ETV Bharat / elections

কলগাছিয়াত এ.আই.ইউ.ডি.এফ.ৰ মূখ্য নিৰ্বাচনী কাৰ্যালয় উদ্বোধন - ধিঙৰ বিধায়ক আমিনুল ইছলাম

কলগাছিয়াত ধিঙৰ বিধায়ক আমিনুল ইছলামে এ.আই.ইউ.ডি.এফ.ৰ মূখ্য নিৰ্বাচনী কাৰ্যালয় উদ্বোধন কৰে

এ.আই.ইউ.ডি.এফ.ৰ মূখ্য নিৰ্বাচনী কাৰ্যালয় উদ্বোধন
author img

By

Published : Apr 10, 2019, 11:52 AM IST

বৰপেটা, ১০ এপ্ৰিলঃ "অসমৰ জাতিক লৈ কোনো কাজিয়া নচলিব"-এই মন্তব্য ধিঙৰ বিধায়ক আমিনুল ইছলামৰ । মঙলবাৰে কলগাছিয়াত অনুষ্ঠিত হোৱা এ.আই.ডি.এফ.ৰ মূখ্য নিৰ্বাচনী কাৰ্যালয় উদ্বোধনী অনুষ্ঠানত ধিঙৰ বিধায়ক আমিনুল ইছলাম উপস্থিত হৈ বিশ্বনাথত সংঘটিত হোৱা অমানৱীয় ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দি ১২ ঘন্টাৰ ভিতৰত দোষীক কৰায়ত্ত কৰি শাস্তি প্ৰদানৰ দাবী কৰে । লগতে, যদি এই ঘটনাৰ লগত জড়িত ব্যক্তিক কৰায়ত্ত কৰিব নোৱাৰে তেন্তে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক গৃহমন্ত্ৰী পদৰ পৰাও পদত্যাগ কৰিবলৈও দাবী জনাই। ইছলামে অসমত কোনো গো-গাহৰিক লৈ কাজিয়া নচলিব বুলি মত প্ৰকাশ কৰি কয় অসমত হিন্দু-মুছলিমৰ ঐক্যবদ্ধ সম্পৰ্ক আছে ।

এ.আই.ইউ.ডি.এফ.ৰ মূখ্য নিৰ্বাচনী কাৰ্যালয় উদ্বোধন

উল্লেখযোগ্য যে কলগাছিয়াত অনুষ্ঠিত হোৱা নিৰ্বাচনী কাৰ্যালয় উদ্বোধনী অনুষ্ঠানত আমিনুলে মোদী চৰকাৰক তীব্ৰ সমালোচনা কৰে । আমিনুলে কয় যে চৰকাৰে দুখীয়া শ্ৰেণীৰ বাবে অন্ন-বস্ত্ৰ-বাসস্থানৰ সুবিধা কৰিব পৰা নাই । আনহাতে, অসমৰ নিৱনুৱা সমস্যা সমাধান কৰিব নোৱাৰা চৰকাৰে বিদেশৰ পৰা বাংলাদেশী আনি সমস্যা বৃদ্ধি কৰিবলৈ ওলাইছে বুলিহে উল্লেখ কৰে ।

Slug: A_BAR_19APRIL_801TO804_BLAST_OF_ MLA_AMINUL_ISSLAM_VIS+BITE_BAPKAN_DAS

ধিঙৰ বিধায়ক আমিনুল ইছলামৰ বিস্ফোৰণ। ধুবৰী আৰু বৰপেটাৰ কংগ্ৰেছৰ প্ৰাৰ্থীৰ টিকটৰ বাবে হিমন্ত বিশ্ব শৰ্মাই খৰছ কৰিছে ৮ কোটি টকা ৷
বৰপেটা ১০ এপ্ৰিল : ধিঙৰ বিধায়ক আমিনুল ইছলামৰ বিস্ফোৰণ। ধুবৰী আৰু বৰপেটাৰ কংগ্ৰেছৰ প্ৰাৰ্থীৰ টিকটৰ বাবে হিমন্ত বিশ্ব শৰ্মাই খৰছ কৰিছে ৮ কোটি টকা।

 হিমন্ত বিশ্ব শৰ্মাৰ আনুগত্য সদস্য এতিয়াও AICC কংগ্ৰেছত আছে । হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছৰ পৰা BJP ত গুচি গলেও এতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মাৰ আঙুলিৰ ঠাৰত AICC নাচে । দাদা ব্ৰিগেডৰ প্ৰাৰ্থী আব্দুল খালেক আৰু আবু তাহেৰ বেপাৰীৰ টিকটৰ বাবে হিমন্ত বিশ্ব শৰ্মাৰ ৮ কোটি টকা খৰচ হৈছে । কংগ্ৰেছত BJP ৰ B Team থকা বুলি তৰুণ গগৈয়েও স্বীকাৰ কৰিছে । কংগ্ৰেছে AIUDF ৰ লগত মিলা - মিলিকৈ প্ৰাৰ্থী দিয়াৰ কথাকৈ উজনিৰ মনোনয়ন শেষ হোৱাৰ পিছত নামনিত  AIUDF ৰ লগত বেইমানী কৰিলে । নামনিত কংগ্ৰেছৰ প্ৰাৰ্থী দিয়াৰ লক্ষ্য  AIUDF ক শেষ কৰি BJP ক জিকিবলৈ দিয়া " । কলগাছিয়াত  মঙ্গলবাৰ  সন্ধিয়া AIUDF ৰ মূখ্য নিৰ্বাচনী কাৰ্যালয় উদ্বোধনী অনুষ্ঠানত  ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামে এইদৰে বক্তব্য ৰাখে । বৰপেটাৰ AIUDF ৰ প্ৰাৰ্থী ডক্টৰ হাফিজ ৰফিকুল ইছলামে মোদী চৰকাৰক তুলাধূনা দি CAB ৰ বিৰুদ্ধে অসমৰ জনগনক ভোট দান কৰিবলৈ আহব্বান জনায় । বিশ্বনাথত সংঘটিত অমানবীয় কাণ্ডৰ তীব্ৰ নিন্দা জনাই  ১২ ঘন্টাৰ ভিতৰত দোষীক কৰায়ত্ব  কৰিব নোৱাৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক গৃহমন্ত্ৰীৰ পৰা পদত্যাগ কৰিবলৈ দাবী জনায় ।

বাইট:  ৰফিকুল ইছলাম আৰু  আমিনুল হক

--- বাপকন দাস, বৰপেটা                                        
  ফুটেজ আৰু বাইট ftpত পঠোৱা হৈছে ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.