ETV Bharat / elections

মুখ্যমন্ত্ৰীৰ উপস্থিতিত বৰপেটাৰোডত সাত শতাধিক কংগ্ৰেছী বিজেপিলৈ

author img

By

Published : Apr 19, 2019, 11:08 PM IST

বৰপেটাৰোডত কোকৰাঝাৰ লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰমীলাৰাণী ব্ৰহ্মৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ সভাতে কেইবা শতাধিক কংগ্ৰেছীয়ে যোগদান কৰে বিজেপি দলত ।

বৰপেটাৰোডত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

বৰপেটাৰোড,১৯ এপ্ৰিলঃ কোকৰাঝাৰ লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ বিপিএফৰ প্ৰাৰ্থী প্ৰমীলাৰাণী ব্ৰহ্মৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । উক্ত প্ৰচাৰ সভাতে কংগ্ৰেছ কৰ্মী জয়ন্ত বিশ্বাস আৰু দেৱ বৰাৰ নেতৃত্বত প্ৰায় সাত শতাধিক কংগ্ৰেছৰ কৰ্মীয়ে গেৰুৱা বসন পিন্ধে ৷ বিজেপি দলত যোগদান কৰা কংগ্ৰেছৰ কৰ্মী সকলক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে টুপি আৰু গেৰুৱা বস্ত্ৰ পিন্ধাই আদৰণি জনায় ৷

বৰপেটাৰোডত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

ইফালে বিজেপিৰ ৰাজ্যিক সভাপতি তথা সৰভোগৰ বিধায়ক ৰণজিৎ দাসৰ কন্যা ৰোজাস্কীয়া ৰণজিতেও আনুষ্ঠানিক ভাৱে যোগদান কৰে বিজেপি দলত । মুখ্যমন্ত্ৰীৰ লগতে সভাত অংশগ্ৰহণ কৰে বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ দাস, অগপ সভাপতি অতুল বৰা, বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী আৰু ৰাজ্যসভাৰ সাংসদ বিশ্বজিত দৈমাৰীয়ে ।

Intro:তিনি খনকৈ হেলিকপ্টাৰলৈ বৰপেটাৰোডত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিজিপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ দাস অগপ সভাপতি অতুল বৰা, বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী আৰু ৰাজ্যসভাৰ সাংসদ বিশ্বজিত দৈমাৰীয়ে নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয় । কোকৰাঝাৰ লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰমীলাৰাণী ব্ৰহ্মৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় মুখ্যমন্ত্ৰী গৰাকীয়ে৷Body:বৰপেটাৰোড,19 এপ্ৰিলঃ কোকৰাঝাৰ লোকসভা সমষ্টিৰ মিত্ৰজোটৰ বিপিএফৰ প্ৰাৰ্থী প্ৰমীলাৰাণী ব্ৰহ্মৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সততা আৰু নিকা ভাৱমূৰ্ত্তি বুলি উল্লেখ কৰি গোটেই দেশৰ জনগন এতিয়া মোদীৰ পক্ষত থকা বুলি দাবী কৰে ৷ দুটা পৰ্যায়ত অনুষ্ঠিত হোৱা নিৰ্বাচনত আকৌ এবাৰ মোদী চৰকাৰ হব বুলি ইংগিত দিছে সেয়ে এইবাৰো নৰেন্দ্ৰ মোদীয়ে দেশৰ প্ৰধানমন্ত্ৰী হব বুলি কয় ৷ ৰাজ্যৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হৈ যোৱা নিৰ্বাচনত বিজেপি আৰু ইয়াৰ মিত্ৰজোটে ভাল ফলাফল লাভ কৰিব ৷ অসমৰ ১৪টা লোকসভা সমষ্টিৰ ভিতৰত বিজেপি আৰু ইয়াৰ মিত্ৰজোটে ১২ টাতেই জয়লাভ কৰিব বুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় ৷

কংগ্ৰেছ আৰু এ আই ইউ ডি এফ একেটা মুদ্ৰাৰ ইপিঠি সিপিঠি বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ অপৱিত্ৰ মিত্ৰতাই বৃহত্তৰ অমসৰ সমাজখনৰ ক্ষতি কৰিছে ৷ কংগ্ৰেছ আৰু এ আই ইউ ডি এফে ইতিমধ্যে দুটা পৰ্যায়ত ধাৰাশায়ী হৈছে ৷ তৃতীয় পৰ্যায়তো দল দুটাই ধাৰাশায়ী হব বুলি মুখ্যমন্ত্ৰীয়ে কয় ৷ অসমৰ ৰাইজ সদায় স্বচ্ছ আৰু নিকা বুলি উল্লেখ কৰি ৰাইজ সজাগ হোৱাৰ কথাও উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে ৷
কোকৰাঝাৰ লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰমিলাৰাণী ব্ৰহ্মক নাঙলৰ ছবিত ভোট দি জয়যুক্ত কৰাৰ আহ্বান জনাই কয় মুখ্যমন্ত্ৰীয়ে কয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সকলোকে আস্থা আৰু বিশ্বাসতলৈ ’সবকা সাথ সবকা বিকাশ’ৰ কথা কৈছে সেয়ে মুখ্যমন্ত্ৰী গৰাকীয়ে সকলো ধৰ্মকে সমান মৰ্যাদা দিয়াৰ কথা উল্লেখ কৰে ৷
প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুন গগৈ কংগ্ৰেছৰ জেষ্ঠ ৰাজনৈতিক নেতা সেয়ে তৰুন গগৈয়ে গম পাইছে এইবাৰ কংগ্ৰেছে ৰাইজৰ মন জয় কৰিব নোৱাৰে ৷ কংগ্ৰেছৰ ৫৫ বছৰীয়া নাটকৰ যৱনিকা পৰিছে ৷ কংগ্ৰেছ দল বৰ্তমান অচল হোৱা বুলিও মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মন্তব্য কৰে ৷ সভাত বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ দাস অসম গণ পৰিষদৰ সভাপতি অতুল বৰা বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী ৰাজ্যসভাৰ সাংসদ বিশ্বজিত দৈমাৰীয়ে উপস্থিত থাকি সাংসদ নৱ শৰণীয়া আৰু ইউ পি পি এল দলৰ প্ৰাৰ্থী উৰ্খাও গৌৰা ব্ৰহ্মকো ক্ষুৰধাৰ সমালোচনা কৰি প্ৰমীলা ৰাণী ব্ৰহ্মক ভোট দি জয়ী কৰাবলৈ আহ্বান জনায় ৷
Conclusion:আজিৰ সভাত কংগ্ৰেছ কৰ্মী জয়ন্ত বিশ্বাস আৰু দেব বৰাৰ নেতৃত্বত প্ৰায় সাত শতাধিক কংগ্ৰেছৰ কৰ্মীয়ে গেৰোৱা বসন পিন্ধে ৷ বিজেপি দলত যোগদান কৰা কংগ্ৰেছৰ কৰ্মী সকলক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে টুপি আৰু গেৰুৱা বস্ত্ৰ পিন্ধাই আদৰনী জনায় ৷ ইপিনে বিজেপিৰ ৰাজ্যিক সভাপতি তথা সৰভোগৰ বিধায়ক ৰণজিৎ দাসৰ কন্যা ৰোজাস্কীয়া ৰণজিতেও বিজেপি দলত আনুষ্ঠানিক ভাৱে যোগদান কৰে ৷
অন্যহাতে চাৰিগৰাকী সাংবাদিকক ৰাষ্ট্ৰদ্ৰোহত অভিযুক্ত কৰা কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ কোনো নিৰ্দেশনা কোনো নিৰ্দেশনা অহা নাই বুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে স্পষ্ট কৰি দিয়ে ৷

Abdul Khaleque Ahmed Etv Bharat
Barpeta road
9957907059
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.