চিটাৰা ডেস্ক, 9 এপ্ৰিল : মনোৰঞ্জন জগতৰ আটাইতকৈ প্ৰতিষ্ঠিত আৰু প্ৰসিদ্ধ বঁটা প্ৰদান অনুষ্ঠান অস্কাৰৰ দৰ্শক এইবাৰ সাক্ষী হৈ ৰ’ল এক অনাকাংক্ষিত ঘটনাৰ (Oscars 2022) ৷ অস্কাৰৰ মঞ্চত এইবাৰ সংঘটিত হোৱা এই ঘটনাই দেশজুৰি লাভ কৰিছে বিপুল চৰ্চা (Oscar controversy 2022) ৷
কৌতুক অভিনেতা ক্ৰিছ ৰকক মঞ্চলৈ উঠি গৈ চৰ শোধাইছিল জনপ্ৰিয় অভিনেতা উইল স্মিথে (Will Smith Chris Rock oscars 2022) ৷ পত্নীক লৈ কৰা ব্যংগাত্মক মন্তব্যৰ পৰিপ্ৰেক্ষিতত এই আকস্মিক ঘটনাটো সংঘটিত হৈছিল স্মিথৰ হাতত ৷ অনুতপ্ত স্মিথে নিজৰ ভুল স্বীকাৰ কৰি ক্ষমাও বিচাৰিছিল ৰাজহুৱাকৈ ৷
একাডেমী অৱ্ মোছন পিক্চাৰ আৰ্টছ এণ্ড চায়েন্সেছ এ অস্কাৰ বঁটা বিজয়ী উইল স্মিথৰ বিৰুদ্ধে এতিয়া বিহিত ব্যৱস্থা গ্ৰহণ কৰিছে (Oscar Academy on Will Smith) ৷ একাডেমীয়ে হলীউডৰ অভিনেতাজনক পৰৱৰ্তী 10 বছৰৰ বাবে বহিস্কাৰ কৰিছে অস্কাৰ সমাৰোহৰ পৰা ৷
একাডেমী অৱ্ মোচন পিকচাৰ্ছ আৰ্টছ এণ্ড চাইন্সেছৰ সভাপতি ডেভিদ ৰুবিন আৰু মুখ্য কাৰ্যবাহী ডেন হাডচনে এক বিবৃতি জাৰি কৰি কয় যে, "বিগত বছৰত যিসকলে অবিশ্বাস্য কাম কৰিছিল তেওঁলোকক সন্মান জনোৱাৰ উদ্দেশ্যে ৯৪ তম অস্কাৰ অনুষ্ঠিত কৰা হৈছিল, কিন্তু উক্ত অনুষ্ঠানত উইল স্মিথৰ অগ্ৰহণযোগ্য আচৰণে সকলো শেষ কৰি পেলালে " ৷
৯৪ সংখ্যক অস্কাৰ বঁটা প্ৰদান অনুষ্ঠানত উইল স্মিথে তেওঁৰ ছবি 'কিং ৰিচাৰ্ড'ত তেওঁ কৰা সুন্দৰ অভিনয়ৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ অস্কাৰ বঁটা লাভ কৰিছিল । বঁটা প্ৰদানৰ সময়ত উইল স্মিথে তেওঁৰ ব্যৱহাৰৰ বাবে মঞ্চৰ পৰাই আয়োজক ক্ৰিছ ৰককে ধৰি সকলোৰে ওচৰত ক্ষমা বিচাৰিছিল ।
অনুষ্ঠানটোত কৌতুক অভিনেতা ক্ৰিছ ৰকে উইল স্মিথৰ পত্নী জাডা পিঙ্কেটৰ চুলি নথকা বিষয়ত কৌতুক কৰাৰ পাছত ইয়াক সহ্য কৰিব পৰা নাছিল । প্ৰথমাৱস্থাত তেওঁ কথাটো উপেক্ষা কৰিছিল যদিও পত্নীৰ মুখলৈ চাই উইল মঞ্চলৈ উঠি গৈছিল আৰু গোটেই পৃথিৱীবাসীৰ সন্মুখত এই অশ্লীল কৌতুকটোৰ বাবে ৰকৰ গালত শোধাইছিল চৰ ৷
বিশ্বজুৰি বহু চৰ্চা হৈছে ৰকৰ এই ধেমালিৰ আৰু স্মিথৰ এই ব্যৱহাৰৰ ৷ শেষত একাডেমীয়ে বহু আলোচনা-বিলোচনাৰ অন্তত স্মিথক অস্কাৰৰ পৰা 10 বছৰ আঁতৰাই ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷
লগতে পঢ়ক: Grammy awards not remembered Lata Mageshkar: গ্ৰেমি এৱাৰ্ডছৰ মঞ্চত স্মৰণ কৰা ন’হল লতাদীক