মৰিয়নী,১১ এপ্ৰিলঃ পুৱাৰে পৰা লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহত যথেষ্ট ভিৰ পৰিলক্ষিত হৈছে । ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লগতে মৰিয়নী বিধানসভা সমষ্টিৰ এক লাখ তেৰ হাজাৰ ভোটাৰৰ মাজতো দেখিবলৈ পোৱা গ'ল বিশেষ উচাহ । নিজৰ ভোটদান সাব্যস্ত কৰিবলৈ পুৱাৰে পৰা শাৰী পাতিলে ৰাইজে । মৰিয়নীৰ কঠালগুৰি চাহ বাগিচাৰ ষ্টাফ ক্লাৱ ভোটগ্ৰহণ কেন্দ্ৰত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ৰাইজৰ লগত সমানে শাৰী পাতিলে মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ।
প্ৰখৰ ৰ'দত গাত চেলেং চাদৰ ধুতি পিন্ধি বিধায়ক গৰাকীৰ এই 'নিউ লুকে' বহুতৰে দৃষ্টি আকৰ্ষণ কৰে ।