ETV Bharat / elections

আঙুৰলতাৰ সৈতে পলাশবাৰীত হিমন্ত বিশ্বৰ পদযাত্ৰা - election cmapaining

প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ ১০ আসনৰ আটাইকেইখন আসনেই পাব বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ ৷ ভোটদানৰ বাবে প্ৰতিযোগিতা হ'ব লাগে বুলিও ক'লে মন্ত্ৰীগৰাকীয়ে ৷

পলাশবাৰীত হিমন্তৰ পদযাত্ৰা
author img

By

Published : Apr 18, 2019, 5:39 PM IST

18 এপ্ৰিল, কামৰূপঃ ২৩ এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে অব্যাহত আছে নিৰ্বাচনী প্ৰচাৰ । বৃহস্পতিবাৰে পলাশবাৰী বিধানসভা সমষ্টিত হিমন্ত বিশ্ব শৰ্মাই পদযাত্ৰা কৰি নিৰ্বাচনী প্ৰচাৰ চলায় ৷ অসম চৰকাৰৰ বিত্তমন্ত্ৰী তথা নেডাৰ আহ্বায়কগৰাকীয়ে ৭ নং গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কুইন ওজাৰ হৈ এইদৰে পদযাত্ৰা কৰি নিৰ্বাচনী প্ৰচাৰ চলায় ৷

পলাশবাৰীত হিমন্তৰ পদযাত্ৰা

মিৰ্জাৰ RB স্কুল খেলপথাৰৰ পৰা গুৱাহাটী-গোৱালপাৰা সংযোগী ১৭ ৰাষ্ট্ৰীয় ঘাইপথৰে বাটৰহাটলৈ প্ৰায় ৫-৬ কিমি পদযাত্ৰা কৰে । এই পদযাত্ৰাত হিমন্ত বিশ্ব শৰ্মাক সংগ দিয়ে বটদ্ৰৱা সমষ্টি বিধায়িকা আঙুৰলতা ডেকা, ঢেকীয়াজুলি সমষ্টিৰ বিধায়ক অশোক সিংহাল, পলাশবাৰী সমষ্টিৰ বিধায়ক প্ৰণৱ কলিতাৰ লগতে বিজেপিৰ নেতৃবৰ্গ আৰু তিনি শতাধিক বিজেপি কৰ্মীয়ে ।

পদযাত্ৰাৰ শেষত মন্ত্ৰী হিমন্ত বিশ্বই এইবাৰ পলাশবাৰী সমষ্টিৰ ১০০ শতাংশ লোককে ভোটদান কৰিবলৈ অনুৰোধ জনোৱাৰ লগতে ৭ নং গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থী কুইন ওজাক বৃহৎ ভোটৰ ব্যৱধানত জয়ী কৰাবলৈ আহ্বান জনায় । আনহাতে, ইতিমধ্যে হৈ যোৱা প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ ১০ আসনৰ আটাইকেইখন আসনেই পাব বুলি মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই ৷ লগতে তেওঁ কয় যে, ভাৰতত অভিলেখ সংখ্যক ভোটেৰে অসমত বিজেপি বিজয়ী হ'ব অৰু কেন্দ্ৰত আকৌ এবাৰ মোডী চৰকাৰ অধিষ্ঠিত হ'ব ৷

Slug:-A_Kam_HBS_Road_show_at_palashbari_811-818_vis+bite+photo_Ajay_Das

পলাশবাৰী সমষ্টিত হিমন্ত বিশ্ব শৰ্মাৰ পদযাত্ৰা কৰি নিৰ্বাচনী প্ৰচাৰ ।

Vo..ৰাজ্যত অনুষ্ঠিত হৈ গ'ল প্ৰথম পৰ্যায়ৰ নিৰ্বাচন আৰু আজি চলি আছে দ্বীতিয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন । অহা ২৩ এপ্ৰিলত অনুষ্ঠিত হ'ব তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন । এই নিৰ্বাচনক লৈ এতিয়া তৎপৰ প্ৰতিটো দলৰ লগতে প্ৰাৰ্থী । ঠাইয়ে ঠাইয়ে চলাইছে নিৰ্বাচনী প্ৰচাৰ । ৰাজ্যৰ বিভিন্ন ঠাইতে এতিয়া হিমন্ত বিশ্ব শৰ্মাই পদযাত্ৰা কৰি চলাইছে নিৰ্বাচনী প্ৰচাৰ । আজি ৭ নং গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কুইন ওজাৰ হৈ পদযাত্ৰা কৰি নিৰ্বাচনী প্ৰচাৰ চলাই বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । মিৰ্জাৰ RB স্কুল খেলপথাৰৰ পৰা গুৱাহাটী-গোৱালপাৰা সংযোগী ১৭ ৰাষ্ট্ৰীয় ঘাইপথৰে বাটৰহাটলৈ প্ৰায় ৫-৬ কিমি পদযাত্ৰা কৰে । এই পদযাত্ৰাত হিমন্ত বিশ্ব শৰ্মাক সংগ দিয়ে বটদ্ৰৱা সমষ্টি বিধায়িকা আঙুতলতা ডেকা,ঢেকীয়াজুলি সমষ্টিৰ বিধায়ক অশোক সিংহালৰ,পলাশবাৰী সমষ্টিৰ বিধায়ক প্ৰনৱ কলিতাৰ লগতে বিজেপিৰ নেতৃবৰ্গ আৰু তিনি শতাধিক সমৰ্থকে ।

Bite..

অাজিৰ এই পদযাত্ৰা শেষত মন্ত্ৰী হিমন্ত বিশ্বই এইবাৰ পলাশবাৰী সমষ্টিৰ ১০০ শতাংশ লোককে ভোটদান কৰিবলৈ অনুৰোধ জনাই ৭ নং গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থী কুইন ওজাক বৃহৎ ভোটৰ ব্যৱধানত জয়ী কৰাবলৈ আহ্বান জনায় । লগতে ইতিমধ্যে হৈ যোৱা প্ৰথম আৰু দ্বীতিয় পৰ্যায়ৰ ১০ আসনৰ গোটেই ১০ আসনেই পাব বুলি মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই ।

দক্ষিণ কামৰূপ/আজাৰা অজয় দাস,etv bharat assam

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.