ETV Bharat / crime

ড্ৰাগছ সেৱনত বাধা দিয়াৰ বাবেই স্বামীয়ে দিলে তিনি তালাক - নিৰ্যাতিতা মহিলা

চৰকাৰে নিসিদ্ধ কৰা তিনি তালাক আইনক ভেঙুচালি ৷ ড্ৰাগছ সেৱনত বাধা দিয়াৰ বাবেই পত্নীক তিনি তালাক ৷ বটদ্ৰৱাৰ ধনীয়াভেটিৰ চৌৰাপাৰাত সংঘটিত হৈছে এই ঘটনা ৷

triple-talaq-given-to-wife-for-obstructing-drug-abuse
ড্ৰাগছ সেৱনত বাধা দিয়াৰ বাবেই স্বামীয়ে দিলে তিনি তালাক
author img

By

Published : May 29, 2021, 7:28 PM IST

চামগুৰি, 29 মে': কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে তিনি তালাক নিসিদ্ধ কৰিছে যদিও একাংশই এই আইনক ভেঙুচালি কৰি আহিছে । বটদ্ৰৱাৰ ধনীয়াভেটিৰ চৌৰাপাৰাত সংঘটিত হৈছে তিনি তালাকৰ ঘটনা । বচিৰ আহমেদ নামৰ লোকজনক ড্ৰাগছ সেৱনত বাধা দিয়াৰ বাবেই পত্নীক তিনি তালাক দিয়ে ।

নগাঁও জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ ড্ৰাগছ বিৰোধী অভিযান আৰু সজাগতাৰ বাবেই মহিলা গৰাকীয়ে নিজ স্বামীক ড্ৰাগছ সেৱনত বাধা প্ৰদান কৰে । ড্ৰাগছ সেৱনত পত্নীয়ে বাধা দিয়াৰ বাবেই বচিৰ আহমেদে মহিলা গৰাকীক শাৰীৰিক-মানসিক নির্যাতন কৰাৰ উপৰিও তিনি তালাকৰ দৰে নিন্দনীয় ঘটনা সংঘটিত কৰে । যাক লৈ সমগ্ৰ অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া ।

ড্ৰাগছ সেৱনত বাধা দিয়াৰ বাবেই স্বামীয়ে দিলে তিনি তালাক

ইফালে ঘটনা সন্দৰ্ভত মহিলা গৰাকীয়ে ইতিমধ্যে বটদ্ৰৱা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিও বটদ্ৰৱা আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই । সম্প্ৰতি মহিলা গৰাকী পিতৃ গৃহত থকা বুলি জানিব পৰা গৈছে ।

ফুল কুমলীয়া কন্যা সন্তানক কোলাত লৈ দুৰ্ভগীয়া মহিলা গৰাকীয়ে বটদ্ৰৱা আৰক্ষীক বাৰম্বাৰ অনুনয় বিনয় কৰিছে যদিও আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই । উপায়ন্তৰ হৈ নিৰ্যাতিতা মহিলা গৰাকীয়ে সংবাদ মাধ্যমৰ কাষ চাপি ন্যায়ৰ বাবে কাতৰ আহ্বান জনায় ।

লগতে পঢ়ক : গোলাঘাটত ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ অভিযান আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.