তিনিচুকীয়া,১১ এপ্ৰিলঃ তিনিচুকীয়াত ভোট গ্ৰহণ সমাপ্ত কৰি ই ভি এম মেচিন ষ্ট্ৰং ৰুমত জমা দি থকাৰ সময়তে হঠাতে মাটিত ধলি পৰে এগৰাকী পলিং বিষয়া । জানিব পৰা মতে, অসুস্থ পুলিং বিষয়া গৰাকীজন ৫৭নং সাৰ্বজনীন বালিকা বিদ্যালয় ভোট কেন্দ্ৰৰ বাবুল নেওঁগ ।
পুলিং বিষয়াজন গুৰুতৰ ভাৱে অসুস্থ হৈ পৰাৰ পাছতে ততাতৈয়াকৈ লোকপ্ৰিয় গোপীনাথ বৰদলৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে জিলা প্ৰশাসনে ৷ উল্লেখ্য যে, ইয়াৰ পূৰ্বেও ভোট গ্ৰহণ চলি থকাৰ সময়তো এবাৰ অসুস্থ হৈ পৰিছিল পলিং বিষয়াজন ৷