ETV Bharat / elections

হিন্দী আৰু ইংৰাজী ক'ব নোৱাৰে পল্লৱলোচনেঃ ভানু - এম জি ভি কে ভানু

বিহপুৰীয়াত নিৰ্বাচনী সভাত অংশ লৈ পল্লৱলোচনক শিক্ষাৰ গুৰুত্ব সম্পৰ্কে বুজালে তেজপুৰ লোকসভা সমষ্টিৰ কংগ্ৰেছী প্ৰাৰ্থী তথা প্ৰাক্তন সৰ্বভাৰতীয় সেৱাৰ বিষয়া এম জি ভি কে ভানুৱে

এম জি ভি কে ভানু
author img

By

Published : Apr 4, 2019, 5:00 PM IST

বিহপুৰীয়া, 4 এপ্ৰিলঃ বিহপুৰীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত নাৰায়নপুৰত বহুকেইখন নিৰ্বাচনী সভাত ভাগ লয় তেজপুৰ লোকসভা সমষ্টিৰকংগ্ৰেছৰপ্ৰাৰ্থী এম জি ভি কে ভানুৱে ৷ নিৰ্বাচনী সভাতঅংশগ্ৰহণ কৰি বিজেপি প্ৰাৰ্থী পল্লৱলোচন দাসক ইংৰাজী আৰু হিন্দীত কথা ক'বলৈ প্ৰত্যাহ্বান জনায় প্ৰাক্তন আই এ এছ বিষয়াগৰাকীয়ে ৷

এম জি ভি কে ভানু

পল্লৱলোচন দাস তথা বিজেপি দলে শালীনতাৰ সীমা চেৰাই গৈ বুঢ়া গৰু বুলি কৰা অপমানৰ প্ৰত্যুত্তৰত পল্লৱলোচনক সঠিক আৰু মাৰ্জিত ভাষাৰে সমালোচনা কৰে কংগ্ৰেছী প্ৰাৰ্থীগৰাকীয়ে ৷ পল্লৱ লোচনে বয়োজ্যেষ্ঠ সকলক সন্মান কৰিব নাজানে, অসমৰ ৰাইজক গুৰুত্ব নিদি নাগৰিকত্ব সংশোধনী বিধেয়ক কাৰ্যকৰী কৰাত গুৰুত্ব দিয়া বিজেপিৰ অহংকাৰেই ইয়াৰ মূল কাৰণ বুলি কয় ভানুৱে ৷

প্ৰাক্তন বিধায়ক ভূপেন বৰাক লগত লৈ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰে ভানুৱে ৷ আনহাতে ভানুৰ লগতে ভূপেন বৰায়ো বিজেপি দলক সমালোচনা কৰে ৷ সাত বছৰৰ আগতেই ৰাজনীতিৰ পৰা অৱসৰ গ্ৰহণ কৰা প্ৰাক্তন বিধায়ক দেৱানন্দ হাজৰিকাক লৈ পল্লৱলোচনে বুঢ়া গৰুৰ কথা কোৱাটো একেবাৰে দুৰ্ভাগ্যজনক বুলি কয় বিধায়ক ভূপেন বৰাই ৷

Intro:আজি বিহপুৰীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত নাৰায়ণপুৰৰ কেইবাখনো নিৰ্বাচনীী সভাত ভৰগ লয় MGVK ভানুৱে৷ লগত উপস্থিত থাকে প্ৰাক্তন বিধায়ক ভূপেন কুুমাৰ বৰা৷ Body:নাৰায়ণপুৰৰ নিৰ্বাচনী সভাত তেজপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী MGVK ভানু৷ পলৱ লোচন দাসলৈ ভানুৰ মুকলি প্ৰত্যাহ্বানঃ পল্লব লোচনে সংসদত কথা ক'ব নোৱাৰে৷ ইংৰাজী আৰু হিন্দীত ভানুৰ সমান দখল নাই পল্লৱ লোচনৰ৷
পল্লৱ লোচন দাসে এমজিভিকে ভানুক বুঢ়া গৰু বুলি কোৱাৰ সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ভানু আৰু প্ৰাক্তন বিধায়ক ভূপেন কুমাৰ বৰাই৷ ভানুক বুঢ়া গৰু বুলি কৈ পল্লব লোচনে অপমান কৰিছে বয়োজ্যেষ্ঠসকলক৷ ৭ বছৰৰ আগতেই অৱসৰ গ্ৰহণ কৰা বিহপুৰীয়াৰ বিধায়ক দেৱানন্দ হাজৰিকাক কাষত লৈ এই মন্তব্য কৰাটো দুৰ্ভাগ্যজনক বুলি কয় ভূপেন কুমাৰ বৰাই৷ বিজেপি দল অহংকাৰী বুলি মত প্ৰকাশ কৰে ভানুহে৷ অসমৰ ৰাইজৰ কোনো কথা গুৰুত্ব নিদি নাগৰিকত্ব সংশোধনী বিধেয়ক অনাত বিজেপি দল বদ্ধপৰিকৰ বুলি কয় কংগ্ৰেছৰ প্ৰাৰ্থীজনে৷
মাধৱদেৱ কলাক্ষেত্ৰ ৬ মাহৰ ভিতৰত সম্পূৰ্ণ কৰা, মাধৱদেৱ মহাবিদ্যালয় বিশ্ববিদ্যালয়লৈ উন্নীত কৰা আদি বিজেপিৰ প্ৰতিশ্ৰুতিৰ সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিজেপি দলক তুলাধুনা দিয়ে প্ৰাক্তন বিধান ভূপেন কুমাৰ বৰাই৷

Conclusion:চাণক্য বৰুৱা, বিহপুৰীয়া৷
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.