ETV Bharat / entertainment

Oscars 2023: অস্কাৰ ক’ত অনুষ্ঠিত হ’ব ? ক’ত চাব পাৰিব অস্কাৰৰ লাইভ অনুষ্ঠান ? জানিব লওক সকলো

author img

By

Published : Mar 10, 2023, 2:10 PM IST

আপুনি জানেনে বাৰু ক’ত অনুষ্ঠিত হ’ব অস্কাৰ বঁটা অনুষ্ঠান ? ক’ত লাইভ সম্প্ৰচাৰ চাব পাৰিব জানেনে ? কোন কেইখন শ্ৰেষ্ঠ ছবিৰ বাবে মনোনীত হৈছে জানেনে ৷ জানিবলৈ পঢ়ক এই সম্পূৰ্ণ প্ৰতিবেদন ৷

Oscars 2023: All you need to know about Academy Awards from date, time to nominees
অস্কাৰৰ বিষয়ে জানি লওক কিছু কথা

চিটাৰা ডেস্ক, 10 মাৰ্চ: ২০২২ চনত অস্কাৰ অনুষ্ঠানত উইল স্মিথে আমেৰিকাৰ কমেডিয়ান তথা অনুষ্ঠানৰ আয়োজক ক্ৰীছ ৰকক চৰ মাৰিছিল (Academy Awards 2023)। পূৰ্বৰ অনুষ্ঠানৰ “স্লেপ” বিতৰ্কক অতিক্ৰম কৰাৰ আশাত আমেৰিকাৰ চলচ্চিত্ৰ উদ্যোগে ৯৫ সংখ্যক একাডেমী বঁটাৰ বাবে প্ৰস্তুতি চলাই আছে । এইবাৰৰ অস্কাৰৰ আকৰ্ষণীয় দিশটো হ’ল ডেনিয়েল কোৱান আৰু ডেনিয়েল শ্বেইনাৰ্টৰ ইণ্ডি চাই-ফাই হিট ছবি এভাৰিথিং এভাৰিৱেৰ অল এট ৱান্স, ছবিখনে এইবাৰৰ অস্কাৰত ১১টা মনোনয়ন লাভ কৰে (All you need to about oscars 2023)।

ক’ত অনুষ্ঠিত হ’ব অস্কাৰ ?

১২ মাৰ্চত অৰ্থাৎ দেওবাৰে আমেৰিকাৰ লছ এঞ্জেলছৰ ডলবি থিয়েটাৰত অস্কাৰ বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হ’ব । সন্ধিয়া ৮ বজাৰ পৰা আৰম্ভ হ’ব এই অনুষ্ঠান । EST (১৩ মাৰ্চ, ভাৰতীয় ষ্টেণ্ডাৰ্ড টাইম অনুসৰি সোমবাৰে পুৱা ৫:৩০ বজাত) আৰু এবিচিত লাইভ ষ্ট্ৰীম কৰা হ’ব ।

ক’ত চাব পাৰিব অস্কাৰৰ লাইভ ?

Hulu Live TV, YouTube TV, AT&T TV, বা Fubo TV ৰ চাবস্ক্ৰিপচনৰ সৈতে যিকোনো ব্যক্তিয়ে সম্প্ৰচাৰ চাব পাৰিব । এই সেৱাসমূহৰ কিছুমানে চমু পৰীক্ষামূলক ব্যৱস্থা প্ৰদান কৰে যিবোৰ বিনামূলীয়া । এবিচি ডট কম আৰু এবিচি মোবাইল এপতো লাইভ চাব পাৰিব ।

এই বছৰৰ আয়োজক কোন ?

২০১৮ চনৰ পিচত তৃতীয়বাৰৰ বাবে আৰু প্ৰথমবাৰৰ বাবে জিমি কিমেলে আয়োজক হিচাপে কাম কৰিব অস্কাৰত । কিমেলৰ পাচত আয়োজক অবিহনে এই অনুষ্ঠানটো পৰিচালনা কৰা হৈছিল কেইবাবছৰ । ৱাণ্ডা চাইকছ, ৰেজিনা হল আৰু এমি শ্বুমাৰে যোৱা বছৰত আয়োজকৰ দায়িত্বত ভাগ লৈছিল ।

কোনকেইখন চিনেমা শ্ৰেষ্ঠ ছবিৰ বাবে মনোনীত হৈছে?

অল কুইট অন দ্য ৱেষ্টাৰ্ণ ফ্ৰন্ট, অৱতাৰ: দ্য ৱে অৱ ৱাটাৰ, দ্য বানশ্বিছ অৱ ইনিশ্বেৰিন, এলভিছ, এভাৰিথিং এভাৰিৱেৰ অল এট ৱানছ, দ্য ফেবেলমেন্স, টাৰ, টপ গান: মেভেৰিক, ট্ৰাইএংগল অৱ ছ'ৰ', আৰু উইমেন টকিং এই ১০খন ছবি শ্ৰেষ্ঠ ছবিৰ বাবে মনোনীত হৈছে ।

কোনে উপস্থাপন কৰিব এইবাৰৰ অস্কাৰ ?

ভাৰতীয় অভিনেত্ৰী দীপিকা পাডুকনে অস্কাৰত উপস্থাপকৰ তালিকাত যোগদান কৰিব ৷ লগতে হেলি বেইলী, এণ্টনিঅ’ বাণ্ডেৰাছ, এলিজাবেথ বেংকছ, জেচিকা চেষ্টেইন, জন চ’, এণ্ড্ৰু গাৰ্ফিল্ড, হিউ গ্ৰাণ্ট, ডানাই গুৰিৰা, ছালমা হায়েক পিনাল্ট, নিকোল কিডমেন, ফ্ল’ৰেন্স পুগ , আৰু ছিগ'ৰ্নি ৱেভাৰে ৰিজ আহমেদ, এমিলি ব্লাণ্ট, গ্লেন ক্ল'জ, জেনিফাৰ কনেলি, আৰিয়ানা ডিব'জ, চেমুৱেল এল জেকচন, ড্ৱেইন জনছন, মাইকেল বি জৰ্ডান, ট্ৰয় কোটছুৰ, জনাথন মেজৰ, মেলিছা মেককাৰ্থী, জেনেল মনা, কুৱেষ্টলভ, জো ছালডানা, আৰু ডনি য়েন। বৃহস্পতিবাৰে প্ৰকাশ পোৱা তৃতীয় ঢৌৰ অভিনেতাসকলৰ ভিতৰত আছে হালে বেৰী, পল ডানো, কাৰা ডেলিভিং, হেৰিছন ফৰ্ড, কেট হাডছন, মিণ্ডী কালিং, ইভা লংগ’ৰিয়া, জুলিয়া লুই-ড্ৰেইফছ, এণ্ডি মেকড’ৱেল, এলিজাবেথ অলচেন, পেড্ৰ’ পাস্কেল, জন ট্ৰেভল্টা আদিয়ে উপস্থাপক হিচাপে যোগদান কৰিব অস্কাৰত ৷

লগতে পঢ়ক: Oscars 2023: স্মিথ-ক্ৰিছৰ দৰে কাণ্ড ৰোধ কৰিবলৈ অস্কাৰত প্ৰথমবাৰৰ বাবে অন্তৰ্ভুক্ত হ'বলৈ গৈ আছে 'Crisis Team'

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.