ETV Bharat / elections

কংগ্ৰেছী নেত্ৰীৰ বিস্ফোৰক মন্তব্যঃ বিজেপি হৈছে মুছলমান, হিন্দু আৰু বাঙালী বিৰোধী - Congress

বিজেপিৰ সভালৈ টকাৰ বলতহে মানুহ আহে, তেওঁলোকৰ ৰাজনীতিত স্পষ্ট, তেওঁলোক মুছলমান বিৰোধী, বাঙালী বিৰোধী আৰু হিন্দু বিৰোধীঃ সুস্মিতা দেৱ ৷

সুস্মিতা দেৱ
author img

By

Published : Apr 13, 2019, 1:16 PM IST

শিলচৰ, 13 এপ্ৰিলঃ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰক লৈ উত্তাল হৈ আছে বৰাকৰ ৰাজনীতি ৷ শেহতীয়াকৈ নিৰ্বাচন সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰিলে শিলচৰ লোকসভা সমষ্টিৰ সাংসদ তথা চলিত নিৰ্বাচনৰ সমষ্টিটোৰ কংগ্ৰেছী প্ৰাৰ্থী সুস্মিতা দেৱে ৷

ইটিভি ভাৰতৰ স্থানীয় সাংবাদিক দিলীপ কুমাৰ সিঙৰ সৈতে হোৱা বাৰ্তালাপত সুস্মিতা দেৱে কয় যে, "নিৰ্বাচনত কোনে জয়লাভ কৰিব কোনে হাৰিব সেইটো ৰাইজৰ ওপৰত নিৰ্ভৰ কৰে ৷ মোৰ ৰাইজৰ ওপৰত আত্মবিশ্বাস আছে যে, ভোট আমি পাম ৷ বিজেপিয়ে টকাৰ বলত নিৰ্ভৰ কৰিয়ে নিৰ্বাচন খেলি আছে ৷ নৰেন্দ্ৰ মোডীৰ সভালৈ টকা দি মানুহ অনা হৈছে ৷ নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ বিজেপি দোধোৰ মোধোৰত পৰিছে ৷ ৰামনগৰৰ সভাত মোডীয়ে ইউ-টাৰ্ণ মাৰিলে, কিন্তু সেয়া ৰাইজে নিৰ্ণয় কৰিব ৷ আজি দেশৰ নিবনুৱা সমস্যা, কাছাৰ কাগজ কল, মূল্যবৃদ্ধি, জিএছটি, বিমুদ্ৰাকৰণ আদিৰ দ্বাৰা দেশৰ অৰ্থনীতিৰ যি লোকচান হৈছে সেয়া বহুত চিন্তনীয় বিষয় ৷ 40 লাখ লোকক বাদ দি যিসকল লোকৰ নাম এন আৰ চিত আহিছে, সেইসকল লোকে এইসমূহ সমস্যাৰ ওপৰত গুৰুত্ব দিব ৷ এগৰাকী সাধাৰণ লোকে নিজৰ সুৰক্ষা আৰু নিৰাপত্তাৰ প্ৰতি চিন্তা কৰিব ৷ বিজেপিয়ে হিন্দু-মুছলমান, মন্দিৰ-মছজিদ আদিৰ কথা কৈ ৰাইজক বিপথে পৰিচালনা কৰি আছে, কিয়নো বিজেপিৰ ওচৰত ৰাইজৰ সমস্যাৰ সমাধান নাই ৷ মোডীয়ে শিলচৰত দুবাৰ আহিছে, কিন্তু তেঁওৰেই মন্ত্ৰীয়ে কৈ আছে, ধুতীৰ ভোট নালাগে, লুঙ্গীৰ ভোট নালাগে, ইয়াৰ পৰাই সকলো কথা স্পষ্ট হৈ পৰিছে ৷ বিজেপি হৈছে মুছলমান বিৰোধী, বাঙালী বিৰোধী আৰু হিন্দু বিৰোধী, নিজৰ মাজতেই কথা সলনি কৰিছে প্ৰধানমন্ত্ৰীয়ে ৷ নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ সংসদত এটা কথা আৰু অসমত আহি এটা কথা কৈছে মোডীয়ে ৷ ইয়াৰ সকলো বিচাৰ ৰাইজে কৰিব ৷"

সুস্মিতা দেৱ

আনহাতে অহা কালি অৰ্থাৎ দেওবাৰে অসমলৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিব প্ৰিয়ংকা গান্ধী ৷ এই কথা প্ৰকাশ কৰি সকলো ৰাইজকে প্ৰিয়ংকা গান্ধীৰ ৰোড শ্ব'ত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাই কংগ্ৰেছ দলৰ শক্তিশালী নেতৃগৰাকীয়ে ৷

News Silchar 
নিজৰ প্ৰতি আত্ববিশ্বাস কিন্তু ৰায় টু ৰাইজে দিব ।মই কেতিয়াও কব নোৱাৰো যে মই জীতিম। বি জে পি পইচাৰ উপর নিৰ্বাচন খেলিছে ।নৰেন্দ্ৰ মোদীৰ সভাত পইছা দি ৰাইজ অনা হৈছিল। CAB লৈ বি জে পি পুৰাপুৰী Confused হৈ আছে । শিচৰৰ ৰামনগৰৰ সভাত CAB  লৈ PM  U টান ললে ।এতিয়া ৰাইজে বিচাৰ কৰিব কোনে সঁচা কথা কৈছে আর কোনে মিছা ।বি জে পি এন্টি মুছলিম এন্টি হিন্দু এন্টি বেংগলী।
Footage ftp 
Slug SILCHAR SUSHMITA DEB RALLY 1.
SILCHAR SUSHMITA DEV DL-1  EXCLUSIVE .
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.