ETV Bharat / elections

নলবাৰীত বাজিছে অজাপৰ ৰণডংকা

author img

By

Published : Feb 18, 2021, 8:55 AM IST

বুধবাৰে নলবাৰী সমষ্টিৰ অসম জাতীয় পৰিষদৰ ১২ নং দতৰা আঞ্চলিক সমিতিৰ পূৰ্ণাংগ সভাখন স্থানীয় ৰাইজৰ উপস্থিতিত নাৰপাৰা দুৰ্গা মন্দিৰ প্ৰাংগণত অনুষ্ঠিত হয় ৷ ঘনশ্যাম কলিতাই সভাপতিত্ব কৰা এই সভাত নিৰ্বাচন সন্দৰ্ভত আলোচনা কৰা হয় ৷ এই সভাতে বিজেপি আৰু কংগ্ৰেছৰ বহুকেইজন সদস্যই যোগদান কৰে অসম জাতীয় পৰিষদত ৷

নলবাৰীত বাজিছে অজাপৰ ৰণডংকা
নলবাৰীত বাজিছে অজাপৰ ৰণডংকা

নলবাৰী,18 ফেব্ৰুৱাৰীঃ সমাগত অসম বিধানসভাৰ নিৰ্বাচন ৷ 2021 ৰ নিৰ্বাচনক লৈ তৎপৰতা বাঢ়িছে ৰাজনৈতিক দলসমূহৰ মাজত ৷ কি বিজেপি, কি কংগ্ৰেছ, কি ন কৈ গঠন হোৱা অসম জাতীয় পৰিষদ নাইবা কি ৰাইজৰ দল অথবা অন্যান্য দলসমূহ ৷ সকলো এতিয়া ব্যস্ত নিৰ্বাচনী প্ৰচাৰ চলোৱাত ৷ বুধবাৰে নলবাৰী সমষ্টিৰ অসম জাতীয় পৰিষদৰ ১২ নং দতৰা আঞ্চলিক সমিতিৰ পূৰ্ণাংগ সভাখন স্থানীয় ৰাইজৰ উপস্থিতিত নাৰপাৰা দুৰ্গামন্দিৰ প্ৰাংগণত অনুষ্ঠিত কৰা হয় ৷ সভাত সভাপতিত্ব কৰে বিশিষ্ট ব্যক্তি তথা সমাজকৰ্মী ঘনশ্যাম কলিতাই ৷ এই সভাতেই আগন্তুক নিৰ্বাচনী সন্দৰ্ভত কৰা হয় আলোচনা ৷ আনকি এই সভাতে বুধবাৰে বিজেপি আৰু কংগ্ৰেছৰ বহুকেইজন সদস্যই যোগদান কৰে অসম জাতীয় পৰিষদত ৷

নলবাৰীত বাজিছে অজাপৰ ৰণডংকা
নলবাৰীত বাজিছে অজাপৰ ৰণডংকা

এই সভাতে নলবাৰী জিলা অসম জাতীয় পৰিষদৰ সভাপতি নগেন ডেকা উপস্থিত থাকি মন্তব্য কৰে যে, বৰ্তমান শাষনাধীষ্ঠ বিজেপি মিত্ৰজোঁটৰ চৰকাৰখনে বিগত পাঁচ বছৰত অসমবাসীক কি দিলে তাৰ হিচাপ সমাগত নিৰ্বাচনত অসমৰ ৰাইজে তেওঁলোকক সুদে-মূলে ঘূৰাই দিবলৈ বদ্ধপৰিকৰ হৈছে ৷ বিগত পাঁচ বছৰত এই চৰকাৰখনে কেৱল মাত্ৰ অসমবাসীক চৰম বঞ্চনা আৰু প্ৰতাৰণাহে কৰিলে ৷ জাতি-মাটি-ভেঁটি আৰু শৰাইঘাটৰ শেষ ৰণ বুলি কৈ আৱেগৰ ঢলত অসমীয়াক উটুৱাই শাসনৰ গাদী দখল কৰিছিল ৷ অসমৰ নিচিনা ৰাজ্যত এসময়ৰ আঞ্চলিক দল অগপৰ নেগুৰত ধৰি নিৰ্বাচনী ৰণ বৈতৰণী পাৰ হোৱাৰ লগতে সেই আঞ্চলিক দলটোক সম্পূৰ্ণৰূপে নিঃশেষ কৰিলে ৷ সাম্প্ৰতিক সময়ৰ পৰিপ্ৰেক্ষিতত সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত গঠন হোৱা অসম জাতীয় পৰিষদক ৰাইজে জনোৱা মৰম আৰু সঁহাৰিৰ প্ৰতি লক্ষ্য ৰাখি ২০২১ চনৰ নিৰ্বাচনত এখন ঐক্যবদ্ধ আঞ্চলিক দলৰ চৰকাৰ গঠন কৰি অসমখনক ৰাষ্ট্ৰীয়তাবাদী দলৰ কুটিল ষড়যন্ত্ৰৰ পৰা ৰক্ষা কৰিব লাগিব ৷ আনকি সমবেত ৰাইজক দলে-বলে ওলাই আহি আঞ্চলিক দলটোক সঁহাৰি জনোৱাৰ বাবে আহ্বান জনাই অসম জাতীয় পৰিষদৰ নলবাৰী জিলাৰ সভাপতি গৰাকীয়ে ৷

নলবাৰীত বাজিছে অজাপৰ ৰণডংকা
নলবাৰীত বাজিছে অজাপৰ ৰণডংকা

বুধবাৰৰ এই সভাতে বিজেপি আৰু কংগ্ৰেছ দলৰ পৰা প্ৰায় ২৫ জনীয়া দল এটাই অসম জাতীয় পৰিষদত আনুষ্ঠানিকভাৱে যোগদান কৰে ৷ এই সভাত উপস্থিত থাকে দলটোৰ নলবাৰী জিলা সমিতিৰ সাধাৰণ সম্পাদক শৰৎ কলিতা, বিত্ত সম্পাদক হাডিছুজ জামান, সাংগঠনিক সম্পাদক আচুল হক চৌধুৰী, মহেশ্বৰ কলিতা, লক্ষী দৈমাৰী, তথ্য-প্ৰযুক্তি সম্পাদক হিতেশ মজুমদাৰ, কাৰ্যালয় সম্পাদক কৰুণা হালৈ, জাতীয় কৃষক শক্তিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰাতুল ৰঞ্জন চৌধুৰী, কেন্দ্ৰীয় কাৰ্য নিৰ্বাহক মাধৱ ডেকা, জাতীয় শ্ৰমিক শক্তিৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক নৱাব ইকৰাম হুছেইন, কেন্দ্ৰীয় কাৰ্য নিৰ্বাহক কমলেশ্বৰ ভূঞাসহ বিভিন্ন নেতা-কৰ্মীসকল ৷

নলবাৰীত বাজিছে অজাপৰ ৰণডংকা
নলবাৰীত বাজিছে অজাপৰ ৰণডংকা

লগতে পঢ়কঃ হোজাইত বিষাক্ত বুট মগু খাই অসুস্থ একে গাঁৱৰে 35 গৰাকী লোক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.