বৰপেটাৰোড,18এপ্ৰিল: বৃহস্পতিবাৰে 5 নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ বৰপেটাৰোডৰ ছামঠাইবাৰীত ইউ পি পিএলৰ প্ৰাৰ্থী উৰ্খাও গৌৰাৰ সমৰ্থনত অনুষ্ঠিত হোৱা এক নিৰ্বাচনী জনসভাত এবছুৰ সভাপতি প্ৰমোদ বড়োই হাগ্ৰামা মহিলাৰীক আক্ৰমণৰ লক্ষ্য কৰি লয় । নিৰ্বাচনী সভাত প্ৰমোদ বড়োই বিটিএডি এলেকাত কোনো উন্নয়নেই হোৱা নাই বুলি অভিযোগ উত্থাপন কৰে । তেওঁ হাগ্ৰামা মহিলাৰীয়ে ৰাইজৰ টকা আত্মসাৎ কৰি হেলিকপ্টাৰত ঘুৰিছে বুলি অভিযোগ উত্থাপন কৰে । ৰাইজে বিপিএফৰ ১৭ বছৰীয়া অপশাসনৰ এতিয়া পৰিবৰ্তন বিচাৰিছে বুলি কয় প্ৰমোদ বড়োৱে।
প্ৰমোদ বড়োৰ অভিযোগ-সাধাৰণ ৰাইজ তথা কৃষকৰ কোনো লাভ হোৱা নাই, বিটিএডিৰ দৰিদ্ৰ মানুহৰ বাবে কোনো আচঁনি নাই, নিবনুৱা সমস্যা, মহিলা সকলৰ সমস্যা, কৃষকৰ সমস্যা, অৰ্থনৈতিক ভাবে মহিলা সকল কেনেকৈ স্বাৱলম্বী হ'ব তাৰ কোনো আচঁনি নাই ৷ মাত্ৰ মহিলাসকলৰ বাবে এক তোলা সোণ দিয়াৰ আচঁনিৰে চৰকাৰে ভোট লোৱাৰ চেষ্টা কৰা বুলি কয় বড়োৱে ৷
এবছু সভাপতি প্ৰমোদ বড়োৱে বৰ্তমানৰ সাংসদ নৱ কুমাৰ শৰণীয়াকো তীব্ৰ সমালোচনা কৰি কয় নৱ কুমাৰ শৰণীয়াই বিগত পাচঁ বছৰত সংসদত কোনো বক্তব্যই প্ৰদান কৰিব পৰা নাই । লগতে শৰণীয়াৰ কোনো ভাষা জ্ঞান নাই বুলিও উল্লেখ কৰে তেওঁ ।এই সভাত প্ৰমোদ বড়োৰ লগত কেইবাজনো এআইইউডিএফ ৰ নেতা-কৰ্মীয়েও অংশ গ্ৰহণ কৰে ।