখনৰ বাবে অভিনেত্ৰীগৰাকীয়ে আন এটা ৰাষ্ট্ৰীয় বঁটা আজৰি আনিবলৈ সক্ষম হয় ৷ "

পাংগা (Pangaa)

পাংগা

২০২০ চনত মুক্তি পোৱা ছবিখন নিৰ্মিত হৈছিল এগৰাকী অৱসৰপ্ৰাপ্ত কাব্বদী খেলুৱৈৰ ওপৰত ৷ অৱসৰপ্ৰাপ্ত কাব্বদী খেলুৱৈ কংগনাই যিয়ে খেলৰ জগতত পুনৰ প্ৰত্যাৱৰ্তন কৰাৰ আশা প্ৰকাশ কৰিছিল । অশ্বিনী আয়েৰ তিৱাৰীৰ পৰিচালনাত নিৰ্মিত এই ছবিখনত ঋচা চাদ্ধা, নীনা গুপ্তা, জেছি গি, আৰু পংকজ ত্ৰিপাঠীয়েও মূল চৰিত্ৰত অভিনয় কৰিছে । ছবিখনত এগৰাকী মাতৃয়ে নিজৰ ঘৰ-সংসাৰৰ দায়িত্ব পালন কৰাৰ লগতে নিজৰ সপোনক দ্বিতীয় সুযোগ দিবলৈ আহ্বান জনোৱা হয় ৷

থালাইভি (Thalaivii)

থালাইভি

থালাইভি ছবিখনত কংগনাই তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জে জয়াললিতাৰ চৰিত্ৰত অভিনয় কৰিছিল । ৰাজনীতিবিদ হোৱাৰ আগতে জয়াললিতা তামিল চলচ্চিত্ৰ জগতৰ অংশ আছিল । জয়াললিতাৰ চৰিত্ৰত অভিনয় কৰিবলৈ কংগনাই যৎপৰোনাস্তি চেষ্টা চলাইছিল । আনকি এই চৰিত্ৰত অভিনয় কৰিবলৈ নিজৰ ২০ কিলো ওজনো বৃদ্ধি কৰিছিল কংগনাই । আগন্তুক মাহত দৰ্শকে কংগনাক 'মণিকাৰ্ণিকা ৰিটাৰ্নছ: দ্য লিজেণ্ড অৱ ডিড্ডা' , 'চন্দ্ৰমুখী ২' আৰু 'দ্য ইনকাৰ্নেচন: সীতা' ছবিকেইখনত দেখা পাব । ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ জীৱনৰ আধাৰত নিৰ্মিত ‘ইমাৰ্জেন্সি’ ছবিখনৰো শ্বুটিং চলি আছে ৷ (ANI)

লগতে পঢ়ক: Kangana Ranaut On Diljit Dosanjh: পুনৰবাৰ দিলজিৎ দোসাঞ্জক টাৰ্গেট কৰিলে কংগনাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.