ETV Bharat / entertainment

Selena Gomez: ইনষ্টাগ্ৰামত সৰ্বাধিক ফল’ৱাৰৰে ইতিহাস ৰচিলে চেলেনা গোমেজে

author img

By

Published : Mar 19, 2023, 12:30 PM IST

পূৰ্বে ইনষ্টাগ্ৰামত আটাইতকৈ অধিক ফল’ৱাৰ থকা মহিলা চেলিব্ৰিটি আছিল কাইলী জেনাৰ ৷ কিন্তু বৰ্তমান কাইলীক পৰাস্ত কৰি সৰ্বাধিক ফল’ৱাৰ লাভ কৰা প্ৰথমগৰাকী মহিলা হিচাপে পৰিগণিত হৈছে চেলেনা গোমেজ (Selena Gomez instagram followers) ৷ কিমান ফল’ৱাৰ হৈছে চেলেনা গোমেজ ? জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

Selena Gomez becomes first woman to hit 400 million followers on Instagram
সৰ্বাধিক ফল’ৱাৰ লাভ কৰা প্ৰথমগৰাকী মহিলা হিচাপে পৰিগণিত হৈছে চেলেনা গোমেজ

চিটাৰা ডেস্ক, 19 মাৰ্চ: ইনষ্টাগ্ৰামত আটাইতকৈ অধিক ফল’ৱাৰ থকা মহিলা চেলিব্ৰিটি হিচাপে ইতিহাস ৰচিলে কণ্ঠশিল্পী তথা অভিনেত্ৰী চেলেনা গোমেজে ৷ অৱশ্যে পূৰ্বে ইনষ্টাগ্ৰামত আটাইতকৈ অধিক ফল’ৱাৰ থকা মহিলা চেলিব্ৰিটি আছিল কাইলী জেনাৰ (Kylie Jenner Instagram followers) ৷ কিন্তু কোৱা হয়, সময় সলনি হ’বলৈ সময় নালাগে ৷ তাকেই যেন প্ৰমাণিত হ’ল চেলেনা গোমেজেৰ ক্ষেত্ৰতো ৷ ইনষ্টাগ্ৰামত সৰ্বাধিক ফল’ৱাৰেৰে চেলেনাই এইবাৰ কাইলি জেনাৰক পৰাস্ত কৰি গঢ়িলে অভিলেখ (Selena Gomez instagram followers) ৷

শেহতীয়াকৈ ইনষ্টাগ্ৰামত 800 মিলিয়ন অৰ্থাৎ ৪০ কোটি ফল’ৱাৰ লাভ কৰিছে চেলেনাই (Most Followed Female On Instagram) ৷ অৰ্থাৎ ছ’চিয়েল মিডিয়া প্লেটফৰ্মত এই যাদুকৰী নম্বৰ লাভ কৰা প্ৰথমগৰাকী মহিলা হৈছে অভিনেত্ৰী চেলেনা গোমেজ (Selena Gomez Instagram followers) ৷

উল্লেখ্য যে, ইয়াৰ পূৰ্বে ইনষ্টাগ্ৰামত আটাইতকৈ অধিক ফল’ৱাৰ থকা মহিলা আছিল কাইলী জেনাৰ । কাইলি জেনাৰৰ বৰ্তমান ইনষ্টাগ্ৰাম ফল’ৱাৰ হৈছে 382 মিলিয়ন (Kylie Jenner) ৷ বিগত মাহত ছ’চিয়েল মিডিয়াৰ পৰা বিৰতি লোৱাৰ কথা ঘোষণা কৰিছিল চেলেনাই ৷ ইয়াৰ পিচতে ছ’চিয়েল মিডিয়াত আৰু অধিক জনপ্ৰিয় হৈ পৰিছিল চেলেনা ৷ এই ঘোষণাৰ পিচতে তীব্ৰ গতিত বাঢ়িব ধৰিছিল চেলেনাৰ ফল’ৱাৰ (400 million followers on Instagram) ৷

ছ’চিয়েল মিডিয়া প্লেটফৰ্ম টিকটকত লাইভত চেলেনাই কৈছিল, "মই যথেষ্ট সুখী ৷ মই ভালেই আছোঁ, মই যিদৰে আছো তেনেকৈয়ে মই নিজকে ভাল পাওঁ, কোনোবাই মোক ভাল পাওক নাপাওক সেই বিষয়ে মই গুৰুত্ব নিদিও ৷ মই ছ'চিয়েল মিডিয়াৰ পৰা অলপ বিৰতি ল’ব খুজিছো ৷"

অৱশ্যে এই ঘোষণাৰ পিচতে অতি সোনকালেই চেলেনা উভতি আহে ইনষ্টাগ্ৰামত ৷ বিৰতিৰ পিচত ইনষ্টাগ্ৰামত পূৰ্বতকৈ অধিক পোষ্ট কৰিবলৈ লয় চেলেনাই ৷ কেতিয়াবা যদি নিজৰ সৰুকালৰ ফটো পোষ্ট কৰিছিল আন কেতিয়াবা আকৌ পৰিয়ালৰ সৈতে অতিবাহিত কৰা সময়ৰ ফটোও পোষ্ট কৰা দেখা যায় ৷ (ANI)

লগতে পঢ়ক: Selena Gomez quits social media: কিহৰ বাবে চেলেনা গোমেজে ল’লে এই ডাঙৰ সিদ্ধান্ত ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.