চিটাৰা ডেস্ক, 27 অক্টোবৰ: হামাছ আৰু ইজৰাইলৰ মাজত চলি থকা যুদ্ধৰ মাজতে প্ৰতিদিনে হলিউডৰ পৰা বলীউডলৈকে তাৰকাসকলে নিজৰ মতামত শ্বেয়াৰ কৰা দেখা যায় । ইফালে আমেৰিকাৰ জনপ্ৰিয় মডেল বেলা হাদিদে দীৰ্ঘদিন ধৰি মৌন হৈ পেলেষ্টাইনক সমৰ্থন কৰা দেখা গৈছিল । এই বিষয়ত সন্মুখলৈ আহি কেতিয়াও মডেলগৰাকীয়ে মন্তব্য প্ৰকাশ কৰা নাছিল ৷
কিন্তু এতিয়া এই বিষয়ত নিজৰ মৌনতা ভংগ কৰিছে মডেলগৰাকীয়ে । ছ’চিয়েল মিডিয়া একাউণ্টত এটা দীঘলীয়া পোষ্ট শ্বেয়াৰ কৰিছে মডেলগৰাকীয়ে । পোষ্টটো তেওঁ মৌন হৈ থকাৰ বাবে প্ৰথমে ক্ষমা বিচাৰে । পোষ্টটোত বেলাই লিখিছে, ‘‘মৌন হৈ থকাৰ বাবে আপোনালোকে মোক ক্ষমা কৰিব দিব । যোৱা দুটা ভয়ংকৰ সপ্তাহৰ বৰ্ণনা কৰিবলৈ মোৰ তাত সঠিক শব্দ নাই, দুটা সপ্তাহে সকলোৰে দৃষ্টি এনে এক পৰিস্থিতিৰ প্ৰতি আকৰ্ষিত কৰিছে য’ত নিৰীহ জীৱন হেৰুৱাইছে আৰু পৰিয়ালবোৰ ছিন্নভিন্ন হৈ পৰিছে ।’’
বেলা হাদিদে লগতে লিখিছে যে তেওঁৰ ক’বলগীয়া বহু কথা আছে, কিন্তু আজিৰ বাবে তেওঁ চুটিকৈ কথাখিনি ৰাখিব । ছুপাৰমডেলগৰাকীয়ে পোষ্টটোত বুজাই দিয়ে যে এই সকলোবোৰে তেওঁক কেনেদৰে প্ৰভাৱিত কৰিছিল । তেওঁ কয়, ‘‘প্ৰতিদিনে তেওঁক শ শ লোকে মৃত্যুৰ ভাবুকি প্ৰদান কৰিছে । মোৰ ফোনটোৰ সকলো তথ্য ফাদিল কৰা হৈছে । মই আৰু মোৰ পৰিয়ালে বিপদ অনুভৱ কৰিবলৈ আৰম্ভ কৰিছে । কিন্তু এতিয়া এই সকলোবোৰৰ ভয়ত মই আৰু মৌনতা অৱলম্বন নকৰো । বিকল্পও নাই । বিশেষকৈ গাজাত পেলেষ্টাইনৰ জনসাধাৰণ আৰু শিশুৱে মোৰ মৌনতাক সহ্য কৰিব নোৱাৰে । তেওঁলোক সাহসী, আমি নহয় ।’’
বেলা হাদিদৰ এই পোষ্ট অনুসৰি, পেলেষ্টাইনীসকলৰ অৱস্থা দেখি তেওঁ অতিকৈয়ে দুখ অনুভৱ কৰিছে । বিমান আক্ৰমণ আৰু ইয়াৰ ফলত হোৱা মৃত্যুৰ দৃশ্য দেখি মডেলগৰাকী শোকত ভাঙি পৰিছে । সন্তান হেৰুৱা অকলশৰীয়া মাতৃসকলৰ বাবে তেওঁ প্ৰাৰ্থনা কৰিছে ।
লগতে পঢ়ক: Israel-Hamas War: ইজৰাইল-হামাছ যুদ্ধত নিহত অভিনেত্ৰী মধুৰা নায়কৰ ভগ্নী-ভনী জোৱায়েক