দক্ষিণ কামৰূপ, 23 এপ্ৰিলঃ ৰাজ্যত তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ চলি থকাৰ সময়তে বিভিন্ন প্ৰান্তত ইভিএম বিকল হৈ পৰিছে ৷ শেহতীয়াকৈ দক্ষিণ কামৰূপৰ এটি ভোটগ্ৰহণ কেন্দ্ৰত ই ভি এম বিকল হৈ পৰাক লৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৷
জিলাখনৰ বৰিহাট ফুলগুৰি নিম্ন প্ৰাথমিক বিদ্যালয়ত ইভি এম বিকল হৈ পৰাক লৈ এইদৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ বিদ্যালয়খনৰ 51নং সোঁ-শাখাত বিকল হৈ পৰে ইভিএম ৷ পশ্চিম গুৱাহাটী সমষ্টিৰ অন্তৰ্গত এই কেন্দ্ৰত প্ৰায় 650 গৰাকী ভোটাৰ আছে ৷ ইভিএম বিকল হৈ পৰাক লৈ নিৰ্বাচনী বিষয়াৰ সৈতে তৰ্কযুদ্ধত লিপ্ত হয় ভোটাৰ ৰাইজ ৷ বৰ্তমানেও কেন্দ্ৰটোত ভোটগ্ৰহণ আৰম্ভ হোৱা নাই ৷