ETV Bharat / crime

ধন সংগ্ৰহৰ অভিযোগত পঞ্চায়ত সদস্যৰ বিৰুদ্ধে গোচৰ তৰিলে সচিবে

বৰপেটাত প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ হিতাধিকাৰীৰ পৰা পঞ্চায়ত সদস্যই ধন সংগ্ৰহ কৰাৰ অভিযোগ ৷ ইতিমধ্যে পঞ্চায়ত সদস্যজনৰ ধন সংগ্ৰহৰ বাতৰি সম্প্ৰচাৰিত হোৱাৰ পিছতেই সদস্যজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিলে পঞ্চায়ত সচিবগৰাকীয়ে ৷

author img

By

Published : Jul 20, 2021, 9:57 AM IST

Secretary files case against Panchayat member for money laundering charges
ধন সংগ্ৰহৰ অভিযোগত পঞ্চায়ত সদস্যৰ বিৰুদ্ধে গোচৰ তৰিলে সচিবে

জনীয়া, 20 জুলাই : বৰপেটা জিলাৰ ৰূপসী উন্নয়ন খণ্ডৰ (Rupsi Development Block) অন্তৰ্গত লাচাংগা গাঁও পঞ্চায়তৰ ৫ নং খণ্ডৰ সদস্য তাইজুদ্দিনে প্ৰধানমন্ত্ৰী আবাস যোজনাৰ হিতাধিকাৰীৰ পৰা বিভিন্ন ভয়-ভাবুকিৰে অবৈধভাৱে ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হয় । উক্ত পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰ তাইজুদ্দিনৰ বিৰুদ্ধে এই ধন সংগ্ৰহৰ উত্থাপিত হৈছে অভিযোগ ৷ ধন সংগ্ৰহৰ এটা বাতৰি প্ৰকাশৰ পিছতেই তৎপৰ হৈ পৰে পঞ্চায়তৰ সচিবৰ লগতে সদস্যসকল ৷ ইতিমধ্যে বিভাগীয় কৰ্তৃপক্ষৰ নিৰ্দেশ মৰ্মে উক্ত বিষয়টোৰ সন্দৰ্ভত পঞ্চায়তৰ সচিব হবিবৰ ৰহমানে চৰজমিন তদন্ত কৰে ৷

সচিবগৰাকীৰ তদন্তত উক্ত ধন সংগ্ৰহৰ বাতৰিটোৰ সত্যতা প্ৰমাণিত হয় ৷ ভূক্তভোগীসকলে সচিবগৰাকীৰ চৰজমিন তদন্তৰ সময়তো ৱাৰ্ড মেম্বাৰ তাইজুদ্দিনে উৎকোচ লোৱা বুলি স্বীকাৰ কৰে ৷ তদন্তৰ জৰিয়তে অভিযোগ সত্য প্ৰমাণিত হোৱাত খণ্ড উন্নয়ন বিষয়াৰ নিৰ্দেশ মতে অভিযুক্ত পঞ্চায়ত সদস্য তাইজুদ্দিনৰ বিৰুদ্ধে কলগাছিয়া আৰক্ষী থানাত (Kalgachiya Police Station) এখন এজাহাৰ দাখিল কৰে পঞ্চায়ত সচিব হবিবৰ ৰহমানে ৷

খণ্ড উন্নয়ন বিষয়াৰ (Block Development Officer) নিৰ্দেশ পোৱাৰ পিছতেই সোমবাৰে পঞ্চায়ত সদস্য তাইজুদ্দিনৰ বিৰুদ্ধে কলগাছিয়া আৰক্ষী থানাত (Kalgachiya Police Station) এজাহাৰ দাখিল কৰিবলৈ যায় যদিও ৰহস্যজনকভাৱে আৰক্ষী বিষয়াই এজাহাৰ গ্ৰহণ নকৰি পঞ্চায়ত সচিবগৰাকীক ঘূৰাই পঠায় বুলি সাংবাদিকক জানিবলৈ দিয়ে সচিব গৰাকীয়ে । কিন্তু তাৰ কিছু সময় পিছতে উৰ্ধতন কৰ্তৃপক্ষৰ হস্তক্ষেপত আৰক্ষীয়ে এজাহাৰ গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে ।

দীৰ্ঘ দিন ধৰি ৰূপসী খণ্ড উন্নয়নৰ অন্তৰ্গত এলেকাত দৰিদ্ৰ হিতাধিকাৰীসকলৰ নামত অহা প্ৰধানমন্ত্ৰী আবাস যোজনাৰ গৃহ পোৱাৰ নামত ব্যাপক কেলেংকাৰ সংঘটিত হৈ আহিছে বুলি বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পাই আহিছে ৷ উক্ত ঘটনাসমূহৰ বিৰুদ্ধে গৰজি উঠে স্থানীয় ৰাইজ ৷ অতিশীঘ্ৰে তদন্ত কৰি দোষীক উচিত শাস্তি প্ৰদানৰ দাবী জনাইছে স্থানীয় বিভিন্ন দল সংগঠনৰ উপৰিও হিতাধিকাৰীসকলে ৷ অৱশ্যে আৰক্ষীয়ে ইয়াৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষ্যণীয় ৷

লগতে পঢ়ক-নবোদয় বিদ্যালয়ৰ কাণ্ডত জড়িত 3 অভিযুক্তক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.