ETV Bharat / crime

দেৰগাঁৱত আৰক্ষীৰ জালত নাৰী দেহ ব্যৱসায়ৰ বৃহৎ চক্ৰ - আৰক্ষীয়ে মাৰাথান জেৰা

ৰাজ্যত প্ৰতিদিনে বিভিন্ন ধৰণৰ অসামাজিক কাৰ্যকলাপ সংঘটিত হ’বলৈ ধৰিছে ৷ আৰক্ষীৰ জালত পৰিছে অপৰাধৰ সৈতে জড়িত বহুজন ৷ ইতিমধ্যে ৰাজ্যজুৰি অপৰাধ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আৰক্ষী কঠোৰ হৈছে যদিও সম্পূৰ্ণৰূপে নিৰ্মূল হোৱা নাই এই অপৰাধ সমূহ ৷

দেৰগাঁৱত আৰক্ষীৰ জালত নাৰী দেহ ব্যৱসায়ৰ বৃহৎ চক্ৰ

author img

By

Published : Aug 17, 2021, 6:28 PM IST

Updated : Aug 17, 2021, 6:55 PM IST

দেৰগাঁও, 17 আগষ্ট : দিনক দিনে ৰাজ্যত নাৰী দেহৰ অবৈধ বেহা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত নাৰী দেহ ব্যৱসায়ৰ চক্ৰৰ লগত জড়িত ব্যক্তিক আটক কৰিবলৈও সক্ষম হৈছে অসম আৰক্ষী ৷ কিন্তু তাৰমাজতো আজিও বিভিন্ন প্ৰান্তত আৰক্ষীৰ চকুত ধূলি দি একাংশই চলাই গৈছে নাৰী দেহৰ অবৈধ বেহা ৷

মঙলবাৰে দেৰগাঁও আৰক্ষীৰ জালত পৰিছে এটা বৃহৎ নাৰী দেহৰ লগত জড়িত চক্ৰ ৷ ঘটনা অনুসৰি দেৰগাঁও চহৰৰ কাষৰে চকীয়াল গাঁৱৰ এটা ভাৰাঘৰত বহু দিনৰে পৰা নাৰী দেহ ব্যৱসায় চলি থকাৰ খবৰ গোপন সূত্ৰযোগে লাভ কৰিছিল আৰক্ষীয়ে ৷ ঘটনাৰ বিষয়ে জানিব পাৰি আৰক্ষীয়ে অভিযান চলাই এই চক্ৰৰ লগত জড়িত দুগৰাকী মহিলা আৰু দুজন যুৱকক আটক কৰিবলৈ সক্ষম হয় ৷

দেৰগাঁৱত আৰক্ষীৰ জালত নাৰী দেহ ব্যৱসায়ৰ বৃহৎ চক্ৰ

জানিবপৰা মতে, এই চক্ৰটোৱে প্ৰথমতে কোনো ব্যক্তিক প্ৰলোভিত কৰি যুৱতীৰ লগত শাৰীৰিক সৰ্ম্পকত লিপ্ত কৰায় ৷ তাৰপাছতে জালত পেলাই চক্ৰটোৱে পুৰুষ সকলক ৷ হানি ট্ৰেপিঙ কৰি ধন দাবী কৰে শাৰীৰিক সৰ্ম্পক কৰা পুৰুষ সকলক ৷ বাধ্যত পৰি পুৰুষ সকলেও টকা দিবলৈ বাধ্য হয় নাৰী দেহ ব্যৱসায়ৰ লগত জড়িত চক্ৰটোক ৷

লগতে পঢ়ক: APSC কেলেংকাৰী : পুনৰ পাঁচগৰাকী বিষয়ালৈ জাননী ন্যায়াধীশ শৰ্মা আয়োগৰ

অৱশেষত মঙলবাৰে আৰক্ষীয়ে গোপন সূত্ৰৰ পৰা খবৰ লাভ কৰি অভিযান চলাই এই চক্ৰটোক উৎখাত কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীয়ে অভিযান চলাই দুগৰাকী মহিলাসহ দুজন যুৱকক আটক কৰে ৷ ইপিনে 322/21 নম্বৰত এটা গোচৰ ৰুজু কৰি আৰক্ষীয়ে চাৰিওগৰাকীকে আদালতত হাজিৰ কৰোৱাই ৷

আৰক্ষীয়ে আদালত হাজিৰ কৰোৱাৰ পাচত পুনৰ চাৰিওকে অধিক তদন্তৰ খাতিৰত নিজৰ জিম্মাত লৈছে বুলি জানিব পৰা গৈছে ৷ সম্প্ৰতি এই চাৰিও গৰাকীকে আৰক্ষীয়ে মাৰাথন জেৰা অব্যাহত ৰাখিছে দেৰগাঁও থানাত ৷ আনহাতে এই চক্ৰটোৰ লগত জড়িত আন কেইবাজনো লোক আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা আছে বুলি উল্লেখ কৰিছে আৰক্ষীয়ে ৷

এই সমূহ ঘটনাই ৰাজ্যত কি হাৰত নাৰী দেহ ব্যৱসায় চলি আছে তাক উদঙাই দিছে ৷ মহিলাসকলে এনেধৰণৰ অসামাজিক কামত লিপ্ত হোৱা বিষয়টো সম্প্ৰতি অতি উদ্বেগজনক হৈ পৰা দেখা গৈছে ৷

লগতে পঢ়কঃ কিছু শিথিলতাৰে ক'ভিড সম্পৰ্কীয় নতুন নীতি-নিৰ্দেশনা প্ৰকাশ

Last Updated : Aug 17, 2021, 6:55 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.