ETV Bharat / entertainment

oscars 2023 : অস্কাৰৰ বাবে তালিকাভূক্ত হ’ল RRR আৰু Chhello Show - গুজৰাটী ছবি Chhello Show

95 th Academy Awards : 12 মাৰ্চত অনুষ্ঠিত হ’বলগীয়া 95 সংখ্যক একাডেমী বঁটাৰ বাবে 10 টা শাখাত তালিকাভূক্ত হোৱা ছবিসমূহৰ নাম ঘোষণা কৰা হয় ৷ অস্কাৰৰ এই দৌৰত আছে RRR আৰু Chhello Show ৷

sitara
RRR আৰু Chhello Show
author img

By

Published : Dec 22, 2022, 10:57 AM IST

চিটাৰা ডেস্ক, 22 ডিচেম্বৰ : একাডেমী অৱ্ মোচন পিকছাৰ আৰ্টছ এণ্ড চায়েন্সে অলপতে 95 সংখ্যক একাডেমী বঁটাৰ বাবে 10 টা শাখাত তালিকাভূক্ত হোৱা ছবিসমূহৰ নাম ঘোষণা কৰিছে ৷ 10 টা শাখাত এই ছবি সমূহৰ নাম ঘোষণা কৰা হৈছে ৷ ডকুমেণ্টৰী, ইণ্টাৰনেশ্যনেল ফীছাৰ, ডকুমেণ্টৰী চৰ্ট চাবজেক্ট, অৰিজিনেল স্ক’ৰ আদি শাখাত এই ছবিসমূহৰ নাম ঘোষণা কৰা হৈছে ৷

চলিত বছৰটোৰ এখন বহুল চৰ্চিত ছবি আৰ আৰ আৰ সন্নিৱিষ্ট হৈছে এই অস্কাৰৰ তালিকাত ৷ ছবিখনৰ নাটু নাটু শীৰ্ষক গীতটোৱে সংগীত শাখাত স্থান দখল কৰিছে ৷

গুজৰাটী ছবি Chhello Show য়ে অস্কাৰৰ বাবে ভাৰতৰ পৰা অফিচিয়েল এণ্ট্ৰি লাভ কৰিছিল ৷ এতিয়া এই ছবিখনে আন্তঃৰাষ্ট্ৰীয় ফীছাৰ ফিল্ম শাখাত স্থান দখল কৰিছে ৷

অস্কাৰ 2023 ত প্ৰথমবাৰৰ বাবে এণ্ট্ৰি লাভ কৰিছে এখল পাকিস্তানী ছবিয়ে ৷ ‘বেষ্ট ইণ্টাৰনেশ্যনেল ফীছাৰ ফিল্ম’ শাখাত ‘আৰ্জেণ্টিনা 1985’ , ‘দ্য ক্যুট গাৰ্ল’ আদিকে ধৰি বিভিন্ন ছবিয়ে নিজৰ স্থান নিশ্চিত কৰিছে ৷ প্ৰথমবাৰৰ বাবে এখন পাকিস্তানী ছবি অস্কাৰৰ বাবে তালিকাভূক্ত কৰা হৈছে ৷ জয়লেণ্ড শীৰ্ষক ছবিখনে এণ্ট্ৰি লাভ কৰিছে অস্কাৰত ৷

আপোনালোকক জনাওঁ যে অস্কাৰৰ বাবে নমিনেশ্যন ভোটিং 12 ৰ পৰা 17 জানুৱাৰীলৈকে হ’ব ৷ তাৰ পিছত নমিনেশ্যন তালিকা 24 জানুৱাৰীত ঘোষণা কৰা হ’ব ৷ 12 মাৰ্চত 95 সংখ্যক অস্কাৰ হলীউড ডলবী থিয়েটাৰত অনুষ্ঠিত হ’ব ৷

লগতে পঢ়ক : অস্কাৰ 2023 ৰ বাবে মনোনীত গুজৰাটী ছবি Chhello Show

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.