ETV Bharat / elections

কংগ্ৰেছৰ দিনত কোকৰাঝাৰলৈ মানুহ আহিব ভয় কৰিছিলঃ সোণোৱাল

author img

By

Published : Apr 17, 2019, 8:08 PM IST

চিৰাঙৰ বিজনী আৰু বাসুগাঁৱত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, অগপ সভাপতি অতুল বৰা, বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী আৰু ৰাজ্যসভাৰ সাংসদ বিশ্বজিত দৈমাৰীৰ নিৰ্বাচনী সভা । কোকৰাঝাৰ লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰমিলা ৰাণী ব্ৰহ্মৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰীগৰাকীয়ে৷

চিৰাঙৰ বিজনী আৰু বাসুগাঁৱত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্বাচনী প্ৰচাৰ

চিৰাং,17 এপ্ৰিলঃ চিৰাঙত বিপিএফৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী প্ৰমিলা ৰাণী ব্ৰহ্মৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ । বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী,অগপ সভাপতি অতুল বৰা,ৰাজ্যসভাৰ সাংসদ বিশ্বজিত দৈমাৰীয়ে নিৰ্বাচনী প্ৰচাৰত সংগ দিয়ে মুখ্যমন্ত্ৰীজনক ।

চিৰাঙৰ বিজনী আৰু বাসুগাঁৱত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্বাচনী প্ৰচাৰ

কোকৰাঝাৰ লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰমিলাৰাণী ব্ৰহ্মক নাঙলৰ ছবিত ভোট দি জয়যুক্ত কৰাৰ আহ্বান জনাই কয় "মই মুখ্যমন্ত্ৰী হিচাপে আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ যে আপোনালোকে আমাৰ প্ৰতিনিধিক জয়যুক্ত কৰক, আমি আপোনাৰ নিৰাপত্তা নিশ্চিত কৰিম, মান-সন্মান ৰক্ষা কৰিম । কংগ্ৰেছ চৰকাৰৰ দিনত কোকৰাঝাৰলৈ মানুহ আহিবলৈ ভয় কৰিছিল ৷ কিন্তু আমাৰ চৰকাৰ অহাৰ পিচতে হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত এই অঞ্চললৈ শান্তি শৃংখলা ঘূৰি আহিছে । গতিকে আমি কোনো বিভেদৰ ৰাজনীতি নকৰো ।"

সভাত অসম গণ পৰিষদৰ সভাপতি অতুল বৰাই উল্লেখ কৰে যে, " আমি ছয় জনগোষ্ঠীৰ জনজাতিকৰণত গুৰুত্ব প্ৰদান কৰিছো যিটো কংগ্ৰেছে কৰা নাছিল ।" সভাত উপস্থিত থাকি ৰাজ্যসভাৰ সাংসদ বিশ্বজিত দৈমাৰী আৰু বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়েও সাংসদ নৱ শৰণীয়া আৰু ইউ পি পি এল দলক সমালোচনা কৰি প্ৰমীলা ৰাণী ব্ৰহ্মৰ হৈ ভোট বিচাৰে ।

Intro:চিৰাঙৰ বিজনী আৰু বাসুগাঁওত মুখ‍্য মন্ত্ৰী সৰ্বানন্দ সোনোৱাল, অগপ সভাপতি অতুল বৰা, বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী আৰু ৰাজ‍্যসভাৰ সাংসদ বিশ্বজিত দৈমাৰীৰ নিৰ্ব্বাচনী সভা। কোকৰাঝাৰ লোকসভা সমষ্টিৰ মিত্ৰজোটৰ প্ৰাৰ্থী প্ৰমিলা ৰানী ব্ৰহ্মৰ হৈ এই নিৰ্ব্বাচনী প্ৰচাৰ ।

Body:চিৰাঙত বিপিএফৰ কোকৰাঝাৰ লোকসভা সমষ্টীৰ প্ৰাৰ্থী প্ৰমিলা ৰানী ব্ৰহ্মৰ হৈ নিৰ্ব্বাচনী প্ৰচাৰত অসমৰ মুখ্যমন্ত্ৰী সৰ্ব্বানন্দ সোনোৱাল । জিলাখনৰ বিজনী আৰু বাসুগাঁও এই দুঠাইৰ নিৰ্ব্বাচনী সভাত অংশগ্ৰহন কৰি প্ৰচাৰ চলায় মুখ্য মন্ত্ৰীজনে । বিটিচিৰ মুখ্য হাগ্ৰামা মহিলাৰী,অগপ সভাপতি অতুল বৰা,ৰাজ্যসভাৰ সাংসদ বিশ্বজিত দৈমাৰীয়ে নিৰ্ব্বাচনি প্ৰচাৰত সংগ দিয়ে মুখ্য মন্ত্ৰীজনক । বিয়লি ১ বজাত দুটাকৈ হেলিকপ্টাৰেৰে আহি প্ৰথমে উপস্থিত হয় চিৰাঙৰ বিজনী ক্ৰীড়া সন্থাৰ খেলপথাৰত তাৰ পিচতে বাসুগাঁওৰ নিৰ্ব্বাচনী সভাত অংশগ্ৰহন কৰে । মুখ্যমন্ত্ৰীয়ে নিজৰ ভাষনৰ আৰম্ভনিতে কয় যে, কোকৰাঝাৰ লোকসভা সমষ্টীৰ মিত্ৰজোটৰ প্ৰাৰ্থী পমিলা ৰাণী ব্ৰহ্মক নাঙলৰ ছবিত ভোট দি জয়যুক্ত কৰাৰ আহ্বান জনাই কয় মই মুখ্য মন্ত্ৰী হিচাবে আপোনা লোকক প্ৰতিশ্ৰুতি দিছো যে আপোনালোকে আমাৰ প্ৰতিনিধিক জয়যুক্ত কৰক আমি আপোনাৰ নিৰাপত্তা নিশ্চিত কৰিম,মান সনম্মান ৰক্ষা কৰিম । এটা সময়ত কংগ্ৰেছ চৰকাৰৰ দিনত এই কোকৰাঝাৰলৈ মানুহ আহিবলৈ ভয় কৰিছিল কিন্ত আমাৰ চৰকাত অহাৰ পিচতে হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত এই অঞ্চলত শান্তি শৃঙ্খলা ঘুৰি আহিছে । গতিকে আমি কোনো বিভেদৰ ৰাজনীতি নকৰো । আমি সকলো জাতী জনগোষ্টী,ধৰ্মাৱলম্বি লোকক লগত লৈ উন্নয়নৰ ৰাজনীতি কৰো । প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আমি কোনো ধৰনৰ হস্থীয়া ৰাজনীতি কৰা নাই । গতিকে আপোনালোকেও এই অঞ্চলৰ পৰা বড়ো-অবড়োৰ ৰাজনীতি বন্ধ কৰক । আমি বিভেদ কৰি থাকিলে উন্নয়ন বাধাগ্ৰস্থ হব বুলি কয় মুখ্য মন্ত্ৰী জনে । মুখ্যমন্ত্ৰী জনে বিগত সময়ত চৰকাৰে উন্নয়নৰ বাবে লোৱা আঁচনিৰ কথা দোহাৰে নিজৰ ভাষনত । গতিকে বিজনী বিধান সভা সমষ্ঠীৰ ১ লাখ ৪৯ হেজাৰ লোকৰ পৰা কিমান ভোট আমাক দিব বুলি ৰাইজলৈ প্ৰশ্ন কৰে । তেওঁ আৰু কয়  যে কোকৰাঝাৰৰ পৰা অইন লোকক জিকাই লাভ নাই । কাৰন আপোনালোকৰ নিৰাপত্তা আমিহে দিম বুলি কয় । প্ৰমিলা বাইদেউ জিকিলে আপোনালোকৰ সকলো ধৰনৰ উন্নয়নৰ কাম আমি কৰিম । ইয়াত কংগ্ৰেছকে আদি কৰি বহু নিৰ্দলীয় প্ৰাৰ্থী আছে যদিও কোনো কাম কৰিব নোৱাৰিব । মোদী ডাঙৰীয়াৰ নেতৃত্বত আমিহে আপোনালোকৰ উন্নয়ন,নিৰাপত্তা দিম বুলিও কয় । ৰাইজৰ পৰা এক লাখ ভোটৰ আশা কৰি আকৌ এবাৰ মোদী চৰকাৰ বুলি শ্লোগান দিয়ে হিন্দী,বাংলা আৰু অসমীয়াতো কথা কলে মুখ্যমন্ত্ৰী জনে । তেওঁ প্ৰাক্তন প্ৰধান মন্ত্ৰী সকলক সমালোচনা কৰি মোদীৰ বন্দনাও কৰিলে । 

      সভাত অসম গণ পৰিষদৰ সভাপতি অতুল বৰাই নিজৰ ভাষনত বহুৰ শুভেচ্ছাৰে নিজৰ ভাষন আৰম্ভ কৰি কয় যে প্ৰথম পৰ্য্যায়ৰ নিৰ্ব্বাচনত আমাৰ মিত্ৰজোটৰেই জয় জয়কাৰ । আমি সকলোলোৱে একেলগে মিত্ৰজোটৰ হৈ নিৰ্ব্বাচনী প্ৰচাৰ চলাইছিলো । অসম এটি পিচপৰা অঞ্চল আৰু সমস্যা বহুল অঞ্চল । অসমৰ এই সমস্যা সমুহ আমি সৃষ্টী কৰা নহয়,বিগত সময়ত কংগ্ৰেছ দলৰ শাসন কালত এই সমুহ সমস্যাৰ সৃষ্টী কৰি থৈছে যিবোৰ আজি আমি মিত্ৰজোটৰ চৰকাৰে এটা এটাকৈ সমাধান কৰি আছো বুলি কয় । অতুল বৰাই নিজৰ ভাষনত আৰু কয় যে এই অঞ্চলত হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত বিটিচিত শান্তি ঘুৰি আহিছে বহু উন্নয়ন হৈছে । মিত্ৰজোটৰ চৰকাৰ হোৱাৰ পিচতে মাননীয় মুখ্যমন্ত্ৰী সৰ্ব্বানন্দ সোনোৱালে বিটিচিৰ উন্নয়নত বহু পৰিমানে গুৰুত্ব প্ৰদান কৰিছে । আজি আমি মিত্ৰজোটে ছয় জনগোষ্টীৰ জনজাতিকৰনত গুৰুত্ব প্ৰদান কৰিছো যিটো কংগ্ৰেছে কৰা নাছিল । বিগত সময়ত কংগ্ৰেছে অসমত দুৰ্নিতি,ভ্ৰষ্টাচাৰৰ বাহিৰে একো নকৰিলে । আৰু যদি আকৌ কংগ্ৰেছৰ চৰকাৰ আহে তেনেহলে আকৌ দুৰ্নিতি হব । আমাৰ চৰকাৰে দুৰ্নিতি নিৰ্মুল কৰি আছো । গতিকে সকলোৱে কোকৰাঝাৰত মিত্ৰজোটৰ প্ৰাৰ্থী প্ৰমিলা ৰানী ব্ৰহ্ম আৰু বৰপেটা লোকসভা সমষ্টীত মিত্ৰজোটৰ প্ৰাৰ্থী কুমাৰ দিপক দাসক ভোট দিয়াৰ আহ্বান জনায় । সভাত ৰাজ্যসভাৰ সাংসদ বিশ্বজিত দৈমাৰী আৰু বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়েও ভাষনত সাংসদ নৱ শৰনীয়া আৰু ইউ পি পি এল দলক সমালোচনা কৰি প্ৰমিলা ৰানী ব্ৰহ্মৰ হৈ ভোট বিচাৰে । 

byte : CM

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ।

Conclusion:গতিকে সকলোৱে কোকৰাঝাৰত মিত্ৰজোটৰ প্ৰাৰ্থী প্ৰমিলা ৰানী ব্ৰহ্ম আৰু বৰপেটা লোকসভা সমষ্টীত মিত্ৰজোটৰ প্ৰাৰ্থী কুমাৰ দিপক দাসক ভোট দিয়াৰ আহ্বান জনায় । সভাত ৰাজ্যসভাৰ সাংসদ বিশ্বজিত দৈমাৰী আৰু বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়েও ভাষনত সাংসদ নৱ শৰনীয়া আৰু ইউ পি পি এল দলক সমালোচনা কৰি প্ৰমিলা ৰানী ব্ৰহ্মৰ হৈ ভোট বিচাৰে । 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.