ETV Bharat / entertainment

Selena Gomez: এই কাৰণেই চেলেনা গোমেজে ত্যাগ কৰিলে ছ’চিয়েল মিডিয়া

author img

By ETV Bharat Assamese Team

Published : Oct 31, 2023, 4:42 PM IST

ইজৰাইল-পেলেষ্টাইন যুদ্ধত ভাঙি পৰিছে হলিউডৰ গায়িকা চেলেনা গোমেজে । যাৰ বাবে কণ্ঠশিল্পীগৰাকীয়ে সকলো ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ পৰা বিৰতি লোৱাৰ কথা ঘোষণা কৰিছে ।

Hollywood singer Selena Gomez takes break from social media
ছ’চিয়েল মিডিয়া ত্যাগ কৰিলে চেলেনা গোমেজে

চিটাৰা ডেস্ক, 31 অক্টোবৰ: হলিউডৰ বিখ্যাত গায়িকা-অভিনেত্ৰী চেলেনা গোমেজ প্ৰায়ে কিবা নহয় কিবা কাৰণত বাতৰিৰ শিৰোনামত থাকে । সেয়া লাগিলে তেওঁৰ ব্যক্তিগত জীৱনৰ বাবেই হওক অথবা পেছাদাৰী জীৱনৰ বাবেই হওক । এতিয়া পুনৰ চেলেনা চৰ্চালৈ আহিছে ৷ অৱশ্যে এইবাৰ অভিনেত্ৰীগৰাকী নিজৰ এটা পোষ্টৰ বাবে লাইমলাইটলৈ আহিছে । আচলতে মঙলবাৰে নিজৰ ইনষ্টাগ্ৰামত ঘোষণা কৰিছিল যে তেওঁ ছ’চিয়েল মিডিয়াৰ পৰা বিৰতি লৈছে । কেৱল এয়াই নহয়, ইয়াৰ আঁৰৰ কাৰণো তেওঁ নিজৰ পোষ্টত প্ৰকাশ কৰিছে ।

hollywood-singer-selena-gomez-takes-break-from-social-media
চেলেনা গোমেজৰ ছ’চিয়েল মিডিয়া পোষ্ট

৬ অক্টোবৰৰ পৰা আৰম্ভ হোৱা ইজৰাইল-পেলেষ্টাইনৰ যুদ্ধ এতিয়াও অব্যাহত আছে । এই যুদ্ধত দুয়োখন দেশৰ হাজাৰ হাজাৰ লোকৰ মৃত্যু হৈছে যদিও এই যুদ্ধ এতিয়াও শাম কটা নাই । এনে পৰিস্থিতিত বহু চলচ্চিত্ৰ তাৰকাই নিজৰ মতামত প্ৰকাশ কৰিছে । এই যুদ্ধত কোনোবাই যদি ইজৰাইলক সমৰ্থন কৰিছে, আন বহুতে আকৌ পেলেষ্টাইনৰ বাবে আগবাঢ়ি আহিছে । এইক্ষেত্ৰত ব্যতিক্ৰম নহয় অভিনেত্ৰী চেলেনা গোমেজ । ইজৰাইল-পেলেষ্টাইনৰ সংঘাতৰ বিষয়ে ক’লে চেলেনাই ।

শেহতীয়াকৈ ইনষ্টাগ্ৰামত ষ্ট’ৰীত এটা পোষ্ট শ্বেয়াৰ কৰি লিখিছে- মই ছ’চিয়েল মিডিয়াৰ পৰা বিৰতি লৈছো কাৰণ পৃথিৱীত চলি থকা ভয়াবহতা, ঘৃণা, হিংসা আৰু আতংক দেখি মোৰ হৃদয়খন ভাঙি গৈছে । আমি সকলো মানুহক বিশেষকৈ শিশুসকলক সুৰক্ষা দিব লাগিব আৰু হিংসা চিৰদিনৰ বাবে বন্ধ কৰিব লাগিব । মোৰ কথাবোৰ বা হেচটেগবোৰ যদি সকলোৰে বাবে যথেষ্ট নহয় তেন্তে ক্ষমা কৰিব । নিৰীহ মানুহে আঘাত পোৱাটো মই সহ্য কৰিব নোৱাৰো । এইটোৱেই মোক বেমাৰত পেলায় । পৃথিৱীখন সলনি কৰিব পাৰিলে ভাল আছিল ।’’

লগতে পঢ়ক: Selena Gomez: ইনষ্টাগ্ৰামত সৰ্বাধিক ফল’ৱাৰৰে ইতিহাস ৰচিলে চেলেনা গোমেজে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.