হোজাই, 17 ডিচেম্বৰ : নীৰৱ মোডী, বিজয় মালিয়াতকৈ কোনো গুণে কম নহয় লামডিঙৰ ‘নায়ক’ ৷ ১৬৯ কোটিৰ ঋণ লৈ পলায়ন কৰিলে নায়কে ৷ আপুনি হয়তো ভাবিছে বেংকৰ পৰা এইদৰে শ-শ কোটি টকা লৈ পলায়ন কৰাজন কিদৰে নায়ক হ’ব ! কামে কাজেটো তেওঁক খলনায়ক যেনহে লাগিছে ৷ প্ৰকৃততে বেংকৰ পৰা বৃহৎ পৰিমাণৰ ঋণ লৈ এইদৰে অন্তৰ্ধান হোৱা লোকজনৰ নাম হৈছে অনন্ত চৰন নায়ক ৷
বেংকৰ ঋণ লৈ পলায়ন কৰা নায়কক বিচাৰি নাপাই সম্প্ৰতি বেংক কৰ্তৃপক্ষই তেওঁৰ ঘৰত লগাইছে তলা । নায়কৰ এই ঘটনাই এতিয়া তোলপাৰ লগাইছে লামডিঙত ৷ উল্লেখ্য যে, যি সময়ত সমগ্ৰ দেশ অৰ্থনৈতিকভাৱে কোঙা হৈ পৰিছে, তেনে এক সময়ত লামডিং এছ বি আই বেংকে ৰে’লৱেৰ বিয়াগোম ঠিকাদাৰ অনন্ত চৰন নায়কক এইদৰে বৃহৎ পৰিমানৰ ঋণ দি বিপাঙত পৰিছে (Railway contractor escapes with huge SBI debt) ৷
ঘটনা অনুসৰি, Nayak Infrastructure Pvt. Ltdৰ স্বত্বাধিকাৰ অনন্ত চৰন নায়ক নামৰ ৰে’লৱে ঠিকাদাৰজনক ষ্টেট বেংক অৱ ইণ্ডিয়াৰ লামডিঙ শাখাই ১০০ কোটি ৬৯ লাখ টকাৰ ধন ঋণলৈ দিছিল ৷
কিন্তু অগাধ সম্পত্তিৰ মালিক অনন্ত চৰন নায়কে(Anant Charan Nayak) এই ঋণ পৰিশোধ নকৰি অন্তৰ্ধান হৈ পৰে ৷ বেংকৰ বৃহৎ পৰিমানৰ ধন পৰিশোধ নকৰাত শুকুৰবাৰে হোজাই জিলাৰ দণ্ডাধীশৰ উপস্থিতিত গুৱাহাটীৰ পৰা অহা ষ্টেট বেংক অৱ ইণ্ডিয়াৰ কৰ্তৃপক্ষই নায়কৰ দুটাকৈ অট্ৰালিকা ছীল মোহৰ মাৰি বাজেয়াপ্ত কৰে ৷ লগতে নায়কৰ সম্পত্তি সমূহো জব্দ কৰে বেংক কৰ্তৃপক্ষই ৷ জানিব পৰা মতে, অভিযুক্ত নায়কে লামডিঙৰ লগতে শিলচৰ গুৱাহাটী আদিতো গঢ়ি তুলিছিল বিশাল সম্পত্তি ৷ সম্প্ৰতি বেংক কৰ্তৃপক্ষই নায়কৰ সকলো স্থাৱৰ সম্পত্তি বাজেয়াপ্ত কৰিব বুলি জানিব পৰা গৈছে ।
লগতে পঢ়ক : ক’লা ল’ৰাৰ মৃত্যুৰ পিছতেই শেষ হৈ গ’ল নেকি অনিমেষৰ নিগ্ৰহৰ ন্যায়ৰ প্ৰসংগ ?