বিলাসীপাৰা, 23 এপ্ৰিলঃ ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত বিলাসীপাৰাত তিনিটা কেন্দ্ৰত ই ভিএম বিকল হৈ পৰে ৷ প্ৰিজাইডিং বিষয়াৰ অকৰ্মন্যতাৰ বাবে ইভিএম বিকল হৈ পৰাৰ অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে ৷
ই ভিএম বিকল হৈ পৰা কেন্দ্ৰকেইটা হৈছে 488নং কলিয়াৰ খাল ভোট কেন্দ্ৰ, 2314নং টানপাৰা প্ৰাথমিক বিদ্যালয় আৰু 1628নং বেলতলী ভোটগ্ৰহণ কেন্দ্ৰ ৷ পুৱাৰে পৰা কেন্দ্ৰকেইটাত দেখা দিয়া ই ভিএম বিসংগতি অভিযন্তাই ঠিক কৰিবলৈ সক্ষম হয় ৷