নিউজ ডেস্ক,11 এপ্ৰিলঃ ৰাজ্যৰ 5 টা সমষ্টিত আৰম্ভ হৈছে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰক্ৰিয়া । এই 5 টাকৈ সমষ্টিৰ জনসাধৰণে পুৱাৰে পৰা নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ভোট কেন্দ্ৰসমূহত উপস্থিত হ'ল যদিও সমষ্টিকেইটাৰ বহু ঠাইত বিকল হৈ থাকিল ই.ভি.এম মেচিন । 13 নং লোকসভা সমষ্টিৰ অন্তৰ্গত দুলিয়াজান বিধানসভা সমষ্টিৰ দুৰ্গা নগৰ, কলিয়াবৰ লোকসভাৰ ধিং সমষ্টিৰ 2নং পুথিমাৰী মুক্তাব বিদ্যালয়তস্থিত 119 নং ভোটকেন্দ্ৰ, লাহোৱাল সমষ্টিৰ বকুল অন্তৰ্গত তেলিয়াপথাৰ প্ৰাথমিক বিদ্যালয়ত 99 নম্বৰ ভোট কেন্দ্ৰ,ডিমৌ সমীপৰ আঠাবাৰীৰ 106 নং ভোটগ্ৰহণ কেন্দ্ৰৰ তিনিটাকৈ ঠাইৰ লগতে যোৰহাট সমষ্টিৰ আমগুৰিৰ 51 নং ভোট কেন্দ্ৰতো বিকল হৈ পৰে ই.ভি.এম মেচিন । যাৰ বাবে জনসাধৰণে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ নাপায় ক্ষোভিত হৈ পৰে । আনহাতে, বৰ্তমানলৈও কিছু ঠাইত ই.ভি.এম মেচিনৰ বাবে ভোটাৰে ভোটদান সাব্যস্ত কৰিব পৰা নাই ৷
ৰাজ্যৰ বহুকেইটা ভোটগ্ৰহণ কেন্দ্ৰত বিকল EVM মেচিন - প্ৰথম পৰ্যায়ৰ নিৰ্বাচন
ৰাজ্যৰ 5টা সমষ্টিত অনুষ্ঠিত হোৱা প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ঠায়ে ঠায়ে বিকল ই.ভি.এম মেচিন
![ৰাজ্যৰ বহুকেইটা ভোটগ্ৰহণ কেন্দ্ৰত বিকল EVM মেচিন](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2968202-thumbnail-3x2-evmjpg.jpg?imwidth=3840)