ETV Bharat / entertainment

Kangana Ranaut: বেক টু বেক 5 খন ছবি ফ্লপ, ডুব যোৱাৰ পথত কংগনাৰ কেৰিয়াৰ !

author img

By ETV Bharat Assamese Team

Published : Nov 6, 2023, 10:48 AM IST

বক্স অফিচত বৰ বেয়াকৈ ফ্লপ হ’ল কংগনা ৰনৌতৰ শেহতীয়াকৈ মুক্তি পোৱা ছবি ‘তেজস’ । ইয়াৰ পূৰ্বে কংগনা ৰনৌতৰ ৫ খন ছবি বেক টু বেক ফ্লপ হৈছিল ।

5 Biggest flops of Kangana Ranaut at box office including Tejas
কংগনা ৰনৌতৰ ৫ খন ছবি বেক টু বেক ফ্লপ

চিটাৰা ডেস্ক, 6 নৱেম্বৰ: ছবিজগতত যেন এক প্ৰকাৰে শেষ হোৱাৰ পথত কংগনা ৰনৌতৰ কেৰিয়াৰ । কাৰণ বিগত কিছু বছৰ ধৰি ইখনৰ পিচত সিখনকৈ ছবি ফ্লপ হৈছে অভিনেত্ৰীগৰাকীৰ ৷ এনে পৰিস্থিতিত যদি ‘মণিকৰ্ণিকা’ ছবিখন আঁতৰাই দিয়া হয়, তেন্তে 2015 চনৰ পৰা বক্স অফিচত এখন হিট ছবিৰ বাবে বাট চাই আছে কংগনাই । তেওঁৰ শেষৰখন হিট ছবি আছিল 2015 চনত মুক্তি পোৱা ‘তনু ৱেডছ মনু’ । কেৱল এই ছবিখনে বক্স অফিচত ভাল প্ৰদৰ্শন কৰিছিল ।

বেক টু বেক কংগনাৰ 5 খন ছবি ফ্লপ হৈছে

‘তনু ৱেডছ মনু’ৰ পিচত কংগনাই দিব নোৱাৰিলে এখনো হিট ছবি । অৱশ্যে 2019 চনত মুক্তি পোৱা ‘মণিকৰ্ণিকা’ ছবিখনে বক্স অফিচত ভাল উপাৰ্জন কৰিছিল । ছবিখনে মুঠ উপাৰ্জন কৰিছিল 92.19 কোটি টকা । ইয়াৰ পিচত 2020 চনৰ আৰম্ভণিতে মুক্তি পোৱা ‘পাংগা’ বক্স অফিচত বিফল হয় । ছবিখনে মাত্ৰ 28.92 কোটি টকা সংগ্ৰহ কৰে । একে সময়তে 2021 চনত অহা ‘থালাইভি’ ছবিও বক্স অফিচত বেয়াকৈ ফ্ল’প হৈছিল । ছবিখনে বক্স অফিচত মাত্ৰ 8.75 কোটি টকা উপাৰ্জন কৰে । আনহাতে ‘জাজমেন্টেল হে ক্যা’ ছবিখনে ৩৩ কোটি টকা উপাৰ্জন কৰিছিল ।

‘ঢাকড়’ ছবিখনৰো অৱস্থা বক্স অফিচত বেয়া আছিল । ছবিখনে মুঠ 2.57 কোটি টকাৰ ব্যৱসায় কৰিছিল । কেৱল এয়াই নহয়, চলিত বৰ্ষৰ আৰম্ভণিতে মুক্তি পোৱা চন্দ্ৰমুখী 2 য়েও বিশেষ একো ফলাফল দেখুৱাব নোৱাৰিলে । ছবিখনে 51.7 কোটি টকাৰ ব্যৱসায় কৰিছিল । এইখিনিও উপাৰ্জন কৰিব পাৰিছে কেৱল মাত্ৰ ছবিখনৰ অভিনেতা ৰাঘৱ লৰেন্সৰ বাবে ৷ এতিয়া এনে অৱস্থাত কংগনাৰ শেহতীয়া ছবি ‘তেজস’ৰ পৰা বহুত আশা আছিল যদিও তেজসৰ অৱস্থা বাকী ছবিকৈও বহু বেয়া দেখা গৈছে ৷ 60 কোটি টকাৰ বাজেটত নিৰ্মাণ কৰা তেজসে মুক্তিৰ 11 দিনত সৰ্বমুঠ সংগ্ৰহ কৰে 5.9 কোটি টকা ৷ 27 অক্টোবৰত চিনেমাগৃহত মুক্তি পোৱা তেজসে ছবিগৃহত দৰ্শকক আকৰ্ষিত কৰাত ব্যৰ্থ হৈছে ৷

এতিয়া প্ৰশ্ন হয় কংগনাৰ আগন্তুক বহু প্ৰত্যাশিত ‘ইমাৰজেন্সি’ ছবিখনে বক্স অফিচত দেখুৱাব পাৰিব নে যাদু ? নে এইখনো ফ্লপ হ’ব ? সেয়া গম পোৱা যাব মুক্তিৰ পাচত হে ৷ এই ছবিখন 24 নৱেম্বৰত ছবিগৃহত মুক্তি পাব বুলি কোৱা হৈছে ৷

লগতে পঢ়ক: Kangana Ranaut is interested in politics: বিজেপিৰ মিছন ২৪ৰ অংশ হ'ব নেকি বলীউডৰ কুইন ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.