ETV Bharat / elections

বিজেপিৰ সৈতে আনুষ্ঠানিক মিত্ৰতা হোৱা নাই ইউপিপিএলৰ: প্ৰমোদ বড়ো - মিত্ৰতা

মুছলপুৰৰ বৰবৰীত মঙলবাৰে ইউপিপিএল দলৰ কাৰ্যনিৰ্বাহক সভাৰ আয়োজন ৷ সভাত বিটিচিৰ প্ৰতিটো সমষ্টিতে সমাগত নিৰ্বাচনত প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ কথা উল্লেখ কৰাৰ লগতে ইউপিপিএল-বিজেপিৰ মিত্ৰতা সন্দৰ্ভত মন্তব্য কৰে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে ৷

pramod boro
প্ৰমোদ বড়ো
author img

By

Published : Feb 9, 2021, 11:02 PM IST

বাক্সা,9 ফেব্ৰুৱাৰী : বাক্সা জিলাৰ মুছলপুৰৰ বৰবৰীত মঙলবাৰে অনুষ্ঠিত হোৱা ইউপিপিএল দলৰ কাৰ্যনিৰ্বাহক সভাত উপস্থিত থাকে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো ৷ সভাত উপস্থিত থাকি বিটিচিৰ প্ৰতিটো সমষ্টিতে সমাগত নিৰ্বাচনত প্ৰাৰ্থী প্ৰক্ষেপ কৰা হ’ব বুলি মন্তব্য কৰে মুখ্য কাৰ্যবাহী সদস্য গৰাকীয়ে ৷

উল্লেখ্য যে, ৰাজ্যৰ সমাগত বিধানসভা নিৰ্বাচনক লৈ তঙালি বান্ধিছে ইউপিপিএল দলে ৷ বিটিচিত পৰিষদ গঠন কৰাৰ পাচত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হয় দলটোৰ কাৰ্যনিৰ্বাহক সভা ৷

প্ৰমোদ বড়ো

দলটোৰ সভাপতি তথা বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত দলটোৰ চাৰিখন জিলাৰ কৰ্মকৰ্তাসকলে নিৰ্বাচন সম্পৰ্কে বিষদভাৱে আলোচনা কৰে ৷ সভাপতি প্ৰমোদ বড়োৱে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে, ইউপিপিএল দলটোক সাংগঠনিক দিশত অধিক শক্তিশালী কৰাৰ লগতে সমাগত নিৰ্বাচনত দলটোৱে কিদৰে অংশ ল’ব সেই বিষয়ে সভাত আলোচনা কৰা হয় ৷

ইয়াৰোপৰি, প্ৰমোদ বড়োৱে বিটিচিৰ অন্তৰ্গত 12 টা সমষ্টিৰ লগতে বিটিচিৰ বাহিৰতো প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ বাবে দলটোৰ পৰ্যাপ্ত প্ৰাৰ্থী আছে বুলি জানিবলৈ দিয়ে ৷ অৱশ্যে মিত্ৰ দল বিজেপিৰ সৈতে কিদৰে আসনৰ বুজাবুজি কৰিব, সেয়া এৰাই চলি বিজেপিৰ সৈতে এতিয়াও আনুষ্ঠানিকভাৱে মিত্ৰতা হোৱা নাই বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে সভাপতি প্ৰমোদ বড়োৱে ৷

লগতে পঢ়ক : অংগনবাড়ী কৰ্মীক লৈ অসহায় স্বীকাৰোক্তি মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.