কৰিমগঞ্জ,১৮ এপ্ৰিলঃ কৰিমগঞ্জৰ ১৫৩ আৰু ১৫২ নম্বৰ ভোট গ্ৰহণ কেন্দ্ৰত তীব্ৰ উত্তেজনা ।নিৰ্বাচনী নিৰীক্ষকৰ বিৰুদ্ধে বিজেপিৰ হৈ কাম কৰাৰ অভিযোগ । নিৰ্বাচন কমিচনে দিয়া ভোটাৰ স্লিপেৰে ভোট দিয়াত বাধা প্ৰদান কৰাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি । ভোটদান বন্ধ কৰাক কেন্দ্ৰ কৰি প্ৰাক্তন মন্ত্ৰী ছিদ্দেক আহমেদ আৰু আৰক্ষীৰ মাজত খণ্ডযুদ্ধৰ সৃষ্টি ।
উল্লেখযোগ্য যে গধূলিলৈকে ভোটকেন্দ্ৰ দুটাত বন্ধ আছে ভোটগ্ৰহণ ।ইতিমধ্যে বৰ্খাস্থ কৰা হয় দুখন প'লিং ষ্টেশনৰ প'লিং অফিচাৰ আৰু প্ৰিজাইডিং অফিচাৰক।