গোৱালপাৰা,২১ এপ্ৰিল : দেওবাৰে অন্ত পৰে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান । এই প্ৰচাৰ অভিযানৰ সমাপ্তিৰ দিনা গোৱালপাৰাত হাই প্ৰফাইল নেতাৰ দুখনকৈ প্ৰচাৰ সভা অনুষ্ঠিত হয় । গোৱালপাৰাৰ লক্ষীপুৰত এ.ইউডিএফৰ সভাপতি মৌলানা বদৰুদ্দিন আজমলে অংশগ্ৰহণ কৰে এখন বিশাল জনসভাত । আনহাতে, গোৱালপাৰাৰ চুনাৰী বজাৰত আয়োজিত এক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক আফতাবুদ্দিন মোল্লাই । সভাত আফতাবুদ্দিন মোল্লাই কয় যদি ভাৰতত বিজেপি চৰকাৰ হয়, তেন্তে প্ৰতিজন মুছলমানক বিজেপি চৰকাৰে আধা কিলোগ্ৰামকৈ গাহৰিৰ মাংস খোৱাব । গতিকে মুছলমানসকল সন্মানেৰে জীয়াই থাকিবলৈ হ'লে কংগ্ৰেছ দলৰ প্ৰাৰ্থীক ভোট দিব লাগিব বুলি মন্তব্য কৰে । ইফালে, গোৱালপাৰাৰ লক্ষীপুৰত এ.ইউ.ডি.এফৰ সভাপতি মৌলানা বদৰুদ্দিন আজমলে এখন বিশাল নিৰ্বাচনী সভাত সমালোচনা কৰে কংগ্ৰেছ আৰু অগপ-বিজেপিৰ মিত্ৰজোঁটক ।
একেদৰে বিধায়ক আব্দুৰ ৰছিদ মণ্ডলে কয় মৌলানা বদৰুদ্দিন আজমলৰ সাম্প্ৰদায়িক ভাষণৰ বাবে অসমত বিজেপি চৰকাৰ হ'ল । ৰছিদে অসমৰ বিত্ত তথা গড়কাপ্তানি মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ শ্ৰুতলিপি মতে মৌলানা বদৰুদ্দিন আজমলে চলে বুলি মন্তব্য কৰি মুছলমানৰ স্বাৰ্থতে বদৰুদ্দিন আজমলে কংগ্ৰেছ দলত যোগদান কৰা উচিত বুলি মন্তব্য কৰে । আকৌ,একেখন সভাতে যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী সুশান্ত বৰগোঁহাইয়ে কয় কংগ্ৰেছ দলত থাকিব নোৱাৰা সকলে বিজেপি দললৈ যায় । সভাত বৰগোঁহাইয়ে কয়-" আমি ধৰ্মৰ নামত ৰাজনীতি নকৰো, আমি ৰাজনীতি কৰো মানুহৰ কাম-কাজৰ বাবে " । একমাত্ৰ কংগ্ৰেছে মুছলমান সকলক সুৰক্ষা দি আহিছে বুলি মন্তব্য কৰে । ইফালে এই সভাতে বিৰোধী দলৰ দলপতি দেবব্ৰত শইকীয়াই কয় "দেশ তথা সংবিধান ৰক্ষা আৰু মুছলমানৰ স্বাৰ্থতে কংগ্ৰেছ দলক ভোট দিয়া উচিত" আৰু ২০১৪ চনত বিজেপি দলে যিবোৰ প্ৰতিশ্ৰুতি দিছিল, সেই প্ৰতিশ্ৰুতিবোৰ পালন নকৰিলে। গতিকে বিজেপি দলে ইয়াৰ জবাব দিব লাগিব বুলি মন্তব্য কৰে দেবব্ৰত শইকীয়াই ।