গুৱাহাটী,22 জুনঃ ক'ভিড কেন্দ্ৰীক ভয়াৱহ পৰিস্থিতিৰ মাজতে দুষ্ট চক্ৰই চলাই গৈছে দেশী-বিদেশী সুৰাৰ অবৈধ বেহা । ইয়াৰ বিপৰীতে অসম আৰক্ষী (Assam Police)য়ে চলাই গৈছে তীব্ৰতৰ অভিযান ৷ ইফালে আৰক্ষী অধীক্ষক সকলৰ নেতৃত্বত চলা অভিযানত বিভিন্ন জিলাৰ পৰা কোটি -কোটি টকাৰ ড্ৰাগছ (Drugs)জব্দ কৰাৰ লগতে আৰক্ষীৰ জালত পৰিছে বহুকেইজন ড্ৰাগছ (Drugs) মাফিয়া ৷
সমান্তৰালকৈ গুৱাহাটী মহানগৰীতো (Guwahati City) ড্ৰাগছ সৰবৰাহৰ তথা অবৈধ দেশী-বিদেশী সুৰাৰ বিৰুদ্ধে আৰক্ষী আৰু আৱকাৰী বিভাগেও (Excise Department) চলাই গৈছে এটাৰ পিচত আন এটা অভিযান ৷ এনে অবৈধ বেহা বন্ধ কৰিবলৈ আৱকাৰী বিভাগৰ কামৰূপ মহানগৰ জিলাৰ আৱকাৰী অধীক্ষক মানৱী দাসৰ নেতৃত্বত গুৱাহাটী সদৰ আৱকাৰীৰ এটা দলে গুৱাহাটী (Guwahati) মহানগৰীৰ ফটাশিল আমবাৰী আৰু আমিনগাঁও বজাৰত এক অভিযান চলায় ।
উক্ত অভিযানটোত আৱকাৰী বিভাগ (Excise)ৰ সূত্ৰই সদৰি কৰা তথ্য অনুসৰি ফটাশিল আমবাৰীৰ হৰিজন কলনীত চলোৱা অভিযানত প্ৰায় 50 লিটাৰ চুলাই জব্দ কৰে । একেদৰে আমিনগাঁও বজাৰতো 22 কার্টুন বিভিন্ন ব্ৰেণ্ডৰ বিদেশী সুৰা আৰু বিয়েৰ জব্দ কৰে অভিযানকাৰী দলটোৱে।
আনহাতে,অভিযানকাৰী দলটোৱে ফটাশিলৰ পৰা এজন আৰু আমিনগাঁৱত দুজন মুঠ তিনিজন অবৈধ সুৰা সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে। ধৃত তিনিওজন সৰবৰাহকাৰীক কামৰূপ মহানগৰ জিলা (Kamrup District)ৰ মুখ্য দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱাত আদালতে সৰবৰাহকাৰী কেইটাক জেলহাজোতলৈ প্ৰেৰণ কৰে।
ইফালে অভিযানকাৰী দলটোৱে বিৰুবাৰীৰ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ সমীপত অভিযান চলাই ৫ কাৰ্টুন বিভিন্ন ব্ৰেণ্ডৰ বিদেশী সুৰাসহ এজন সৰবৰাহকাৰীক গ্ৰপ্তাৰ কৰিবলৈ সক্ষম হৈছিল আৰক্ষীয়ে।
ঠিক একেদৰে, নগাঁও জিলাৰ ভিন্ন প্ৰান্তত প্ৰতিদিনে ড্ৰাগছ (Drugs)ৰ ঘাটি উৎখাত কৰাৰ লগতে ড্ৰাগছ সৰবৰাহকাৰী (Drugs Peddler)ক আটক কৰি আছে আৰক্ষীয়ে ৷ অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত ইতিমধ্যে পুৰুষৰ লগতে বহু মহিলা ড্ৰাগছ সৰবৰাহকাৰী আৰু ড্ৰাগছ আসক্ত আটক হ’বলৈ সক্ষম হৈছে ৷ নগাঁও জিলাৰ খাটোৱালৰ গেৰুৱাৰ লেংতা বজাৰৰ পৰা আটক হৈছে দুজনকৈ ড্ৰাগছ সৰবৰাহকাৰী ৷
লগতে পঢ়ক-NIA ৰ বিশেষ আদালতত অখিল গগৈ