ETV Bharat / crime

অবৈধ সুৰাৰ বিৰুদ্ধে ৰহা আৰক্ষীৰ অভিযান - মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

অবৈধ সুৰাৰ বিৰুদ্ধে ৰহা আৰক্ষী ৷ মঙলবাৰে নিশা ৰহাৰ মধ্য টোপাকুচিৰ ৰণোজ পাটৰৰ ঘৰত ৰহা আৰক্ষীয়ে অভিযান চলায় জব্দ কৰে ১২৩ বটল অবৈধ ভাৱে বিক্ৰীৰ বাবে ৰখা বিলাসী সুৰা ৷ কিন্তু অভিযুক্ত ৰণোজ পাটৰ বৰ্তমান পলাতক অৱস্থাত আছে ৷

roha-police-expedition-against-illegal-liquor
অবৈধ সুৰাৰ বিৰুদ্ধে ৰহা আৰক্ষীৰ অভিযান
author img

By

Published : Jun 2, 2021, 9:37 AM IST

ৰহা, 2 জুন : মহামাৰী কৰ'ণাই ত্ৰাসৰ সৃষ্টি কৰি অহাৰ সময়তে ৰাজ্যৰ বিভিন্ন প্ৰান্তত উদ্ধাৰ হৈছে বৰবিহ ড্ৰাগছ । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশৰ পাছতে সক্ৰিয় হৈ পৰা আৰক্ষীয়ে ৰাজ্যজুৰি ড্ৰাগছকে ধৰি নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে অভিযান কৰি তুলিছে অধিক তীব্ৰতৰ । দৈনিক উদ্ধাৰ হৈছে বুজন পৰিমাণৰ ড্ৰাগছ আৰু অন্যান্য নিচাজাতীয় দ্ৰব্য । লগতে গ্ৰেপ্তাৰ হৈছে এই কলা সাম্ৰাজ্যৰ লগত জড়িত ড্ৰাগছ মাফিয়া তথা সৰবৰাহকাৰী ।

roha-police-expedition-against-illegal-liquor
অবৈধ সুৰাৰ বিৰুদ্ধে ৰহা আৰক্ষীৰ অভিযান

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে ৰহাতো নিচাযুক্ত মাদক দ্ৰব্যৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে ৰহা আৰক্ষীয়ে ৷ মঙলবাৰে নিশা ৰহাৰ মধ্য টোপাকুচিৰ ৰণোজ পাটৰৰ ঘৰত ৰহা আৰক্ষীয়ে অভিযান চলাই অবৈধ ভাৱে বিক্ৰীৰ বাবে মজুত কৰি ৰখা ১২৩ বটল বিলাসী সুৰাৰ বটল জব্দ কৰে । অৱশ্যে আৰক্ষীৰ অভিযানৰ আগতীয়া উমান পাই নিশাৰ আন্ধাৰৰ সুযোগ লৈ ৰণোজ পাটৰ ঘটনাস্থলীৰ পৰা পলাই সাৰে ।

আনহাতে আমচৈত আমচৈ আৰক্ষী চকীৰ সহকাৰী উপ-পৰিদৰ্শক দুলাল বৰাৰ নেতৃত্বত যোৱা আৰক্ষীৰ আন এক দলে আমচৈৰ বিভিন্ন অঞ্চলত অভিযান চলাই কেইবাটাও দেশীয় সুৰাৰ ঘাটি উচ্ছেদ কৰে ।
লগতে পঢ়ক : গুৱাহাটীৰ অলিয়ে-গলিয়ে বৰবিহ ড্ৰাগছৰ বেহা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.