ETV Bharat / crime

কাৰাগাৰত চলিছে 'গহনালয়'; দহটকীয়া মুদ্ৰাৰ পৰা কয়দীয়ে গঢ়িছে আঙুঠি-কাণফুলি - কাৰ্বি আংলং জিলা

অসমৰ কাৰাগাৰে কাৰাগাৰে এতিয়া চলিছে অলংকাৰ নিৰ্মাণৰ কাম । কাৰাগাৰ নহয় যেন একোখন গহনালয় । এই কামেৰে আকৌ চলিছে ভাৰতীয় মুদ্ৰা ধ্বংসৰ অভিযান ।

কাৰাগাৰত চলিছে 'গহনালয়' দহটকীয়া মূদ্ৰা ধ্বংস কৰি কয়েদীয়ে গঢ়িছে আঙুঠি-কানফুলি

author img

By

Published : Sep 10, 2021, 7:00 PM IST

গুৱাহাটী, ১০ ছেপ্তেম্বৰ : অসমৰ বিভিন্ন জিলাত থকা জিলা কাৰাগাৰৰ ভিতৰচ’ৰাত সংশ্লিষ্ট বিভাগ, আৰক্ষী আনকি সাধাৰণ প্ৰশাসনে গম নোপোৱাকৈ বা বহু সময়ত একাংশ আমোলা বিষয়াৰ সমৰ্থনতে চলি‌ থাকে কেতবোৰ ভয়াৱহ অপৰাধ । এনে বহু অপৰাধ আৰু সমাজ বিৰোধী কাৰ্যকলাপৰ কথা সময়ে সময়ে পোহৰলৈ আহে ।

কাৰাগাৰত চলিছে 'গহনালয়'; দহটকীয়া মুদ্ৰাৰ পৰা কয়দীয়ে গঢ়িছে আঙুঠি-কাণফুলি

কিন্তু শেহতীয়াকৈ তেনে কাৰ্যকলাপৰ সকলো অভিলেখ ভাঙি পোহৰলৈ আহিছে ৰাজ্যৰ একাংশ কাৰাগাৰৰ ভিতৰত চলি থকা 'গহনালয়'ৰ কথা । কাৰাগাৰৰ ভিতৰত ভালে সংখ্যক কয়দী জড়িত হৈ পৰা এই অলংকাৰ নিৰ্মাণ আৰু বিক্ৰীৰ কাৰ্যত প্ৰতিদিনে ধ্বংস কৰা‌ হেজাৰ হেজাৰ টকাৰ ভাৰতীয় মুদ্ৰা ।

ৰাজ্যৰ কাৰ্বি আংলং জিলাৰ ডিফু কাৰাগাৰ, মৰিগাঁও কাৰাগাৰ, নগাঁও কাৰাগাৰকে মুখ্য কৰি কেইবাখনো কাৰাগাৰৰ লগত জড়িত এক সূত্ৰৰ মতে জিলা পৰ্যায়ৰ এনে কাৰাগাৰ সমূহৰ কয়েদী সকলক দীৰ্ঘ দিনৰ পৰা ভাৰতীয় টকাৰ দহ টকীয়া মুদ্ৰা সমুহ ভাঙি নষ্ট কৰি তাত থকা পিতল আৰু আন ধাতুৰে আঙুঠি, কাণফুলি আদি‌ তৈয়াৰ কৰাৰ কামত নিয়োজিত কৰা হৈছে ।

সূত্ৰ টোৰ মতে, কাৰাগাৰৰ জেইলাৰ, ৱাৰ্ডেন আৰু আন আন কৰ্মচাৰীৰ চকুৰ সন্মুখতে চলি আছে এই অনৈতিক কাম । সূত্ৰটোৱে আঙুলিয়াই দিয়া মতে, পুৱাৰ ভাগতে কাৰাগাৰৰ মূল দ্বাৰত আহি এই কামৰ লগত জড়িত কিছুমান লোকে দহ টকীয়া মুদ্ৰাৰ টোপোলা আনি কয়দীৰ হাতত তুলি দিয়ে আৰু আগদিনাতে বনাই থোৱা আঙুঠি আৰু কাণফুলিবোৰ লৈ যায় । সূত্ৰটোৰ মতে সুন্দৰকৈ বনোৱা সাধাৰণ আঙুঠিৰ মূল্য এশৰ পৰা ডেৰশ টকা আৰু ডিজাইন বা নামৰ প্ৰথম বৰ্ণ টো লিখি দিয়া বোৰৰ দাম তিনিশ পঞ্চাশ টকা পৰ্যন্ত ।

লগতে পঢ়কঃ বিশ্বনাথত উদ্ধাৰ নিমাতীঘাটত সন্ধানহীন হোৱা ইন্দ্ৰেশ্বৰ বৰাৰ বেগটো

নাম প্ৰকাশত অনিচ্ছুক এগৰাকী প্ৰাক্তন কাৰাবন্দীয়ে ইটিভিক জনোৱা মতে, জেইলত ভিতৰত যিহেতু কোনো কাম নাথাকে সেয়ে একোজন কয়েদীয়ে দহটকীয়া মুদ্ৰা ভাঙি তাৰ সোণালী অংশৰ ধাতুৰে দিনে পাঁচ-ছয়টা আঙুঠি তৈয়াৰ কৰিব পাৰে । তেওঁৰ মতে, জেইলত ভিতৰত থকা আৰু কাম কৰা বেছিভাগ মানুহৰ আঙুলিতে এই আঙঠি আছে ।‌‌ আমাৰ হাতত পৰা‌ খবৰ অনুসৰি কাৰ্বি আংলং জিলাৰ ডিফু কাৰাগাৰৰ একাংশ কয়দীৰ দ্বাৰা এই কাম কৰাই আছে কাৰাগাৰতে দীৰ্ঘদিন ধৰি থকা মিলন ফাংলোছা নামৰ এজন কয়দীয়ে ।

এই লোকজন এটা উগ্ৰপন্থী সংগঠনৰ স্থানীয় নেতা। এই লোকজন উল্লিখিত বে-আইনী কামত জড়িত বুলি জানিও কাৰাগাৰ কৰ্তৃপক্ষই গোটেই বিষয়টোত হাত উজান দি অহাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । উল্লেখযোগ্য যে, ভাৰতীয় টকাৰ মুদ্ৰাৰ সংৰক্ষণ আৰু ব্যৱহাৰৰ সকলো দিশ নিয়ন্ত্ৰিত হয় কেন্দ্ৰীয় চৰকাৰৰ 'কইনেজ এক্ট ২০১১' দ্বাৰা । এই আইনৰ দ্বাদশ ধাৰা অনুসৰি দেশত প্ৰচলিত যিকোনো মুদ্ৰা ধ্বংস কৰাটো এক অপৰাধ ।

এই কাৰ্যৰ লগত জড়িত হৈ থাকে মুদ্ৰাৰ মূল্য' আৰু 'মান' ৰ কথা । আনহাতে ব্যাপক পৰ্যায়ত যদি মুদ্ৰা বিনষ্টকৰণ কাৰ্য চলি থাকে তেতিয়া হলে ই মুদ্ৰাস্ফিতীৰো কাৰকত পৰিণত হ'ব পাৰে । কিন্তু এই কথাবোৰ আইনত লিখা থকাৰ পিছতো কাৰাগাৰ কৰ্তৃপক্ষ, বিশেষকৈ কাৰাগাৰ মহানিৰ্দেশকৰ কাৰ্যালয়ে কাৰাগাৰৰ চাৰিবেৰৰ মাজত বছৰৰ পিছত বছৰ ধৰি চলি থকা বে-আইনী কাৰ্য নীৰৱে চাই আছে আৰু উৎসাহিত কৰিছে ।

মনকৰিবলগীয়া যে মূলতঃ দহটকীয়া মুদ্ৰা ধ্বংস কৰি ৰাজ্যৰ কাৰাগাৰত চলি থকা 'গহনালয়'ৰ সন্দৰ্ভত এক অনুসন্ধান হ'লেই ইয়াৰ লাভৰ অংশীদাৰ কোন কোন সেয়া স্পষ্ট হৈ পৰিব বুলিও সূত্ৰ টোৱে আঙুলিয়াই দিছে ।

লগতে পঢ়কঃ আকৰ্ষণীয় হৈছে তামুলপুৰ সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰেক্ষাপট

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.